Logo
image

জিলাই জিলাই বিজেপিত বিদ্ৰোহ, নেতৃত্ব দিশহাৰা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু গোৱালপাৰাৰ প্ৰতিবেদক, ২৭ মে’: শাসকীয় দল বিজেপিৰ ভেটি কম্পমান বিসম্বাদক লৈ৷ ক্ষমতা আৰু বিষয়ববীয়াৰ খোৱা-কামোৰাৰ বাবে ইখনৰ পাছত সিখন জিলা বিসম্বাদত জৰ্জৰিত হৈছে৷ জনপ্ৰিয় মুখ্যমন্ত্ৰী বুলি দাবী কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শাসন কৰি থকা ৰাজ্যখনৰ বিসম্বাদ এতিয়া দলীয় নেতৃত্বৰ মূৰৰ কামোৰণিত পৰিণত হৈছে৷ যোৰহাট, হোজাই, বঙাইগাঁও, নলবাৰীৰ পাছত বিদ্ৰোহে ছানি ধৰিছে গোৱালপাৰা জিলাকো৷ গোৱালপাৰা জিলা বিজেপিৰ সভাপতি ভৃগুৰঞ্জন ৰাভাই স্বেচ্ছাচাৰী, একনায়কত্বাবাদ আৰু ব্যাপক অনিয়মেৰে ধন সংগ্ৰহ কৰাৰ বাবেই দলৰ নিষ্ঠাবান কৰ্মীসকলে বিদ্ৰোহ ঘোষণা কৰিছে৷ ইতিমধ্যে দুৰ্নীতিগ্ৰস্ত জিলা সভাপতিজনক অপসাৰণ কৰাৰ দাবীৰে ১১ মে’ত জিলাখনৰ ১১টা মণ্ডল কমিটিৰ ভিতৰত ৭টা মণ্ডল কমিটীৰ সভাপতিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক সাক্ষাৎ কৰি এখনি অভিযোগ পত্ৰ দাখিল কৰাৰ লগতে দলৰ দলৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মালৈ ইয়াৰ প্ৰতিলিপি প্ৰেৰণ কৰে৷ জিলাৰ সাতগৰাকী মণ্ডল সভাপতিয়ে স্বাক্ষৰ কৰা অভিযোগ পত্ৰত উল্লেখ কৰা অনুসৰি ভৃগুৰঞ্জন ৰাভাক জিলা সভাপতি হিচাপে দায়িত্ব দিয়া এবছৰ হবৰ হল যদিও এই দীৰ্ঘ সময়ত এবাৰো মণ্ডল সভাপতি সকলৰ লগত সাংগঠনিক বিষয় সম্পৰ্কত আলোচনা কৰাৰ কাৰণে বৈঠক অনুষ্ঠিত কৰা নাই৷ ৰাজ্যিক বিজেপিৰ নিৰ্দেশনাসমূহ কোনোবা এজন বিষয়ববীয়াৰ দ্বাৰা মণ্ডল সভাপতিসকললৈ প্ৰেৰণ কৰিয়ে দায়িত্ব সামৰে৷ যাৰ ফলত মণ্ডল সভাপতি তথা দলীয় কাৰ্যকৰ্তাসকলে হতাশাত ভুগিবলগীয়া হৈছে৷ বুথ সবলীকৰণৰ ক্ষেত্ৰতো জিলা সভাপতিজনে গ্ৰহণ কৰা ভূমিকাও অত্যন্ত হতাশাজনক৷ সভাপতি গৰাকীয়ে মণ্ডল সভাপতিসকলক কিছুমান অবাঞ্চিত বাক্যবানেৰে মানসিকভাৱে হাৰাশাস্তি কৰি আছে৷ তদুপৰি চৰকাৰৰ লগত সংযোজিত হৈ থকা কোনো কামৰ ক্ষেত্ৰত তেওঁ মণ্ডল সভাপতিসকলৰ লগত আলোচনা নকৰে৷ তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰিয়েই জিলাখনৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নিযুক্তিৰ ক্ষেত্ৰত স্বেচ্ছাচাৰিতা আৰু মইমতালিৰে কাম কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ এই ক্ষেত্ৰত তেও ব্যাপক হাৰে অনৈতিক পন্থাও অৱলম্বন কৰা হৈছে বুলি অভিযোগত উল্লেখ কৰা হৈছে৷  বিদ্যালয় পৰিচালনা সমিতিৰ সম্পূৰ্ণ তালিকাখন ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদকে জিলা কঅৰ কমিটিখনক গুৱাহাটীৰ ৰাজ্যিক কাৰ্যালয়লৈ মাতি নি চূড়ান্ত কৰিছিল৷ কিন্তু জিলা সভাপতিয়ে ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদককো অৱমাননা কৰা বুলি মণ্ডল সভাপতিসকলে অভিযোগ কৰিছে৷ ইপিনে অমৃত সৰোবৰ আচনি ৰূপায়ণৰ ক্ষেত্ৰতো জিলা সভাপতিয়ে তেওঁৰ দুজন অতি পুৰন্দৰ ৰাভা আৰু দিলীপ দাসক দায়িত্ব দিয়াত তেওঁলোক হৰ্তা-কৰ্তা হৈ পৰিছিল৷ মণ্ডল সভাপতি সকলক এই ক্ষেত্ৰত কোনো সুবিধা দিয়া নাছিল৷ এই ক্ষেত্ৰতো অনৈতিক পন্থা অৱলম্বন কৰি ব্যাপক হাৰে ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে৷ তদুপৰি জিলাখনলৈ কোনো মন্ত্ৰী আহিলেও কোনো এগৰাকী মণ্ডল সভাপতিক অৱগত নকৰে৷ আনকি অভিভাবক মন্ত্ৰী আহিলেও সভাপতিজনে কোনো এগৰাকী মণ্ডল সভাপতিক খবৰ নিদিয়ে বুলি অভিযোগত প্ৰকাশ৷ শেহতীয়াকৈ ৰেচন কাৰ্ডৰ ফৰ্ম বিতৰনৰ ক্ষেত্ৰতো ব্যাপক অনিয়ম সংঘটিত কৰিছে৷ মণ্ডল সভাপতিসকলক অৱগত নকৰাকৈ তেওঁ কিছুমান দালাল শ্ৰেণীৰ লোকক নিয়োগ কৰি চৰকাৰী গাইডলাইনক অৱমাননা কৰি হিতাধিকাৰী বাছনি কৰাৰ চেষ্টা চলাইছে৷ তদুপৰি মণ্ডল পৰ্যায়ত বিভিন্ন ধৰণৰ সাংগঠনিক কাম থাকে৷  কিন্তু জিলা সভাপতি তথা জিলা সমিতিৰ কোনো বিষয় ববীয়াই এই কোনো ধৰণৰ আলোচনা নকৰাত দলটোৰ সাংগঠনিক স্থিতি বহুত দুৰ্বল হৈ পৰিছে৷ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ স্বাৰ্থত দুৰ্নীতিগ্ৰস্ত সভাপতিজনক অপসাৰণ কৰাৰ দাবী জনোৱা হৈছে৷ ইপিনে জিলাৰ সাত গৰাকী মণ্ডল সভাপতিয়ে ৰাজ্যিক বিজেপিৰ সভাপতিক সাক্ষাৎকৰাৰ দুদিন পিছতে জিলাৰ তিনিটা মৰ্চাৰ সভাপতি আৰু জিলা সমিতিৰ তিনি গৰাকী উপসভাপতি, জিলা সমিতিৰ এগৰাকী সাধাৰণ সম্পাদক, দুগৰাকী জিলা সম্পাদকে পৃথকে পৃথকে ৰাজ্যিক নেতৃবৃন্দক লগ কৰি জিলা সভাপতি ভৃগুৰঞ্জন ৰাভাৰ একনায়কত্ববাদ আৰু মইমতালিৰ বিৰুদ্ধে অভিযোগ প্ৰদান কৰে৷ সভাপতিজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ পিছতে ১৫ আৰু ১৬ মে’ত ৰাজ্যিক বিজেপিৰ সাংগাঁথনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা গোৱালপাৰা