Logo
image

সংসদ ভৱন উদ্বোধনৰ পূৰ্বেই নীতি আয়োগৰ বৈঠক বৰ্জন ১০ মুখ্যমন্ত্ৰীৰ

আমাৰ অসম, ২৮ মে’: বিৰোধীবৰ্জিত নতুন সংসদ ভৱনৰ উদ্বোধনৰ আগদিনা অৰ্থাৎ শনিবাৰে নৰেন্দ্ৰ মোদী চৰকাৰে আয়োজন কৰা আৰু প্ৰধানমন্ত্ৰীয়ে অধ্যক্ষতা কৰা নীতি আয়োগৰ বৈঠক দেশৰ ১০খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বৰ্জন কৰি  চৰকাৰক স্তম্ভিত কৰাৰ লগতে বিৰোধীৰ ঐক্য মজবুত কৰি তুলিছে৷ কেইবাজনো মুখ্যমন্ত্ৰীয়ে মোদী চৰকাৰে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা তচনচ কৰি পেলোৱাৰ প্ৰতিবাদত নীতি আয়োগৰ এই গুৰুত্বপূৰ্ণ বৈঠক বৰ্জন কৰিছে৷ আনহাতে, আন আন মুখ্যমন্ত্ৰীয়ে অন্যান্য বিভিন্ন কাৰণত এই বৈঠকত অনুপস্থিত থাকি বিৰোধীৰ সামগ্ৰিক বৰ্জনৰ ৰূপ দিছে৷ কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে এই বিৰোধী দলৰ মুখ্যমন্ত্ৰীৰ প্ৰতি হুংকাৰ দি কৈছে– চাই ল’ম, মোদীৰ বিৰোধিতা কৰি তোমালোক কিমান দূৰ আগুৱাব পাৰা৷ এয়া তোমালোকৰ বাবে বিপদৰ কাৰণ হ’ব?’

শনিবাৰে নতুন দিল্লীত আয়োজিত নীতি আয়োগৰ বৈঠকত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মান, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও, ওড়িশাৰ মুখ্যমন্ত্ৰী নৱীন পট্টনায়ক, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়ন, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামায়া অনুপস্থিত থাকে৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মোদী চৰকাৰে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা ভাঙি একনায়কত্ববাদ চলোৱাৰ প্ৰতিবাদত বৈঠকত অনুপস্থিত থাকে৷ পঞ্জাবৰ মুখ্যমন্ত্ৰী মানৰো একেই অভিযোগ৷ তেওঁৰ মতে, নীতি আয়োগৰ বৈঠকত উপস্থিত থকাৰ অৰ্থ ফটো তুলিবলৈ যোৱা৷ মানে এখন পত্ৰ প্ৰেৰণ কৰি পঞ্জাবক কেন্দ্ৰই মুকলি কৰি দিবলৈ বাকী থকা ৩,৬০০ কোটি টকা মুকলি কৰি দিবলৈ আহ্বান জনায়৷ আপ চৰকাৰৰ এই দুই মুখ্যমন্ত্ৰীৰ মতে যুক্তৰাষ্ট্ৰীয় পৰিকাঠামোলৈ ভেঙুচালি প্ৰদৰ্শন কৰা কেন্দ্ৰীয় চৰকাৰৰ বৈঠকত উপস্থিত থকা অৰ্থহীন৷ দুই মুখ্যমন্ত্ৰী কেজৰিৱাল আৰু মান শনিবাৰে হায়দৰাবাদত উপস্থিত হৈ কে চন্দ্ৰশেখৰ ৰাওৰ পৰা কেন্দ্ৰই জাৰি পৰা দিল্লীৰ প্ৰশাসনিক অধ্যাদেশৰ বিৰোধিতাৰ ক্ষেত্ৰত সমৰ্থন আদায় কৰে৷ আনহাতে, মমতা বেনাৰ্জীয়ে পূৰ্বনিৰ্ধাৰিত সূচীৰ বাবে বৈঠকত অনুপস্থিত থাকে আৰু প্ৰতিনিধি হিচাপে ৰাজ্যৰ বিত্তমন্ত্ৰীক প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয়৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে সেই অনুৰোধ প্ৰত্যাখ্যান কৰে৷ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াই শনিবাৰে ৰাজ্যৰ ২৪ মন্ত্ৰীৰ শপতগ্ৰহণত ব্যস্ত থকাৰ বাবে আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে অসুস্থতাৰ বাবে শেষ মুহূৰ্তত দিল্লী ভ্ৰমণ বাতিল কৰে৷ ওড়িশা আৰু কেৰালাৰ মুখ্যমন্ত্ৰীদ্বয় ক্ৰমে পট্টনায়ক আৰু বিজয়ন পূৰ্বনিৰ্ধাৰিত কাৰ্যসূচীৰ বাবে অনুপস্থিত থাকে৷ তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ সৈতে শনিবাৰে কেজৰিৱাল আৰু ভগৱন্ত মানৰ বৈঠক আছিল৷ ছত্তিশগড়ৰ কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল বৈঠকত উপস্থিত থাকি কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ অধিকাৰক সন্মান জনাবলৈ দাবী জনায়৷ হিমাচল প্ৰদেশৰ কংগ্ৰেছী মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং ছুখু বৈঠকত উপস্থিত থাকে৷

আনহাতে, শনিবাৰে দুপৰীয়া এখন সাংবাদিক সন্মিলন আয়োজন কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত নীতি আয়োগৰ বৈঠকত অনুপস্থিত থকা মুখ্যমন্ত্ৰীসকলৰ প্ৰতি হুংকাৰ দিয়ে৷ তেওঁ কয়– ‘২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে কেন্দ্ৰীয় চৰকাৰে৷ স্বাস্থ্য, দক্ষতা উন্নয়ন, মহিলাৰ সৱলীকৰণ, আন্তঃগাঁথনি উন্নয়ন ইত্যাদি বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা হৈছিল৷ কিন্তু ইমানকেইজন মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ নকৰি ভাল নকৰিলে৷ তেওঁলোকৰ ৰাজ্যৰ সমস্যা কেন্দ্ৰই নুশুনিলে৷’ বিৰোধীৰ এই বৰ্জনৰ উদ্যোগত দেশৰ উন্নয়ন ক্ষতিগ্ৰস্ত হ’ব বুলি মন্তব্য কৰি ৰবিশংকৰ প্ৰসাদে পুনৰ কয়– ‘এয়া খুবেই দুৰ্ভাগ্যজনক, দায়িত্বজ্ঞানহীন আৰু জনবিৰোধী৷ দেখা যাব, নৰেন্দ্ৰ মোদীৰ বিৰোধিতা কৰি তেওঁলোক কিমানদূৰ আগুৱাব৷’

তাৎপৰ্যপূৰ্ণভাৱে দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰিব৷ এই উদ্বোধনী অনুষ্ঠান দেশৰ ২০টা বিৰোধী ৰাজনৈতিক দলে বৰ্জন কৰিছে৷ তাৰ পূৰ্বে ১০জন বিৰোধী দলৰ মুখ্যমন্ত্ৰীয়ে নীতি আয়োগৰ বৈঠক বৰ্জন কৰাটো দেশৰ ৰাজনীতিত অতি গুৰুত্বপূৰ্ণ ঘটনা হিচাপে বিবেচিত হৈছে৷