Logo
image

জলবিস্ফোৰণৰ তদন্ত, পানীযোগান বন্ধ

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক ২৭ মে’: দহ বছৰৰেও কাম কৰি গুৱাহাটীবাসীক এটুপি বিশুদ্ধ খোৱাপানী দিবলৈ অপৰাগ জলব’ৰ্ডৰ জল বিস্ফোৰণৰ ঘটনাই জোকাৰিছে দিল্লী-দিছুপৰ৷ গুৱাহাটীৰ খাৰঘুলিত জাইকাৰ পাইপফাটি হোৱা জল বিস্ফোৰণৰ ফলত এগৰাকী মহিলা মৃত্যুমুখত পৰাৰ উপৰি আঠজনলোক গুৰুতৰভাৱে আহত হোৱাৰ পাছতহে যেন গা লৰিছে ৰাজ্য চৰকাৰৰ৷ উক্ত ঘটনা সন্দৰ্ভত মুঠ এটা পৰ্যায়ত তদন্ত ঘোষণা কৰিছে ৰাজ্য চৰকাৰে৷ উক্ত ঘটনাৰ ফলত মৃত্যুমুখত পৰা মহিলা সুমিত্ৰা দাস ৰাভাৰ নিকটাত্মীয়ক ৩ লাখ টকাৰ সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ পূৰ্বে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৩ লাখ টকা প্ৰদানৰ কথা ঘোষণা কৰিছিল৷ উল্লেখ্য, জাইকাৰ জল বিস্ফোৰণে অমানিশা নমাই আনিছে খাৰখুলিৰ ৪০ টা পৰিয়ালৰ মাজত৷ নিমিষতে আপোন ঘৰখন হেৰুৱাই ৪০ টা পৰিয়ালৰ শেষ আশ্ৰয় হৈ পৰিছে জয়পুৰ প্ৰাথমিক বিদ্যালয়৷ কামৰূপ মহানগৰ জিলা প্ৰশাসনে জয়পুৰ প্ৰাথমিক বিদ্যালয়ত অস্থায়ী শিবিৰ স্থাপন কৰি ভুক্তভোগী লোক সকলক আশ্ৰয় প্ৰদান কৰিছে৷ বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালে খাৰঘূলিত উপস্থিত হৈ ভুক্তভোগী পৰিয়ালৰ অৱস্থাৰ বুজ লৈ তেওঁলোকৰ থকা খোৱাৰ তৎকালে ব্যৱস্থা কৰি দিয়ে৷ ইয়াৰ পাছত মন্ত্ৰীজনে পানী পাইপ বিস্ফোৰণ ঘটাস্থলী পৰিদৰ্শন কৰি ঘটনাটো তদন্ত কৰিবলৈ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ কুমাৰ ঝা নিৰ্দেশ দিয়ে৷ তিনি দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ মন্ত্ৰী অশোক সিংঘালে উপায়ুক্তজনক নিৰ্দেশ দিয়ে৷ ইপিনে, শুকুৰবাৰে প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনাৰ মন্ত্ৰী যোগন মোহন খাৰঘুলিত উপস্থিত হৈ ভুক্তভোগী লোকৰ অৱস্থাৰ বুজ লয়৷ খাৰঘুলিৰ ৪০টা পৰিয়ালৰ ঘৰবাৰী পৰিদৰ্শন কৰি মন্ত্ৰী যোগনে মোহনে জল বিস্ফোৰণত নিহত হোৱা