Logo
image

২৮ মে’ৰ পৰা আছুৰ মাধ্যম আন্দোলন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ মে’: অসম চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ জনাই সদৌ অসম ছাত্ৰ সন্থাই ২৮ মে’ৰ পৰা এমাহজোৰা আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে৷ ছাত্ৰ সন্থাৰ নেতৃত্বই শুকুৰবাৰে গুৱাহাটীৰ শ্বহীদ ন্যাসত এখন সংবাদমেল আয়োজন কৰি ঘোষণা কৰে এমাহজোৰা মাধ্যম আন্দোলনৰ কাৰ্যসূচী৷ ছাত্ৰ সন্থাই এই বিষয়টোত অসম চৰকাৰক দীৰ্ঘদিন ধৰি আহ্বান আৰু দাবী জনাই আহিছে৷ কিন্তু চৰকাৰে আকোঁৰগোজ মনোভাবেৰে বড়ো আৰু মাতৃভাষা মাধ্যমক ধবংসৰ মুখলৈ ঠেলি দিছে৷ এনে পৰিস্থিতিত মাতৃভাষা ৰক্ষাৰ বাবে অহিংস, গণতান্ত্ৰিক আন্দোলনৰ বিকল্প নাই৷ অসমত অসমীয়া, বড়ো আৰু সকলো জনগোষ্ঠীৰ ভাষা আৰু মাধ্যমৰ স্বাৰ্থ সুৰক্ষিত হ’বই লাগিব৷ সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ ২১ মে’ত অনুষ্ঠিত সভাই এই সিদ্ধান্ত গ্ৰহণ কৰি কয়- অসম চৰকাৰে প্ৰথমে তৃতীয় শ্ৰেণীৰ পৰা আৰু এতিয়া ষষ্ঠ শ্ৰেণীৰ পৰা মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই সিদ্ধান্ত অদূৰদৰ্শী আৰু অবিজ্ঞানসন্মত৷ এই সিদ্ধান্তই অসমীয়া, বড়ো আৰু মাতৃভাষা মাধ্যমক ধবংসৰ মুখলৈ ঠেলি দিব৷ অসম চৰকাৰৰ এই সিদ্ধান্ত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰিপন্থী৷ অসমত অসমীয়া ভাষা আৰু অসমীয়া মাধ্যম, বড়ো ভাষা আৰু বড়ো মাধ্যম তথা জনগোষ্ঠীয় ভাষা আৰু জনগোষ্ঠীয় মাধ্যমৰ উত্তৰণৰ এটা পটভূমি আছে৷ ইংৰাজৰ দিনত ৩৭ বছৰ অসমত অসমীয়া ভাষা নোহোৱা কৰিছিল৷ আনন্দৰাম ঢেকিয়াল ফুকন, গুনাভিৰাম বৰুৱা, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ নেতৃত্বত অসমীয়া ভাষাই মৰ্যাদা ঘূৰাই পালে৷ পাছলৈ আনন্দচন্দ্ৰ আগৰৱালা, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামীৰ নেতৃত্বত জোনাকী যুগত অসমীয়া ভাষাই প্ৰসাৰ লাভ কৰিলে৷ ১৯৬০ চনত ভাষা আন্দোলন আৰু ১৯৭২ চনৰ মাধ্যম আন্দোলন অসমীয়া ভাষা আৰু অসমীয়া মাধ্যম ৰক্ষাৰ মাইলৰ খঁুটি৷ অনুৰূপ ভাবে বড়ো ভাষা আৰু বড়ো মাধ্যম ৰক্ষাৰ্থে আন্দোলন হৈছিল৷  আন আন জনগোষ্ঠীয় ভাষা আৰু মাধ্যমৰ উত্তৰণৰ একোটা সংগ্ৰামী ইতিহাস আছে৷ অসম চৰকাৰে এই পটভূমি আৰু ইতিহাসক অশ্ৰদ্ধা কৰিলে নচলিব৷ দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে মাতৃভাষা আৰু মাতৃভাষা মাধ্যমৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে মুকলি