Logo
image

সামাজিক-অৰ্থনৈতিক বৈষম্যহীন শিক্ষা হ’বনে?

সাম্প্ৰতিক সময়ত শিক্ষাক লৈ দেশত এখন বৃহৎ বজাৰ সৃষ্টি হৈছে৷ স্কুলীয়া শিক্ষাৰ পৰা কাৰিকৰী, মেডিকেল, মেনেজমেণ্ট, আইন শিক্ষা আদি সকলো ধৰণৰ শৈক্ষিক প্ৰতিষ্ঠানৰ যোগেদি এক বৃহৎ পৰিমাণৰ ধন লাভ কৰিব পৰাকৈ লক্ষ্য ৰাখি উদ্যোগপতি, মন্ত্ৰী-নেতা, পুঁজিপতি ব্যক্তি জপিয়াই পৰিছে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান গঢ়াত৷ সেই মৰ্মে দেশৰ প্ৰান্তে প্ৰান্তে, চুকে-কোণে গঢ় লৈ উঠিছে অত্যাধুনিক আন্তঃগাঁথনি তথা সা-সুবিধা সম্বলিত বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠান৷ অতি আকৰ্ষণীয় প্ৰচাৰৰ ব্যৱস্থা, বিভিন্ন প্ৰখ্যাত শিক্ষাবিদ, উদ্যোগ তথা বিভিন্ন ক্ষেত্ৰৰ সফল ব্যক্তি, চেলিব্ৰেটী আদিৰ নাম সাঙুৰি  লগতে সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহৰ সৈতে উদ্যোগ, প্ৰতিষ্ঠানৰ সহযোগিতা আদি প্ৰদৰ্শিত কৰি শিক্ষাৰ্থীক নিজৰ প্ৰতিষ্ঠানত নামভৰ্তি কৰাৰ বাবে ইয়াৰ লগত জড়িত ব্যক্তিসকলে বিভিন্ন পন্থাৰ আশ্ৰয় লয়৷ এনে বহু শিক্ষানুষ্ঠান বাহিৰে ৰংচঙীয়া ভিতৰে কোৱাভাঁতুৰী যদিও বৃহৎ পৰিমাণৰ ফীজ প্ৰদান কৰি শিক্ষাৰ্থীয়ে নামভৰ্তি কৰাটো সহজ দৃশ্য হৈ পৰিছে৷ অৱশ্যে ব্যক্তিগত খণ্ডৰ একাংশ আৰু জাতীয় ভাৱাপন্ন, সমাজসেৱক ব্যক্তিৰ প্ৰচেষ্টাত গঢ় লৈ কিছু শিক্ষানুষ্ঠানে শিক্ষাক কেৱল ‘বেপাৰ’ হিচাপে গণ্য নকৰি গুণগত শিক্ষা আৰু ‘সময়সাপেক্ষ সংযোজনত গুৰুত্ব প্ৰদান কৰি সমাজৰ উপকাৰ সাধনো কৰিছে৷ ৰঘুমলাৰ দৰে গঢ় লৈ উঠা ব্যক্তিগত শিক্ষানুষ্ঠানসমূহৰ তুলনাত এনে শিক্ষানুষ্ঠানৰ সংখ্যা তেনেই নগণ্য৷ এফালে স্কুলীয়া শিক্ষাৰ পৰা উচ্ছ শিক্ষালৈকে ব্যক্তিগত খণ্ডই গ্ৰাস কৰি আনিছে, আনফালে আভিযান্ত্ৰিক, মেডিকেল, মেনেজমেণ্ট আদিৰ নামভৰ্তিৰ পৰীক্ষাৰ বাবে অবিশ্বাস্য হাৰত ক’চিং ইনষ্টিটিউট বাঢ়ি আহিছে৷ দেশৰ বৃহৎ নগৰ, মহানগৰটো বাদেই, সৰু সৰু চহৰতো এতিয়া ব্যক্তিগত খণ্ডৰ ক’চিং প্ৰতিষ্ঠানবোৰে প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ পৰা এটা বৰ্ষৰ বাবেই লাখৰ অধিক টকা আদায় কৰে৷ আমাৰ অভিভাৱকসকলেও সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে যিকোনো প্ৰকাৰে এনে ক’চিং প্ৰতিষ্ঠানত নামভৰ্তি কৰে৷ লক্ষণীয় বিষয় জে ই ই, নীট পৰীক্ষাৰ বাবে ক’চিং প্ৰদান কৰা বহু শিক্ষকে আই আই টি, প্ৰখ্যাত বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ লোভনীয় চাকৰি ত্যাগ কৰি ক’চিং প্ৰতিষ্ঠানত শিক্ষক হয় বহু লাখ টকাৰ মাহেকীয়া দৰমহাৰ নামত৷ বহু আই আই টিয়ানে আকৌ শিক্ষাৰ বজাৰখন দেখি নিজাববীয়াকৈ প্ৰতিষ্ঠান খুলিছে৷ অসমৰ দৰে ৰাজ্যত নগৰ-চহৰৰ লগতে বৰ্তমান গ্ৰামাঞ্চলতো ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমত প্লে-স্কুলৰ পৰা উচ্ছ পৰ্যায়ৰ স্কুলীয়া শিক্ষাৰ অনুষ্ঠান বহু পৰিমাণে বৃদ্ধি পাইছে৷ উচ্ছতৰ মাধ্যমিকত শিক্ষা প্ৰদানৰ বাবে চৰকাৰী নীতি-নিয়মক অংগুষ্ঠ প্ৰদৰ্শন কৰি কেইবা দশক পূৰ্বৰে পৰা ‘জুনিয়ৰ কলেজ’ নামৰ ব্যক্তিগত খণ্ডত গঢ় লৈ উঠা শিক্ষানুষ্ঠানসমূহৰ গৰিষ্ঠসংখ্যকে ৰাজ্যখনৰ শৈক্ষিক মান বা মানৱ সম্পদ সৃষ্টিত গুৰুত্ব প্ৰদানতকৈ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ পৰা বৃহৎ পৰিমাণৰ ফীজ আদায় কৰি নিজৰ স্থিতি যে গজগজীয়া কৰিলে সেই সম্পৰ্কে বিশদ ব্যাখ্যাৰ প্ৰয়োজন নাই৷ সম্প্ৰতি চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ লগত সংগতি ৰাখি নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত অন্তৰ্ভুক্ত কৰি ছিনিয়ৰ ছেকেণ্ডাৰীৰ নামকৰণ কৰাৰ পাছত ব্যক্তিগত খণ্ডৰ জুনিয়ৰ কলেজসমূহৰো নামকৰণ সলনি হ’ব৷ অৱশ্যে কেৱল চকমকনিৰে ভাটৌ কেন্দ্ৰিক শিক্ষাৰ তথা ৰিজাল্ট কেন্দ্ৰিক শিক্ষা [যি ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ ঘোৰ বিৰোধী]ৰ পৰা ব্যক্তিগত খণ্ডৰ এই শিক্ষানুষ্ঠানসমূহ কিমান মুক্ত হ’ব সেয়া সময়েহে ক’ব৷

