Logo
image

পূৰ্বেও এনে হৈছিল! প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থৰ ভাষ্যত উদ্বেগ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৭ মে’: গুৱাহাটী জল ব’ৰ্ডৰ পানী যোগান প্ৰকল্পৰ জলবিস্ফোৰণৰ ঘটনাক লৈ মহানগৰবাসীৰ সমান্তৰালভাৱে উদ্বিগ্ন হৈ পৰিছে প্ৰাক্তন মন্ত্ৰী তথা বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য৷ জাইকাৰ অৰ্থসাহাৰ্যৰে নিৰ্মীয়মান দক্ষিণ মধ্য গুৱাহাটী পানী যোগান প্ৰকল্পৰ পৰা ভৱিষ্যতেও ভয়ংকৰ অঘটনৰ আশংকা ব্যক্ত কৰিছে গুৱাহাটী উন্নয়ন দপ্তৰৰ প্ৰাক্তন মন্ত্ৰীজনে৷ বৃহস্পতিবাৰে খাৰঘূলিত জাইকা প্ৰকল্পৰ পাইপত জলবিস্ফোৰণৰ ফলত এগৰাকী মহিলাৰ প্ৰাণ কাঢ়ি নিয়া আৰু কুৰিৰো অধিক বাসগৃহত ধবংসলীলা চলোৱা ঘটনাৰ বাবে পানী যোগান প্ৰকল্পৰে জড়িত সংশ্লিষ্ট কৰ্তৃপক্ষই প্ৰধান দায়ী বুলিও ক্ষোভ ব্যক্ত কৰিছে বিধায়কজনে৷ জলবিস্ফোৰণৰ ঘটনাটোক কতৃৰ্পক্ষৰ অপৰাধজনিত গাফিলতি বুলি অভিহিত কৰি ইয়াৰ বাবে ক্ষতিপূৰণ আদায় দিয়াৰ বাবেও চৰকাৰখনকো সকীয়াই দায়িত্বশীল বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই৷ আনকি গুৱাহাটী খোৱাপানী যোগান প্ৰকল্পত পূৰ্বেও জলবিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ বাৰে বাৰে এনে ঘটনাই স্থানীয় লোকৰ জীৱন-সম্পত্তিৰ প্ৰতি ভাবুকি নমাই অনা বিষয়টো উনুকীয়াই দি শুকুৰবাৰে ক্ষতি অঞ্চল পৰিদৰ্শনৰ সময়ত বিধায়ক ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত কয়– জলবিস্ফোৰণৰ ঘটনাটোৰ তদন্ত হোৱা উচিত৷ অভিযন্তা নহ’লেও এটা কথা ক’ব পাৰি যে নিঃসন্দেহে পানী যোগান প্ৰকল্পটোৰ নিৰ্মাণত গাফিলতি আছে৷ গুৱাহাটী পানী যোগান প্ৰকল্পৰ জলবিস্ফোৰণৰ এইটো দ্বিতীয়টো ঘটনা৷ ইয়াৰ পূৰ্বেও বিগত বৰ্ষত এই প্ৰকল্পটোৰ নামনি অংশত আন এটা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল৷ তাৰ পাছতো সংশ্লিষ্ট কৰ্তৃপক্ষ সজাগ হোৱা নাই৷ এই ঘটনাটোৰ পৰা সংশ্লিষ্ট কৰ্তৃপক্ষই শিক্ষা লোৱা উচিত৷ কিয়নো অমিয় নগৰত ইয়াতকৈ ডাঙৰ ৰিজাৰ্ভাৰ আছে৷ সেই অঞ্চলত পানী পৰিবাহী পাইপসমূহ পথৰ কাষেৰে গৈছে৷ সেই স্থানত যদিহে এনে জলবিস্ফোৰণ হয়, তেনেহ’লে ওচৰৰ সকলো মানুহ, ঘৰ-দুৱাৰ উটুৱাই নিব৷ বৃহস্পতিবাৰৰ ঘটনাটো অভাৱনীয় ঘটনা৷ নিঃসন্দেহে এই ঘটনাত ক্ৰমিনেল নেগলিজেন্স আছে৷ কাৰোবাৰ অপৰাধজনিত গাফিলতিৰ বাবে যদি এই ঘটনা সংঘটিত হৈছে, তেনেহ’লে আইনৰ দৃষ্টিত ইয়াৰ বাবে ক্ষতিপূৰণ পাব লাগিব৷ ইয়াৰ উপৰি মানসিক ক্ষয়-ক্ষতিৰ বাবেও ক্ষতিপূৰণ পাব লাগিব৷ অৱশ্যে জিলা প্ৰশাসনে তাৎক্ষণিকভাৱে পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে৷