Logo
image

নিযুক্তি-পত্ৰ লৈ ঘৰলৈ ওভতাৰ পাছতে দুৰ্ঘটনাত মৃত্যু উজ্জ্বলৰ

‘আমাৰ অসম’ৰ মঙলদৈৰ প্ৰতিবেদক,২৭ মে’: দৰং জিলাৰ বৰদৌলগুৰিত শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭ বজাত এখন বাইক আৰু ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এজন যুৱকৰ ঘটনাস্থলীতে মৃত্যু হয়৷ জানিব পৰা মতে, গুৱাহাটীৰ সহকাৰী কৰ আয়ুক্তৰ কাৰ্যালয়ত তৃতীয় বৰ্গৰ পদত নিযুক্তি-পত্ৰ লাভ কৰা বৰদৌলগুৰিৰ কবেইচুবাৰ নৱ নাথৰ একমাত্ৰ পুত্ৰ উজ্জ্বল নাথে (২৬) তেওঁৰ এজন বন্ধুৰ সৈতে মঙলদৈৰ পৰা এ এছ ০১ বি আৰ ৩৬৮৯নম্বৰৰ বাইকেৰে গৃহাভিমুখে গৈ থাকোঁতে বিপৰীত দিশৰ পৰা আহি থকা ডব্লিউ বি ২৩ চি ১১৬১ নম্বৰৰ ট্ৰাকখনে মহটিয়াই নিয়াৰ ফলত যুৱকজনৰ ঘটনাস্থলীতে মৃত্যু হয়৷ অতি দৰিদ্ৰ পৰিয়ালৰ যুৱকজনে চাকৰি লাভ কৰাত ঘৰখনত আনন্দৰ বন্যা বৈছিল যদিও চাকৰিত যোগদান কৰাৰ পূৰ্বে এনেদৰে অকাল মৃত্যুক সাবটি ল’ব লগা হোৱাত অঞ্চলটোতেই শোকৰ ছাঁ পৰিছে৷ ঘটনা সংঘটিত হোৱাৰ পাছত স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে আৰু এঘণ্টাতকৈও অধিক সময় পথ অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে৷ পাছত আৰক্ষী আৰু জিলা প্ৰশাসনৰ সহযোগত পথটো যাতায়াতৰ বাবে মুকলি কৰি দিয়া হয়৷