লোকৰ পৰিয়ালক  ২৪ ঘণ্টাৰ ভিতৰত ২ লাখ টকা আৰু আহত হোৱা লোকক ১০০ হাজাৰ টকাৰ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰে৷ ইয়াৰ পাছতেই অভিভাৱক মন্ত্ৰী অতুল বৰা খাৰঘুলিত উপস্থিত হৈ ভুক্তভোগী লোকৰ অৱস্থাৰ বুজ লৈ ৰাজ্য চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণক আশ্বাস প্ৰদান কৰে৷ বিৰোধী দলপতি দেবব্ৰত শইকীয়া আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ খাৰখুলিত উপস্থিত হৈ আহত-নিহত লোকৰ পৰিয়ালৰ অৱস্থাৰ বুজ লয়৷ চৰকাৰৰ ভুল নীতিৰ বাবেই খাৰঘুলিত জলবিস্ফোৰণ হোৱা বুলি বিধায়ক দেবব্ৰত শইকীয়া আৰু লুৰিণজ্যোতি শইকীয়াই অভিযোগ কৰি কয় যে ৰাজ্য চৰকাৰ ভুক্তভোগী পৰিয়ালক ক্ষতিপূৰণ দিব লাগিব৷ ইপিনে, জল ব’ৰ্ডৰ বিস্ফোৰণ ঘটা পানীৰ পাইপ যুদ্ধকালীন তৎপৰতাৰে মেৰামতি কৰি আছে৷ জল ব’ৰ্ড অভিযন্তা নিলোৎপল গোস্বামীৰ নেতৃত্বত পানী পাইপৰ মেৰামতি চলি আছে৷ পাইপডাল মেৰামতিৰ পাছত ইয়াৰ সুৰক্ষাৰ প্ৰতিবেদনৰ বাবে গুৱাহাটী আই আইটিৰ পৰা পৰামৰ্শ লোৱা হ’ব বুলি অভিযন্তা নিলোৎপল গোস্বামীয়ে ‘আমাৰ অসম’ৰ আগত উল্লেখ কৰে৷ বিস্ফোৰণ হোৱা পানীৰ পাইপ ডাল টেংকীত পানী জমা কৰিবলৈ ব্যৱহাৰ কৰা হয় বুলি উল্লেখ্য কৰি অভিযন্তাজনে কয় যে ৩-৪ দিনলৈ মহানগৰীত পানী যোগান বন্ধ থাকিব৷ উল্লেখ্য যে, জাইকাৰ জল বিস্ফোৰণৰ ফলত খাৰঘুলীৰ ৪০ টা পৰিয়ালৰ ঘৰ ধবংসস্তুপত পৰিণত হৈছে৷ ঘৰৰ সকলো সামগ্ৰী পানীয়ে উটুৱাই নিয়াত ভুক্তভোগী লোকসকলে কান্দোনত ভাগি পৰিছে৷ আশ্ৰয় শিবিৰৰ পৰা ভুক্তভোগীলোক সকলে নিজৰ ঘৰলৈ গৈ অৱস্থা দেখি শোকত ভাগি পৰিছে৷ ঘৰৰ অৱস্থা দেখি ভুক্তভোগী লোকসকলে ক’ত থাকিব কি কৰিব তাকলৈ দুঃশ্চিন্তাত ভুগিব লগা হৈছে৷ ইপিনে, মুখ্য মন্ত্ৰী পুঁজিৰ পৰা মৃতকৰ পৰিয়াললৈ ৩ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে৷ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ হাতত ৪০টা পৰিয়ালৰ সম্পত্তি ক্ষতিগ্ৰস্ত হোৱাৰ তথ্য হাতত আহি পৰিছে৷