চহৰত বাহৰ পাতি জিলা বিজেপিৰ কাৰ্যালয়ত মণ্ডলসমূহৰ সভাপতি, সাধাৰণ সম্পাদক, ৰাজ্যিকৰ মূল সমিতিত থকা বিষয়ববীয়া আৰু কাৰ্যনিৰ্বাহক সদস্য-সদস্যা সকল, জিলা মৰ্চাৰ সভাপতিকে ধৰি বিষয়ববীয়াসকল, জিলা নীতি নিৰ্ধাৰণ সমিতি, গোৱালপাৰা পৌৰসভা আৰু লক্ষ্মীপুৰ পৌৰসভাৰ পৌৰপতিকে ধৰি আয়ুক্ত, আয়ুক্তা সকলৰ সৈতে পৃথকে পৃথকে সভা অনুষ্ঠিত কৰি দলৰ বিষয়ববীয়াসকলক বুজনি দি কন্দল নিয়ন্ত্ৰণৰ চেষ্টা কৰে যদিও আজিও দলীয় বিষয়ববীয়া তথা কাৰ্যকৰ্তাসকলৰ মাজত ক্ষোভৰ জুই জ্বলি আছে৷ অৱশ্যে এই ক্ষোভৰ জুই কি পৰ্যায় পায় সেয়া পিচলৈহে গম পোৱা যাব৷ উল্লেখ্য, যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতাক কেন্দ্ৰ কৰিও বিদ্ৰোহ আৰম্ভ হৈছে৷ শেহতীয়াকৈ তিতাবৰত অনুষ্ঠিত বিজেপিৰ এখন সভা উত্তপ্ত হৈ পৰাৰ পাছত মঙলবাৰে জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাও কুৰুক্ষেত্ৰত পৰিণত হয়৷ সভাত একাংশ বিজেপি কৰ্মকৰ্তাই কলিতাৰ বিৰুদ্ধে তীব্ৰ বিষোদ্‌গাৰ প্ৰকাশ কৰাৰ লগতে তীব্ৰ বাক-বিতণ্ডাত লিপ্ত হয়৷ একাংশ বিজেপি কৰ্মকৰ্তাই জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতাৰ বিৰুদ্ধে স্বেচ্ছাচাৰিতাৰ অভিযোগ তুলিছে৷ ইফালে, এই বিদ্ৰোহৰ আঁৰত ক্ষমতা কেন্দ্ৰীক স্বাৰ্থ জড়িত থকাৰ অভিযোগ উঠিছে৷ বিশেষকৈ কংগ্ৰেছৰ কাৰ্যকালত ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰৰ মুখ্য কাৰ্যবাহী হিচাপে দুটাকৈ কাৰ্যকালত ব্যাপক দুৰ্নীতিৰ অভিযোগ থকা কুমুদ কছাৰীয়ে পৰৱৰ্তী সময়ত বিজেপিত যোগদান কৰে৷ সম্প্ৰতি তেওঁ জিলা বিজেপিৰ উপসভাপতি পদত অধিস্থিত হৈ আছে৷ জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতাৰ সৈতে উপসভাপতি কছাৰীৰ তীব্ৰ সংঘাতৰ পৰিণতিতে এই বিদ্ৰোহে গা কৰি উঠা বুলি জানিব পৰা গৈছে৷ পূৰ্বে হোজাই জিলা বিজেপি সভাপতিৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ হৈছিল৷ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ নেতৃত্বত বিসম্বাদী বিজেপিৰ এটা শিবিৰ আহি ওলাইছিল বাজপেয়ী ভৱনত৷ হোজাই জিলা বিজেপিৰ সভাপতি অনুপ দে’ক আঁতৰোৱাৰ দাবীৰে বাজপেয়ী ভৱনলৈ আহে হোজাই বিজেপিৰ নেতা-কৰ্মীসকলে৷ বিদ্ৰোহে চূড়ান্ত ৰূপ লোৱাৰ পাছত দুয়ো পক্ষকে মুখ বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে বিজেপিৰ ৰাজ্যিক নেতৃত্বই৷ ইয়াৰ দিনদিয়েক পূৰ্বে বঙাইগাঁও জিলা বিজেপিত মুকলি বিদ্ৰোহ হয়৷ বঙাইগাঁও জিলা বিজেপিৰ সভাপতিৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটে জিলাৰ কাৰ্যনিৰ্বাহক সভাত৷ ফলশ্ৰুতিত জিলা কাৰ্যনিৰ্বাহক সভাত উপস্থিত নাথাকিল বিসম্বাদী শিবিৰৰ লগতে কাৰ্যনিৰ্বাহকৰ প্ৰায় ৮০ শতাংশ সদস্য৷ সভাপতি হিমানী অধিকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ জনাই ১৮জন বিষয়ববীয়াই সমূহীয়াভাৱে পদত্যাগ কৰে৷ বিদ্ৰোহী নেতা-কৰ্মীসকলৰ অভিযোগ সভাপতি হিমানী অধিকাৰীয়ে চলাইছে একনায়কত্ববাদ৷ দালালৰ সৈতে সুসম্পৰ্ক আছে হিমানী অধিকাৰীৰ৷ দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাক গুৰুত্ব নিদিয়ে হিমানী অধিকাৰীয়ে৷ স্বামীৰ নামত হস্তগত কৰিছে বঙাইগাঁৱৰ চৰকাৰী কামৰ ঠিকা-ঠুকুলি৷ এনে কেতবোৰ অভিযোগ তুলি হিমানী অধিকাৰীক অপসাৰণৰ দাবী জনাইছে জিলাখনৰ বিজেপিৰ নেতা-কৰ্মীয়ে৷ ইয়াৰ পূৰ্বে নলবাৰী বিজেপিত বিদ্ৰোহৰ বৰ্হিঃপ্ৰকাশ ঘটে৷ বিজেপিৰ নেতৃত্বৰ বিৰুদ্ধে সামাজিক মাধ্যমত মন্তব্য দি হেমন্ত বৰ্মন নামৰ যুৱ-মৰ্চাৰ বিষয়ববীয়া অপসাৰিত হ’বলগীয়া হয়৷

যোৰহাট বিজেপিৰ উপ-সভাপতি কুমুদ কছাৰীৰ পদত্যাগ

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ: ৰাজ্য চৰকাৰে সংবাদ মাধ্যমৰ আগত মুখ নুখুলিবলৈ আৰক্ষীক সতৰ্ক কৰি দিয়াৰ পাছত এইবাৰ বিজেপি কৰ্মীকো দলৰ আভ্যন্তৰীণ তথ্য সংবাদ মাধ্যমক যোগান নধৰিবলৈ এক প্ৰকাৰ সকীয়নি দিলে৷ কাৰণ সংবাদ মাধ্যমত দলৰ আভ্যন্তৰীণ বিষয় ৰাজহুৱা কৰাৰ অভিযোগত যোৰহাট জিলা বিজেপিৰ তিনিজন নেতালৈ ৰাজ্যিক বিজেপিয়ে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে৷ যোৰহাট জিলা বিজেপিৰ উপসভাপতি কুমুদ কছাৰী, সাধাৰণ সম্পাদক ঈশ্বৰ প্ৰসন্ন বৰদলৈ আৰু মিডিয়া কোষৰ আহ্বায়ক বনি শইকীয়ালৈ এই জাননী প্ৰেৰণ কৰা হৈছে৷ ইফালে এই জাননী পোৱাৰ পাছতে জিলা বিজেপিৰ উপ-সভাপতি কুমুদ কছাৰীয়ে দলৰ বিষয়বাবৰ পৰা পদত্যাগ কৰে৷ যোৰহাট জিলা বিজেপিত অব্যাহত থকা অন্তৰ্কন্দলৰ পৰিণতিতে এইলানি ঘটনা সংঘটিত হৈছে৷ উল্লেখ্য, দলৰ সকলো নেতা-কৰ্মীক আস্থাত নলৈ মুষ্টিমেয় নেতাক লগত লৈ জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতাই দল পৰিচালনা কৰা বুলি একাংশ নেতাই অভিযোগ উত্থাপন কৰিছিল৷ শাসকীয় দলটোত বিদ্ৰোহৰ জুই উমি উমি জ্বলি আছিল যদিও সততে প্ৰচাৰ বিচাৰি থকা শাসকীয় দলটোৰ নেতা-কৰ্মীসকলে সংবাদ মাধ্যমক ইয়াৰ ভুকে দিয়া নাছিল৷ সোমবাৰে তিতাবৰত অনুষ্ঠিত জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত অন্তৰ্কন্দলে তীব্ৰ ৰূপ ধাৰণ কৰে৷ সভাৰ পৰ্যবেক্ষক ৰূপক শৰ্মাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে হেমন্ত কলিতাক এখন প্ৰীতিমেল অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ দিয়ে৷ সেইমতেই মঙলবাৰে কলিতাই জিলা কাৰ্যালয়ত বিষয়ববীয়াসকলৰ এখন প্ৰীতিমেলৰ আয়োজন কৰে৷ সভাত জিলা বিজেপিৰ উপ সভাপতি ৰফিক উজ জামানে আগদিনা তিতাবৰত অনুষ্ঠিত জিলা সমিতিৰ বৈঠকৰ বাতৰি প্ৰকাশ কৰা এখন কাকতত কুমুদ কছাৰীকে ধৰি দুজন নেতাৰ নাম কিয় প্ৰকাশ নেপালে আৰু এয়া সভাপতিজনৰ একপক্ষীয় সিদ্ধান্ত বুলি সভাপতি হেমন্ত কলিতাক সমালোচনা কৰে৷ কলিতাৰ এজন সমৰ্থকে সভাপতিক তেনেকৈ সমালোচনা কৰাৰ বাবে জামানক উভতি ধৰে৷ ইয়াকে কেন্দ্ৰ কৰি কলিতাৰ সমৰ্থক আৰু বিৰোধী উভয় পক্ষৰ মাজত তৰ্কাতৰ্কি আৰু চকী দঙা-দঙিৰে এক যুদ্ধংদেহী পৰিস্থিতিৰ সৃষ্টি হয়৷ অৱশ্যে, সভাপতিকে ধৰি একাংশৰ হস্তক্ষেপত পৰিস্থিতিৰ অধিক অৱনতি হোৱাৰ পৰা ৰক্ষা পৰে৷ কিন্তু সভাত হোৱা তৰ্কাতৰ্কিকে ধৰি সমগ্ৰ পৰিস্থিতি নিজৰ ম’বাইলত ৰেকৰ্ডিং কৰি জিলা বিজেপিৰ এজন বিষয়ববীয়াই এই অন্তৰ্কন্দলৰ বিষয়ে ৰাজহুৱা কৰে৷ ইয়াৰ পাছতে  হেমন্ত কলিতাই জিলা সভাপতি হিচাপে সকলোকে বিশ্বাসত নলৈ স্বেচ্ছাচাৰীভাৱে কাম কৰা বুলি কুমুদ কছাৰী আৰু বনি শইকীয়াৰ উপস্থিতিত ঈশ্বৰ প্ৰসন্ন বৰদলৈয়ে মিডিয়াৰ সন্মুখত মুকলিকৈ অভিযোগ তোলে৷ আনকি এই তিনিজন নেতাই দলৰ জন সম্পৰ্ক অভিযানৰ পূৰ্বে সভাপতিজনৰ বিৰুদেধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যিক নেতৃত্বক আহ্বানন জনায় আৰু সভাপতি কলিতাৰ অধীনত কাম নকৰে বুলিও অৱগত কৰে৷ ইয়াৰ পাছতে তেওঁলোকক ৰাজ্যিক সমিতিয়ে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে৷ এই জাননী পোৱাৰ পাছতে জিলা বিজেপিৰ উপসভাপতি কুমুদ কছাৰীয়ে হোৱাটছএপয়োগে ৰাজ্যিক সমিতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে৷ জিলা সভাপতি হেমন্ত কলিতাকো তেওঁ হোৱাট্‌ছএপ যোগে পদত্যাগৰ বিষয়ে অৱগত কৰিছে৷