Logo
image

আজি গুৱাহাটীৰ পৰা ‘বন্দে ভাৰত’ ভাৰ্চুৱেলী ফ্লেগ অফ কৰিব মোদীয়ে

আমাৰ অসম, ২৯ মে’:  সকলো জল্পনা কল্পনাৰ অৱসান গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজত চলাচল কৰিবলগীয়া দেশৰ দ্ৰুতবেগী বন্দে ভাৰত এক্সপ্ৰেছৰ আজি শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ প্ৰধানমন্ত্ৰী মোদীয়ে সোমবাৰে দিনৰ ১২ বজাত  নতুন দিল্লীৰ পৰা ভাৰ্চুৱেলী গুৱাহাটীৰ পল্টন বজাৰ ষ্টেচনৰ পৰা যাত্ৰা কৰিবলগীয়া বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব৷ ৪১১ কিলোমিটাৰ দূৰত্বৰ পথত চলাচল কৰিবলগীয়া বন্দে ভাৰত এক্সেপ্ৰেছৰ গুৱাহাটীৰ এই ফ্লেগ অফ অনুষ্ঠানটোত কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী কুমাৰোও অংশ ল’ব৷ সোমবাৰৰ পল্টনবজাৰ ষ্টেচনৰ এই কাৰ্যসূচীত কেন্দ্ৰীয় ৰে’লমন্ত্ৰীৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব৷ অৱশ্যে সোমবাৰে বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিলেও বুধবাৰৰ পৰাহে দেশৰ দ্ৰুতবেগী ৰে’লখনৰ নিয়মীয়া চলাচল আৰম্ভ হ’ব৷ গুৱাহাটীৰ পৰা নিউ জলপাইগুৰি ষ্টেচনলৈ দেশৰ দ্বিতীয় দ্ৰুততম ৰে’লৰ যাত্ৰাত সাধাৰণতে  ৬ ঘণ্টা ৩০ মিনিট সময়ৰ প্ৰয়োজন হয় যদিও বন্দে ভাৰত এক্সপ্ৰেছত ৫ ঘণ্টা ৩০ মিনিট সময়হে লাগিব৷ বন্দে ভাৰত এক্সপ্ৰেছখন গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজত দিনটোত এবাৰ অহা-যোৱা কৰিব৷ পুৱা ৬ বাজি ১০ মিনিটত নিউ জলপাইগুৰিৰ পৰা আহিব লগা ৰে’লখন দিনৰ ১১.৪০ বজাত গুৱাহাটী ষ্টেচনত উপস্থিত হ’ব৷ ইয়াৰ পাছত বিয়লি ৪.৩০ বজাত গুৱাহাটীৰ পৰা যাত্ৰা কৰি নিশা ১০ বজাত নিউ জলপাইগুৰি ষ্টেচনত উপস্থিত হ’ব৷ প্ৰতিঘণ্টাত সৰ্বোচ্ছ ১১০ কিলোমিটাৰ বেগত চলাচল কৰিবলগীয়া ৰে’লখনৰ সেৱা সপ্তাহটোত ৬ টা দিন বাহাল থাকিব৷ মঙলবাৰে ৰে’লখনৰ চলাচল বন্ধ থাকিব৷ এই যাত্ৰাত মুঠ ৯টা ষ্টেচনত ৰখাব ৰে’লখন৷ নিউজলপাইগুৰি, ৰাণীনগৰ জলপাইগুৰি, নিউ কোচবিহাৰ, নিউ আলিপুৰ দুৱাৰ, কোকৰাঝাৰ, নিউ বঙাইগাঁও, চাংসাৰি, কামাখ্যা আৰু গুৱাহাটী ষ্টেচনতহে ৰে’লখনৰ ষ্টপেজ থাকিব৷ ৰে’লখন ৭টা চেয়াৰ কাৰ ডবা আৰু এটা এগজিকিউটিভ চেয়াৰ কাৰ ডবা থাকিব৷ গুৱাহাটীৰ পৰা নিউ জলপাইগুৰিলৈ ভাৰা হ’ব ৭৮৮ টকা৷ অৱশ্যে এগজিকিউটিভ ক্লাচৰ ভাৰা হ’ব ১৬১৮ টকা৷