উচ্ছ পৰ্যায়ৰ তদন্ত ঘোষণা, মৃতকৰ পৰিয়াললৈ এককালীন ক্ষতিপূৰণ

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা: গুৱাহাটীৰ খাৰঘুলিত সংঘটিত দুৰ্ভাগ্যজনক ঘটনাৰ উচ্ছ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে ৰাজ্য চৰকাৰে৷ উল্লেখ্য, মন্ত্ৰী অশোক সিংঘালে কালি সন্ধিয়া খাৰঘুলিৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি দুৰ্গতসকলক সাক্ষাৎ কৰাৰ সময়ত ঘটনাৰ উপযুক্ত তদন্তৰ ব্যৱস্থা কৰা হ’ব বুলি অৱগত কৰিছিল৷ সেই অনুসৰি জাইকা সাহায্যপ্ৰাপ্ত গুৱাহাটী পানীযোগান প্ৰকল্পৰ খাৰঘুলিস্থিত পানী পৰিশোধন প্ৰকল্পৰ পৰা ৰামচা হিল মূল জলাধাৰলৈ পানী কঢ়িয়াই নিয়া মূল পাইপলাইন ফাটি হোৱা জল বিস্ফোৰণৰ এই ঘটনাৰ অনুসন্ধানৰ বাবে ৰাজ্য চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগে শুকুৰবাৰে বিভাগৰ সচিব পৱিত্ৰ ৰাম খাউণ্ডৰ নেতৃত্বত এখন তিনিজনীয়া তদন্ত সমিতি গঠন কৰি দিছে৷ সমিতিৰ আন সদস্য দুগৰাকী হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অৱসৰপ্ৰাপ্ত সচিব ৰমেন সুন্দৰ চৌধুৰী আৰু জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা সঞ্জয় মহন্ত৷ ঘটনাৰ বিস্তৃত অনুসন্ধানৰ অন্তত অহা তিনিদিনৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিবলৈ সমিতিক নিৰ্দেশ দিয়া হৈছে৷ আনহাতে, কামৰূপ মহানগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষইও খাৰঘুলিৰ ঘটনাৰ নিজাববীয়া তদন্তৰ ব্যৱস্থা কৰিছে৷ এই উদ্দেশ্যে উপায়ুক্ত পল্লৱ গোপাল ঝাই জিলা দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষৰ মুখ্য কাৰ্যবাহী সদস্য অজিত কুমাৰ শৰ্মাক ঘটনাৰ যথোপযুক্ত তদন্ত কৰি পৰৱৰ্তী ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে৷ উল্লেখ্য, জিলা দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষৰ তৰফৰ পৰা ইতিমধ্যেই এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা মহিলাগৰাকীৰ নিকটাত্মীয়ক ২ লাখ টকাৰ এককালীন ক্ষতিপূৰণ প্ৰদানৰ কথা ঘোষণা কৰে৷ ইফালে জাইকা সাহায্যপ্ৰাপ্ত গুৱাহাটী পানীযোগান প্ৰকল্পৰ প্ৰকল্প ৰূপায়ণ গোটৰ অতিৰিক্ত প্ৰকল্প সঞ্চালক পঞ্চমী চৌধুৰীয়ে সংঘটিত ঘটনাৰ কাৰণ সন্দৰ্ভত আজিৰ দিনটোৰ ভিতৰতে বিস্তৃত প্ৰতিবেদন দাখিল কৰিবলৈ প্ৰকল্পটোৰ অভিযন্তাৰ দায়িত্ববাহী তথা প্ৰকল্প পৰিচালনা পৰামৰ্শদাতা মেছাৰ্চ এনজেএছ কনচালটেণ্ট কোঃ লিমিটেডক নিৰ্দেশ দিছে৷ লগতে এনেধৰণৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নঘটে সেয়া সুনিশ্চিত কৰাৰ স্বাৰ্থত প্ৰকল্পৰ সুৰক্ষা পৰীক্ষণকে ধৰি প্ৰয়োজনীয় ব্যৱস্থাসমূহ নিয়মীয়াকৈ গ্ৰহণ কৰিবলৈও তেওঁ সংস্থাটোক নিৰ্দেশ দিয়ে৷