দেশত শিক্ষাৰ অধিকাৰ আইন-২০০৯ প্ৰয়োগ হোৱাৰ সময়তে আইনখনে স্পষ্টভাৱে উল্লেখ কৰিছিল যে সমাজত সমতা স্থাপনৰ উদ্দেশ্যে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে ২৫ শতাংশ আসন দৰিদ্ৰ শ্ৰেণীৰ বাবে সংৰক্ষিত কৰাটো বাধ্যতামূলক৷ এই ক্ষেত্ৰত মুষ্টিমেয় অসমৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ব্যতিক্ৰম যদিও সৰহসংখ্যকে এই বিষয়টোক সামান্যতম গুৰুত্বও প্ৰদান নকৰিলে৷ আশ্চৰ্যজনকভাৱে অসম চৰকাৰেও যোৱা দশকটোত এক সম্পূৰ্ণ আপোচকামী মনোভাৱ পোষণ কৰি এই ক্ষেত্ৰত কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে৷ এফালে চৰকাৰে চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নামভৰ্তি, ফীজ, হোষ্টেল ফীজ আদি সম্পূৰ্ণ ৰেহাই দিয়াৰ লগতে ইউনিফৰ্ম, কিতাপো প্ৰদান কৰিছে, আনফালে একেখন সমাজত থকা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰত চকুমুদা কুলিৰ ভাও জুৰি ইচ্ছামতে ফীজ লোৱাকে ধৰি আন ব্যৱস্থাসমূহ গ্ৰহণ কৰিবলৈ এৰি দিছে৷ অলপতে গুৱাহাটী উচ্ছ ন্যায়ালয়ে এই ক্ষেত্ৰত হস্তক্ষেপ কৰি ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ আসন সংৰক্ষণত ব্যৰ্থতাৰ বাবে বিদ্যালয় কতৃৰ্পক্ষক সকীয়নি দিয়াৰ লগতে অসম চৰকাৰকো ভৎৰ্সনা কৰিছে৷ বৰ্তমান সময়ত অসম চৰকাৰৰ শিক্ষা বিভাগে চৰকাৰী খণ্ডৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছে৷ কিন্তু ইয়াৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহ লেকামহীন এক ব্যৱস্থাৰ মাজেদি পৰিচালিত হোৱাত বাধা দিয়াটোও অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে৷ ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ক যথাৰ্থভাৱে কাৰ্যকৰী কৰিবলৈ হ’লে সামাজিক-অৰ্থনৈতিক বৈষম্যহীন শিক্ষা ব্যৱস্থাৰ ওপৰত চৰকাৰে গুৰুত্ব আৰোপ কৰিবই লাগিব৷ অন্যথা সকলো বুমেৰাঙত পৰিণত হ’ব৷