Logo
image

কাগজৰ কাপত চাহ খালে হ’ব পাৰে গুৰুতৰ শাৰীৰিক সমস্যা

কৰ’নাৰ পৰৱতী সময়ত বেছিভাগ লোকৰ মাজত কাগজৰ কাপত চাহ খোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে৷ তদুপৰি শেহতীয়াকৈ চৰকাৰে এবাৰ ব্যৱহৃত প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ পাছত কাগজৰ কাপৰ চাহিদা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ প্লাষ্টিকতকৈ কাগজৰ কাপৰ ব্যৱহাৰ অধিক সুৰক্ষিত বুলি ধাৰণা কৰিলেও বিশেষজ্ঞসকলে এইক্ষেত্ৰত কিন্তু বিপৰীত ভাষ্য আগবঢ়াইছে৷ খড়গপুৰ আই আই টিয়ে চলোৱা এক গৱেষণাত পোৱা  তথ্য মতে কাগজৰ কাপত চাহ খালে শৰীৰত ইয়াৰ মাৰাত্মক প্ৰভাৱ পৰে৷ ফলস্বৰূপে গুৰুতৰ শাৰীৰিক সমস্যাই দেখা দিয়াৰ আশংকা থাকে৷ 
খড়গপুৰ আই আই টিৰ বিশেষজ্ঞসকলৰ মতে কাগজৰ কাপ প্ৰস্তুত কৰোতে হাইড্ৰ’ফোবিক ফিল্ম ব্যৱহাৰ কৰা হয়৷ মূলতঃ চাহৰ উষ্ণতাই যাতে কাগজ তিয়াই নষ্ট কৰিব নোৱাৰে তাৰ বাবেই কাগজৰ কাপত হাইড্ৰ’ফোবিক ফিল্মৰ প্ৰলেপ দিয়া হয়৷ আৰু ইয়াৰ পৰাই মানৱদেহৰ ভয়ংকৰ ক্ষতি হোৱাৰ আশংকা থাকে৷ বিশেষজ্ঞসকলে লগতে এইবুলিও জনায় যে হাইড্ৰ’ফোবিক ফিল্ম মূলতঃ প্ৰস্তুত কৰা হয় প্লাষ্টিক আৰু অন্যান্য পলিমাৰৰ মিশ্ৰণেৰে৷ 
গৱেষণাত দেখা গৈছে যে কাগজেৰে প্ৰস্তুত কৰা কাপত ১০০ মিলিলিটাৰ চাহ ঢলাৰ কিছুসময়ৰ পাছতে তাত পঁচিশ হাজাৰ মাইক্ৰ’প্লাষ্টিক ভাঁহি উঠিবলৈ আৰম্ভ কৰে৷ এই মাইক্ৰ’প্লাষ্টিক লাহে লাহে চাহৰ সৈতে মিহলি হৈ যায়৷ খালী চকুত ধৰা নপৰা এনে  মাইক্ৰ’প্লাষ্টিকত থাকে ক্ৰ’মিয়াম, কেডমিয়াম জাতীয় বিষাক্ত উপাদান৷ এই উপাদানসমূহে মানৱ শৰীৰৰ ভয়ংকৰ ক্ষতি সাধন কৰে৷ 
সেয়ে বিশেষজ্ঞসকলে কাগজৰ কাপ বৰ্জন কৰি পৰিৱেশ বান্ধৱ আন কোনো সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছে৷