দল-সংগঠনৰ প্ৰতিবাদত তোলপাৰ মহানগৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ: জলব'ৰ্ডৰ চৰম গাফিলতিৰ ফলত এগৰাকী মহিলাৰ মৃত্যুৰ খবৰে জোকাৰিছে সমগ্ৰ ৰাজ্য৷ বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠন জাঙুৰ খাই উঠিছে জলবোৰ্ডৰ গাফিলতিৰ বিৰুদ্ধে৷ খাৰঘূলিত গেমনৰ পাইপ ফাটি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰা বাবে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক কঠোৰ সমালোচনা কৰিছে ছাত্ৰ সন্থাই৷ ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল ভট্টাচাৰ্যই এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– জলবিস্ফোৰণৰ ফলত এগৰাকী নিৰীহ লোক মৃত্যুমুখত পৰিছে৷ বিস্তীৰ্ণ এলেকাৰ লোক ক্ষতিগ্ৰস্ত হৈছে৷ তাৰ পাছতো চৰকাৰৰ ভূমিকা দেখি স্তম্ভিত হৈছো৷ গুৱাহাটীবাসীয়ে বিচাৰে এটুপি বিশুদ্ধ খোৱাপানী৷ এয়া দিব নোৱাৰাটো চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা৷ চৰকাৰে দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰক৷ গুৱাহাটীৰ মাজেৰে বিশাল ব্ৰহ্মপুত্ৰ বৈ যোৱাৰ পাছতো চৰকাৰে গুৱাহাটীবাসীক বিশুদ্ধ খোৱাপানী দিব নোৱাৰাটো চূড়ান্ত ব্যৰ্থতা৷ আমাক প্ৰতিশ্ৰুতি নালাগে৷ কোন তাৰিখে গুৱাহাটীবাসীক পানী দিব পাৰিব সেই তাৰিখটো লাগে৷ কাৰ দোষ– গেমনৰ নে জলব'ৰ্ডৰ, সেয়া আমাৰ বিচাৰ্যৰ বিষয় নহয়৷ আমাক বিশুদ্ধ খোৱাপানী লাগে৷ কিন্তু এতিয়া জলবোৰ্ডে পাইপ বিচাৰি গুৱাহাটীৰ ৰাস্তাঘাট চলাথ কৰিছে৷ পানীৰ পাইপো বিচাৰি পোৱা নাই জলব'ৰ্ডে৷ 

গেমন আৰু জাইকাৰ বিৰুদ্ধে কিয় তদন্ত কৰা নাই: অজিত ভূঞা

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত অসমৰ মানুহৰ জীৱনৰ কোনো নিৰাপত্তা নাই৷ পানীৰ পাইপ ফাটিও মানুহৰ মৃত্যু হয়৷ এই কটাক্ষ সাংসদ অজিত কুমাৰ ভূঞাৰ৷ নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি সাংসদ ভূঞাই কয় যে জাইকা আৰু গেমনক লৈ সংবাদ মাধ্যমে যোৱা কেবা বছৰ ধৰি বাতৰি প্ৰচাৰ কৰি আছে৷ বাস্তৱত কোটি কোটি টকা খৰচ কৰাৰ পাছতো এইখন চৰকাৰে গুৱাহাটীৰ নাগৰিকক খোৱা পানী যোগান ধৰিব পৰা নাই৷ পানীৰ পাইপ ফাটি মহিলাৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্ত দাবী কৰি সাংসদজনৰ অভিযোগ যে নিম্নমানৰ পাইপ ব্যৱহাৰ কৰি প্ৰকল্প নিৰ্মাণ কৰাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হ’ব পাৰিছে৷ অনাগত দিনত পুনৰ এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হ’ব পাৰে বুলি সাংসদজনে আশংকা ব্যক্ত কৰে৷ জাইকা আৰু গেমনৰ বিৰুদ্ধে তদন্তৰ দাবী জনাই তেওঁ কয় যে এতিয়ালৈকে চৰকাৰে কিয় তদন্ত আৰম্ভ কৰা নাই সেয়াই এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে৷ আনহাতে বৃহৎ নদীবান্ধৰ সুৰক্ষাকলৈ প্ৰশ্ন উত্থাপন কৰি সাংসদ ভূঞাৰ আশংকা– এডাল পানীৰ পাইপ ফাটোতে যদি এই অৱস্থা হৈছে তেনেহ’লে কিবা কাৰণত যদি বৃহৎ নদীবান্ধ ভাঙে উজনি অসম ধবংস হৈ যাব৷ 

