Logo
image

ইউডিএফৰে আৰু মিত্ৰতা নহয়!দিল্লীত প্ৰদেশ কংগ্ৰেছৰ ঘোষণা

আমাৰ অসম, ২৯ মে’: বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰ সৈতে কংগ্ৰেছে কেতিয়াও মিত্ৰতা নকৰে৷ বিজেপিৰ হেঁচাত আজমলে বিৰোধী ঐক্যৰ নামত অসমত কংগ্ৰেছৰ সৈতে মিত্ৰতা স্থাপনৰ বাবে আপ্ৰাণ চেষ্টা চলাই আছে যদিও সেয়া কেতিয়াও বাস্তবায়িত নহয়৷ কালি এআইচিচিৰ শীৰ্ষ নেতৃত্বৰ সৈতে হোৱা এক বৈঠকত প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা, বিৰোধী দলনেতা দেবব্ৰত শইকীয়া আৰু উপ-দলনেতা ৰকিবুল হুছেইনে এই কথা স্পষ্ট কৰি দিয়ে৷ উল্লেখ্য যে কৰ্ণাটক জয়ৰ পাছত  প্ৰাণ সঞ্চাৰিত কংগ্ৰেছে এতিয়া আসন্ন লোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে৷ প্ৰায় প্ৰতিখন ৰাজ্যৰ প্ৰতিনিধিসকলৰ সৈতে দলৰ শীৰ্ষ নেতৃত্বই এটাৰ পিছত এটাকৈ বৈঠকত মিলিত হৈ আছে৷ অনুৰূপভাৱে প্ৰদেশ কংগ্ৰেছ নেতৃবৰ্গৰ সৈতেও ৰাজ্যৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং আৰু তেওঁৰ সহযোগী বিকাশ উপাধ্যায়ে আজি এআইচিচিৰ মুখ্য কাৰ্যালয়ত এখন বৈঠকত মিলিত হয়৷ মূলতঃ এআইইউডিএফৰ সৈতে মিত্ৰতা প্ৰসংগত বৈঠকত গুৰুত্ব লাভ কৰে৷ পিছে প্ৰদেশ কংগ্ৰেছে এআইডিএফৰ সৈতে যে কোনোপধ্যেই মিত্ৰতা স্থাপন নকৰে সেই কথা আজিৰ বৈঠকত স্পষ্ট কৰি দিয়া হয়৷ এআইইউডিএফৰ সৈতে মিত্ৰতা কৰিলে পৰোক্ষভাৱে বিজেপিক সহায় কৰা হ’ব বুলিহে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে বৈঠকত মন্তব্য কৰে৷ বাস্তৱত বিজেপিৰ হেঁচাত এআইইউডিএফ মুৰব্বী বদৰুদ্দিন আজমলে কংগ্ৰেছৰ সৈতে মিত্ৰতা স্থাপনৰ আপ্ৰাণ চেষ্টা চলাই থকা বুলি তেওঁ মন্তব্য কৰে৷ কাৰণ এআইইউডিএফৰ নিচিনা সাম্প্ৰদায়িক দল এটা কংগ্ৰেছৰ সৈতে মিত্ৰতা স্থাপন কৰিলে কংগ্ৰেছক আক্ৰমণ কৰিবলৈ বিজেপিয়ে বিশেষ সুবিধা লাভ কৰিব৷ এআইচিচিয়েও প্ৰদেশ কংগ্ৰেছ নেতৃত্বই ঐক্যবদ্ধভাৱে যি সিদ্ধান্ত গ্ৰহণ কৰিব সেয়াই এআইচিচিৰ সিদ্ধান্ত হ’ব বুলি জীতেন্দ্ৰ সিঙে আশ্বস্ত কৰে৷ বাস্তৱত এআইইউডিএফক বাদ দি ৰাজ্যৰ মুঠ ১১টা ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা স্থাপনৰ যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেই কথাও প্ৰদেশ কংগ্ৰেছ সভাপতিজনে আজি আনুষ্ঠানিকভাৱে এআইচিচিৰ আগত ব্যক্ত কৰে৷ আনহাতে এআইচিচিৰ নিৰ্দেশ মৰ্মে আঞ্চলিক পৰ্যায়ত জুন মাহৰ ভিতৰত কমিটী গঠন সন্দৰ্ভত তথা সামগ্ৰিকভাৱে লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত ভূপেন বৰাই জীতেন্দ্ৰ সিং আৰু বিকাশ উপাধ্যায়ৰ সমুখত বিস্তাৰিতভাৱে এখন প্ৰতিবেদন দাখিল কৰিছে৷ উল্লেখ্য, পাছত সাংবাদিকৰ আগত ভূপেন বৰা, দেবব্ৰত শইকীয়া আৰু ৰকিবুল হুছেইন তিনিজন নেতাই এআইডিএফৰ সৈতে মিত্ৰতা যে কোনোপধ্যেই নহয় সেই কথা সাংবাদিকৰ আগত দৃঢ়তাৰে ব্যক্ত কৰে৷