আহ৩ান জনাই আহিছে৷ আনকি মেডিকেল আৰু ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমো মাতৃভাষাত প্ৰৱৰ্তনৰ পোষকতা কৰিছে৷ ঠায়ে ঠাৰে এনে পাঠ্যক্ৰম উন্মোচন কৰিছে৷ শেহতীয়াকৈ বিশ্ববিদ্যালয় অনুদান আয়োগে স্নাতকোত্তৰ স্তৰলৈ মাতৃভাষাত অধ্যয়ন আৰু মাতৃভাষাত পৰীক্ষা দিব পৰাকৈ প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ ভাৰতবৰ্ষৰ সকলো বিশ্ববিদ্যালয় উপাচাৰ্যলৈ লিখিতভাৱে আহ্বান জনাইছে৷ তাৰ বিপৰীতে অসম চৰকাৰে ষষ্ঠ শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াবলৈ গ্ৰহণ কৰা সিদ্ধান্ত পৰস্পৰ বিৰোধী৷ অসম চৰকাৰে সমান্তৰালভাৱে চৰকাৰী খণ্ডৰ মাতৃভাষা মাধ্যমৰ বহু বিদ্যালয় কেন্দ্ৰীয় ব’ৰ্ডৰ অধীনত ইংৰাজী মাধ্যমলৈ ৰূপান্তৰ কৰিবলৈ জাননী জাৰি কৰিছে৷ অসমত মাতৃভ মাধ্যম আৰু ৰাজ্যিক বোৰ্ডক নিঃশেষ কৰাৰ ই অন্য এক ষড়যন্ত্ৰ৷ ছাত্ৰ সন্থাই বাৰম্বাৰ অসম চৰকাৰক দাবী জনাই আহিছে যে- অসম চৰকাৰে মাধ্যম হাত নিদিব৷ অসমীয়া মাধ্যম, বড়ো মাধ্যম, মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰী সকলক ইংৰাজী ভাষাটো ভালকৈ শিকাওক৷ যাতে অসমীয়া মাধ্যম, বড়ো মাধ্যম, মাতৃভাষা মাধ্যমত শিক্ষাগ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলে সলসলীয়াকৈ ইংৰাজী ভাষাটো ক’ব পাৰে, ভালকৈ ইংৰাজী ভাষাটো লিখিব পাৰে৷  মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠান সমূহৰ আন্তঃগাঁথনি উন্নীত কৰি আধুনিক সা-সুবিধাৰে সজাই পৰাই তোলক৷ ছাত্ৰ সন্থাই ঘোষণা কৰা কাৰ্যসূচী মতে ২৮ মে’ত পৰৱৰ্তী পদক্ষেপ সম্পৰ্কত পৰামৰ্শ বিচাৰি অসমৰ শিক্ষক সংগঠন সমূহৰ সৈতে আলোচনা৷ ৩১ মে’ত  প্ৰতিখন আঞ্চলিকত ১০ ঘণ্টীয়া অনশন৷ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ এলেকাত পুৱা ৬ বজাৰ পৰা বিয়লি ৪ বজালৈ ১০ ঘণ্টীয়া অনশন কৰি প্ৰতিবাদ সাব্যস্ত কৰিব৷ ৬ জুনত গুৱাহাটীত গণ সত্যাগ্ৰহ৷ ৮ জুনৰ পৰা ১৪ জুনত আঞ্চলিকে আঞ্চলিকে জন সজাগতা কাৰ্যসূচী৷ সমগ্ৰ অসমত প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ এলেকাত জন সজাগতা কাৰ্যসূচী ৰূপায়ন কৰিব৷ নিজ নিজ এলেকাত শিক্ষক-শিক্ষয়িত্ৰী, বিশিষ্ট নাগৰিক, মহিলা, ৰাজহুৱা অনুষ্ঠান, মহিলা সমিতিকে ধৰি বিভিন্ন অনুষ্ঠানৰ সৈতে যোগাযোগ কৰি প্ৰচাৰ পত্ৰ বিতৰণ কৰি জনমত গঠন কৰিব৷ ১৫ জুনত জিলাৰ সদৰত বিক্ষোভ৷ সমগ্ৰ অসমত প্ৰতিখন জিলাৰ সদৰত বিক্ষোভ প্ৰদৰ্শন কৰা হ’ব৷ ২৪ জুনত চাইকেল শোভাযাত্ৰা৷ প্ৰতিখন