গুৱাহাটী জলব'ৰ্ডৰ গাফিলতি অতিশাঘ্ৰে তদন্ত কৰক: চিপিআই (এম)

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা: গুৱাহাটী জলব'ৰ্ডৰ চৰম গাফিলতিৰ বাবেই মৃত্যুক সাৱটি লগা হ’ল দুগৰাকী মহিলা৷ ৰাজ্যত স’ততে সংঘটিত হৈ থকা এনে ঘটনাক লৈ যেন চৰকাৰ-প্ৰশাসনৰ কোনো ভ্ৰূক্ষেপ নাই৷ যাৰ ফলত মৃত্যুক সাৱটি ল’লেও চৰকাৰ-প্ৰশাসনৰ বুকু নকঁপে৷ এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে দক্ষিণ -মধ্য গুৱাহাটী পানী যোগান প্ৰকল্পৰ ট্ৰিটমেন প্লেনৰ কাষত Raw water pumping mainত৷ ব্ৰহ্মপুত্ৰৰ পৰা পানী সংগ্ৰহ কৰি যিডাল পাইপেৰে ট্ৰিটমেন প্লেনলৈ নিব বিচাৰিছিল সেই বৃহৎ পাইপ ডালত দুৰ্ঘটনা সংঘটিত হৈ দুগৰাকী মহিলাৰ কৰুণ মৃত্যু হৈছে হোৱাৰ লগতে সাতগৰাকী আঘাতপ্ৰাপ্ত হৈছে৷ এয়া অতিশয় ধিক্কাৰজনক কথা৷  দক্ষিণ মধ্য পানী যোগান প্ৰকল্পটো জাইকাৰ পুঁজিৰ সহায়ত গুৱাহাটী জলব'ৰ্ডে ৰূপায়ণ কৰি আছে৷ কিন্তু এইবোৰৰ দ্বাৰা প্ৰায় ১১ বছৰৰ পাছতো বৰ্তমানলৈ কেৱল একাংশ মানুহকে পানী যোগান ধৰিব পাৰিছে৷ এই দুৰ্ঘটনাৰ ফলত এতিয়া সেই অঞ্চলটোখিনিৰ পৰিয়ালবোৰেও খোৱাপানীৰ পৰা বঞ্চিত হ’ব৷ ২০১১ চনৰ ১৮ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে আৰম্ভ কৰা এই বৃহৎ প্ৰকল্পটো আজি ১১ বছৰে গুৱাহাটী জলবোৰ্ডে সম্পূৰ্ণ কৰিব নোৱাৰাটো এক চূড়ান্ত ব্যৰ্থতা৷ জলব'ৰ্ডৰ ব্যৰ্থতাৰ ফল¦£ৰূপেই বেছিভাগ মহানগৰীৰ ৰাইজে পানীৰ পৰা বঞ্চিত হৈ আছে৷ এই গোটেই প্ৰকল্পটো সময়মতে সম্পূৰ্ণ কৰিব নোৱাৰাত, আংশিকভাৱে সম্পূৰ্ণ হোৱা কামবোৰ এতিয়া সঠিক পৰিচালনা তথা ৰক্ষনা-বেক্ষণৰ অভাৱত এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ’ব ধৰিছে৷ জলব'ৰ্ডৰ গাফিলতিৰ বাবেই এনেকুৱা ঘটনা যে আগলৈও সংঘটিত নহ’ব তাৰ কোনো নিশ্চয়তা নাই৷ সেয়ে অতি শীঘ্ৰেই ইয়াৰ উচিত তদন্ত কৰি জলব'ৰ্ডৰ দোষী ব্যক্তিবোৰক শাস্তি প্ৰদান কৰিব লাগে৷