Logo
image

কেনে আছে কাৰাবন্দী সংগীতা, শেৱালি, মীনাক্ষি

আমাৰ অসম, ২৮ মে’: ইউ পি এছ চি পৰীক্ষাত মহিলা প্ৰাৰ্থীয়ে ৰেকৰ্ড গঢ়াৰ সময়ত অসমতো মহিলাৰ দ্বাৰা অপৰাধ জনিত ঘটনাই অবাঞ্ছিত মহিলাই অবাঞ্চিত অভিলেখ গঢ়িছে৷ কাজেই গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ এতিয়া অপৰাধী তথা অভিযুক্ত মহিলাৰে ভৰি পৰিছে৷ গুৱাহাটীৰ চাঞ্চল্যকৰ শাহু-স্বামী হত্যাৰ অভিযুক্ত বন্দনা কলিতাৰ পৰা আৰম্ভ কৰি  ডাঃ সংগীতা দত্তলৈ কেন্দ্ৰীয় কাৰাগাৰৰ আলহীৰ সংখ্যা ক্ৰমাত যেন বৃদ্ধি পাব ধৰিছে৷ অবৈধভাৱে দুটিকৈ সন্তান তুলি লৈ যৌন উৎপীড়ন চলোৱাৰ গোচৰত হাইপ্ৰফাইল চিকিৎসক দম্পতী ৱালিউল ইছলাম আৰু সংগীতা দত্ত বৰ্তমানো গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে বন্দী হৈ আছে৷ মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্ত ন্যায়িক জিম্মাত থাকিলেও আজিও সন্তানদ্বয়ক নিৰ্যাতন চলোৱাৰ কথা মানি লোৱা নাই৷ স্বামী-স্ত্ৰী দুয়ো কাৰাগাৰৰ পৃথক পৃথক চেলত থকাৰ বাবে অকলশৰীয়াকৈ থাকিবলগীয়া হৈছে৷ যাৰ বাবে কাৰাগাৰৰ ভিতৰতো এতিয়া গান গাই সময় পাৰ কৰিছে সংগীতাই৷ অৱশ্যে পাণবজাৰ মহিলা থানাত চিঞৰ বাখৰ তথা ৰাওচি জুৰি কন্দা-কটা কৰা ডাঃ সংগীতাক কাৰাগাৰত পৃথক ৰূপত দেখা গৈছে৷ শান্ত-সমাহিত ভাৱেই দিন পাৰ কৰিছে অভিযুক্ত চিকিৎসকগৰাকীয়ে৷ কাৰাগাৰৰ কোনোৱে নিৰ্যাতনৰ সত্যতাৰ কথা জানিব বিচাৰিলে ষড়যন্ত্ৰৰ বলি হোৱা বুলিহে দাবী কৰে সংগীতাই৷ ইফালে ৪ হাজাৰ টকা উৎকোচ লৈ ভিজিলেন্সৰ হাতত গ্ৰেপ্তাৰ হোৱা সহকাৰী কৰ আয়ুক্ত মিনাক্ষী কাকতি কলিতা কাৰবন্দী হৈ থাকিলেও অসুস্থতাৰ বাবে শনিবাৰে জি এম চি এইচত ভৰ্তি কৰোৱা হৈছে৷ দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীৰ ঘৰৰ পৰা ভিজিলেন্সে হিচাপ বিহীন নগদ ৬৫ লাখ টকা জব্দ কৰিছিল৷ মধুমেহ আৰু কেইবাটাও ৰোগত আক্ৰান্ত মিনাক্ষী কাকতি কলিতাক কাৰাগাৰৰ চিকিৎসকৰ পৰামৰ্শ মতে জি এম চি এইচত ভৰ্তি কৰোৱা হৈছে৷ অৱশ্যে হাত দীঘল এইগৰাকী বিষয়াই জামিনৰ বাবে অসুস্থতাৰ ভাও লৈছে নেকি তাক লৈও এতিয়া সন্দেহৰ সৃষ্টি হৈছে৷ আনহাতে এছ চি ই আৰ টিৰ ১০৫ কোটি টকীয়া কেলেংকাৰিৰ মূল অভিযুক্ত নিলম্বিত আই এ এছ বিষয়া শেৱালী দেৱী শৰ্মাই সম্প্ৰতি জামিনৰ অপেক্ষাৰে দিন গণি গণি সময় পাৰ কৰিছে৷ হাইক’ৰ্টত অগ্ৰিম জামিন বিচাৰি মুখ ঠেকেচা খোৱা শেৱালি দেৱীয়ে ৰাজস্থানত আত্মগোপন কৰি থকাৰ সময়তে চি এম ভিজিলেন্সৰ হাতত গ্ৰেপ্তাৰ হৈছিল৷ শেৱালি দেৱীয়ে এতিয়া জামিনৰ বাবে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ কেইবাজনো অধিবক্তাৰ সৈতে দৰ-দাম কৰিছে বুলিও জানিব পৰা গৈছে৷