মহকুমা ছাত্ৰ সন্থাই নিজ নিজ এলেকাত চাইকেল শোভাযাত্ৰা কৰিব৷ ২৭ জুনত গুৱাহাটীত শৈক্ষিক সভা৷ অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষাবিদৰ পৰামৰ্শ বিচাৰি ‘মাতৃভাষা মাধ্যমঃ প্ৰত্যাশা আৰু প্ৰত্যাহ্বান’ শীৰ্ষক শৈক্ষিক সভা অনুষ্ঠিত হ’ব৷ বিভিন্ন সংগঠনৰ সৈতে আলোচনাঃ এমাহ কাৰ্যসূচীৰ সময়ছোৱাত বিভিন্ন জনগোষ্ঠীয় সংগঠন, জনগোষ্ঠীয় সাহিত্য সভা আৰু বিভিন্ন জাতীয় সংগঠনৰ সৈতে পৰামৰ্শ বিচাৰি আলোচনা সভা অনুষ্ঠিত হ’ব৷ অসম সাহিত্য সভা, এবছু-বড়ো সাহিত্য সভাৰ সৈতে আলোচনা এমাহ কাৰ্যসূচীৰ সময়ছোৱাত পৰৱৰ্তী কাৰ্যসূচী নিৰূপণৰ বাবে অসম সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভাৰ সৈতে আলোচনা কৰা হ’ব৷ ৫ জুনত বিশ্ব পৰিৱেশ দিৱস৷ প্ৰতি বছৰৰ দৰে ৫ জুনত ৰাজ্যজুৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হ’ব৷ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ এলেকাৰ মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠান আৰু ৰাজহুৱা স্থানত ন্যূনতম ২০ জোপাকৈ গছপুলি ৰোপণ কৰিব৷ শিক্ষানুষ্ঠানত ফল-মূলৰ গছ ৰোপণত গুৰুত্ব দিব৷ ১০ জুনত ছাত্ৰ সংহতি দিবস৷ ১০ জুনত প্ৰতি বছৰৰ দৰে ৰাজ্যজুৰি ছাত্ৰ সংহতি দিবস পালন কৰা হ’ব৷ ১৯৭৪ চনৰ খাদ্য আৰু অৰ্থনৈতিক আন্দোলনৰ শ্বহীদ গজেন ইংতি আৰু পুতুল শইকীয়ালৈ শ্ৰদ্ধাঞ্জলি জনাই প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই ছাত্ৰ সংহতি দিবস পালন অভিভাবকত্বত চন্দ্ৰপুৰত অনুষ্ঠিত হ’ব৷ কৰিব৷ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱসৰ অনুষ্ঠানটি সদৌ কামৰূপ (মহানগৰ) জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু চন্দ্ৰপুৰবাসী ৰাইজৰ৷ ২০ জুনত বিষ্ণু ৰাভা দিৱস৷ প্ৰতিবছৰৰ দৰে ২০ জুনত ৰাজ্যজুৰি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাস্তাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বিষ্ণুৰাভা দিৱস পালন কৰা হ’ব৷ ছাত্ৰ সন্থাৰ বিভিন্ন গোটে কাৰ্যসূচী গ্ৰহণ কৰিব৷ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অনুষ্ঠানটি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু তেজপুৰবাসী ৰাইজৰ অভিভাবকত্বত তেজপুৰত অনুষ্ঠিত হ’ব৷ সংবাদমেলত ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যই কয়–হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে মাতৃভাষা বিৰোধী সিদ্ধান্ত লৈ আছে৷ আমি কেইবাবাৰো মাতৃভাষা বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছো, আহ্বান জনাইছোঁ কিন্তু চৰকাৰখনৰ গা লৰা নাই৷ চৰকাৰৰ হঠকাৰী সিদ্ধান্ত সলনি কৰিবলৈ আমি আন্দোলনৰ পথ ল’বলৈ বাধ্য হৈছোঁ৷ চৰকাৰখনে আমাক ধাৰাবাহিক আন্দোলনৰ পিনে ঠেলি দিছে৷ ছাত্ৰ সন্থাই আন্দোলনৰ নামত আন্দোলন নকৰে৷ আমি বিচাৰিছিলো আলোচনাৰ মাধ্যমেৰে সমস্যাটোৰ সমাধান হওঁক৷ ষষ্ঠ শ্ৰেণীৰ পৰা বিজ্ঞান-গণিত ইংৰাজীত কৰি বিদ্যালয়ে বিদ্যালয়ে বিতৰণ কৰাৰ পাছত আমি অনুভৱ কৰিছো এতিয়া আন্দোলনৰ বিকল্প নাই৷ এইখন চৰকাৰৰ ওচৰত গণতান্ত্ৰিক চিন্তাৰ স্থান নাই৷ গণতান্ত্ৰিক সত্বাক চৰকাৰখনে ভৰিৰে মোহাৰি পেলাইছে৷ চৰকাৰৰে মাধ্যমত হাত দিব নালাগে৷ আমাৰ চৰকাৰলৈ সকীয়নি–আপোনালোকে মাধ্যমত হাত নিদিব৷ যদি অসমৰ ল’ৰা-ছোৱালীয়ে ইংৰাজী ভাষাটো ভালদৰে জনাটো বিচাৰে তেনেহ’লে ইংৰাজী ভাষাটো ভালদৰে শিকোৱাৰ ব্যৱস্থা কৰক৷ বিদ্যালয়সমূহৰ আন্তগাঠনি উন্নত কৰি আধুনিক সা-সুবিধাৰে সজাই তোলক৷ অসম বিজ্ঞান সমিতিয়ে কৈছে ষষ্ঠ শ্ৰেণীৰ পৰা বিজ্ঞান-গণিত ইংৰাজী মাধ্যমত শিকাবলৈ লোৱাটো চূড়ান্ত আহ্বান অবিজ্ঞানসন্মত চিন্তা৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহে মাতৃভাষাত উচ্ছ শিক্ষাৰ পোষকতা কৰিছে৷ বিশ্ববিদ্যালয় অনুদান আয়োগে ইতিমধ্যে এই সন্দৰ্ভত জাননী জাৰি কৰিছে৷ তাৰ পাছত অসম চৰকাৰৰ মাতৃ ভাষা বিৰোধী সিদ্ধান্ত–এয়া হ’ব নোৱাৰে৷ সংবাদমেলত ভাগলৈ ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই কয়–হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অসমীয়া তথা আন মাতৃভাষা মাধ্যমৰ বিদ্যালয় ধবংস কৰিবলৈ ষষ্ঠ শ্ৰেণীৰ পৰা গণিত-বিজ্ঞান ইংৰাজীত পঢ়ুওৱাৰ পদক্ষেপ লৈছে৷ কেইবাখনো আগশাৰীৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ত জোৰ কৰি ইংৰাজী মাধ্যম জাপি দিব বিচৰা হৈছে৷ মাধ্যমকলৈ হেতালি নেখেলিব৷ ইতিহাসক উলাই কৰিবলৈ দিয়া নহ’ব৷ অসমীয়া ভাষাক টেটুচেপি ধৰিব লৈ দিয়া নহ’ব৷ সংবাদ মেলত ভাগ লৈ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়–চৰকাৰখনৰ যে মাতৃ ভাষাৰ প্ৰতি কোনো দায়বদ্ধতা নাই, মাতৃ ভাষাক ভাল নাপায় সেয়া স্পষ্ট৷ যি মানুহে মাতৃভাষাক ভাল নাপায় মাতৃ ভূমি বা মাতৃকো ভাল নাপায়৷ চৰকাৰখনৰ ৰাজ্যিক বোৰ্ডৰ প্ৰতি সদ্ভাৱ নাই৷ আইৰ মুখৰ মাত বন্ধ কৰিব বিচৰা হৈছে৷ আন্দোলনৰ কাৰ্যসূচী ল’লেই চৰকাৰে ১৪৪ ধাৰা জাৰি কৰে৷ আমাৰ প্ৰত্যাহ৩ান আপোনালোকে গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি হওঁক৷