Logo
image

হঠাতে দিয়া হ’ব উচ্ছতৰ মাধ্যমিকৰ ৰিজাল্টঃ পেগু

আমাৰ অসম, ২৯ মে’: মেট্ৰিকৰ ফলাফল ঘোষণাৰ পাছত উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ দিন বাৰক লৈ জল্পনা-কল্পনা আৰম্ভ হৈছে৷ বিগত বৰ্ষত ২৭ মে’ৰ দিনটোত উচ্ছতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰিছিল যদিও এইবাৰৰ ফলাফল প্ৰকাশৰ বাবে এতিয়াও সাজু হৈ উঠা নাই অসম মাধ্যমিক শিক্ষা সংসদ৷ যাৰ বাবে উচ্ছতৰ মাধ্যমিকৰ ফলাফল ঘোষণাত কিছু পলম  হোৱাটো নিশ্চিত হৈ পৰিছে৷ মাধ্যমিক শিক্ষা সংসদৰ এটা শীৰ্ষ সূত্ৰই জুনৰ মাজভাগত ফলাফল ঘোষণা কৰিব পৰা যাব বুলি জানিবলৈ দিছে৷ শিক্ষা সংসদৰ সূত্ৰটোৱে এই ইংগিত দিলেও দেওবাৰে সংবাদ মাধ্যমৰ আগত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কোনোবা এটা দিনত শুই উঠিয়ে উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণাৰ বিষয়ে সকলো অৱগত হ’ব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ অৰ্থাৎ মেট্ৰিকৰ দৰেই আচম্বিতেই উচ্ছতৰ মাধ্যমিকৰো ফলাফল প্ৰকাশ কৰিব বুলি জানিবলৈ দিছে শিক্ষামন্ত্ৰীয়ে৷ উল্লেখ্য, এইবাৰৰ উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত মুঠ ৩ লাখ ৪২ হাজাৰ ৮৬৯ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে৷ কলা শাখাত ২ লাখ ৭২ হাজাৰ ৫২৯ জন, বিজ্ঞান শাখাত ৪৭ হাজাৰ ৪৬৫ জন, বাণিজ্য শাখাত ২০,৯০৭ জন আৰু বৃত্তিমুখী শাখাত ৰ হাজাৰ ৯৪৮ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে৷ লক্ষণীয়ভাৱে মেট্ৰিকৰ ফলাফল ঘোষণাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ আচম্বিতে ঘোষণা কৰিব বুলি সদৰি কৰিছিল৷