Logo
image

সাঁতোৰত অসমৰ উত্তৰা গগৈৰ চাৰিটা পদক জয়

আমাৰ অসম, ২৯ মে’: চলিত তৃতীয় খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত অসমৰ সাঁতোৰবিদ উত্তৰা গগৈয়ে চমকপ্ৰদ প্ৰদৰ্শন কৰি মুঠ চাৰিটা পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ উত্তৰ প্ৰদেশত চলি থকা প্ৰতিযোগিতাখনত দিল্লী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰা  উত্তৰাই মহিলাৰ ৫০, ১০০ আৰু ২০০ মিটাৰ ৱাটাৰফ্লাইত ৰূপৰ লাভ কৰাৰ লগতে ২০০ মিটাৰৰ ফ্ৰীষ্টাইল ৰীলে শাখাতো ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷ নয়দাৰ গৌতম বুদ্ধ নগৰত হোৱা সাঁতোৰ প্ৰতিযোগিতাত উত্তৰাই মহিলাৰ ৫০ মিটাৰ ৱাটাৰফ্লাইত ২৯.৬২ ছেকেণ্ডত দূৰত্ব অতিক্ৰম কৰি ৰূপৰ পদক অৰ্জন কৰাৰ বিপৰীতে ১০০ মিটাৰ ৱাটাৰফ্লাইত এক মিনিট ০৬.০৬ ছেকেণ্ডৰে দ্বিতীয়টো ৰূপৰ পদক লাভ কৰে৷ ইফালে, ২০০ মিটাৰ ৱাটাৰফ্লাইত দুই মিনিট ৩১.৮২ ছেকেণ্ডৰে আন এটা ৰূপ অৰ্জন কৰে উত্তৰাই৷ আনহাতে, উত্তৰাই প্ৰতিনিধিত্ব কৰা দিল্লী বিশ্ববিদ্যালয়ৰ মহিলা ৰীলে দলে ফ্ৰী ষ্টাইলত ব্ৰঞ্জ অৰ্জন কৰে৷ সময় হ’ল ন মিনিট ৪৬.৭৮ ছেকেণ্ড৷ ইফালে, উত্তৰাৰ লগতে দিল্লী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি দুটা ব্ৰঞ্জৰ পদক লাভ কৰিছে অসমৰ ভাৰ্গব ফুকনে৷ ইয়াৰে এটা মেডলী ৰীলেত আৰু আনটো ফ্ৰী ষ্টাইল ৰীলেকত৷ ১০০ মিটাৰ মেডলী ৰীলেত চাৰি মিনিট ০৩.৫৪ ছেকেণ্ডৰে ব্ৰঞ্জ অৰ্জন কৰাৰ পাছত ১০০ মিটাৰ ফ্ৰী ষ্টাইল ৰীলেত তিনি মিনিট ৪০.৯৪ ছেকেণ্ডৰে দ্বিতীয়টো ব্ৰঞ্জ পায় ভাৰ্গবে৷ ইফালে, সাঁতোৰ প্ৰতিযোগিতাত অসমৰ প্ৰতিভাবান খেলুৱৈ বিক্ৰম চাংমায়ে চণ্ডিগড় বিশ্ববিদ্যালয়ৰ হৈ খেলাৰ বাবে যোগ্যতা অৰ্জন কৰিছিল যদিও আঘাতৰ বাবে নাম প্ৰত্যাহাৰ কৰিছে বুলি আজি জনাইছে খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত পৰিচালক ৰূপে যোৱা অসম সাঁতোৰ সন্থাৰ বিষয়া দিব্যজ্যোতি শৰ্মাই৷