Logo
image

১৬ ঘণ্টাত পাঁচটাকৈ ভূমিকম্পই জোকাৰিলে অসমসহ উত্তৰ-পূব

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমকে ধৰি উত্তৰ পূবৰ ৰাজ্য কেইখনত দেওবাৰৰ পৰা যেন ভূমিকম্পৰ উজানহে উঠিছে। কিয়নো কেইবাদিনৰ বিৰতিৰ অন্তত দেওবাৰে বিয়লি হঠাতে এঘণ্টাৰ ভিতৰতে চাৰিটাকৈ নিম্ন আৰু মধ্যমীয়া প্রাবল্যৰ ভূমিকম্পই অসমকে ধৰি উত্তৰ পূবৰ আটাইকেইখন ৰাজ্য কম-বেছি পৰিমাণে জোকাৰি যোৱাৰ পাছত মাত্ৰ ১৬ ঘণ্টাৰ বিৰতিত সোমবাৰে পুৱাৰ ভাগত পুনৰ এটা মজলীয়া কম্পনাংকৰ ভূমিকম্পই জোকাৰি যায় অসমসহ উত্তৰ পূবৰ কেবাখনো ৰাজ্য। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি ভাৰতীয় মান সময় অনুসৰি পুৱা ৮ বাজি ৩ মিনিট ৩৫ ছেকেণ্ডত প্ৰায় ১৩ ছেকেণ্ড সময়ৰ বাবে জোকাৰণি অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাবল্যৰ পৰিমাণ আছিল ৪.৪ কম্পনাংক। তেনেদৰে ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল অসমৰ শোণিতপুৰ জিলাৰ উত্তৰ পূব দিশত ১৫ কিলোমিটাৰ গভীৰতাত। 

অৱশ্যে ভূমিকম্পৰ ফলত ক্ষয়-ক্ষতি হোৱাৰ বাতৰি পোৱা হোৱা নাই। ইয়াৰ পূৰ্বে দেওবাৰে বিয়লি ২ বাজি ৫৮ মিনিটৰ পৰা ৩ বাজি ৫৮ মিনিটলৈ মাত্ৰ এঘণ্টাৰ ভিতৰত চাৰিটাকৈ নিম্ন আৰু মজলীয়া কম্পনাংকৰ ভূমিকম্পই অসমকে ধৰি উত্তৰ পূবৰ কেবাখনো ৰাজ্য জোকাৰি গৈছিল। ইয়াৰ ভিতৰত দুটা ভূমিকম্পৰ আভিকেন্দ্ৰ আছিল মেঘালয়ৰ খাচী পাহাৰ জিলা আৰু দুটা ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল অসমৰ শোণিতপুৰ জিলাৰ গাতে লগা অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলা। তেনেদৰে কম্পনাংকৰ পৰিমাণ আছিল ৩.৩ ৰ পৰা ৪.৭ কম্পনাংক।  

তাৎপৰ্যপূৰ্ণভাৱে  মাত্ৰ ২৫ মাহ পূৰ্বে ২০২১ চনৰ ২৮ এপ্ৰিলত পুৱাৰ ভাগত অহা উচ্চ প্ৰাবল্যৰ ৬.৫ কম্পনাংকৰ ভূমিকম্পটোৰো অভিকেন্দ্ৰ আছিল অসমৰ শোণিতপুৰ জিলাৰ অৰুণাচল প্ৰদেশৰ সীমান্তত ১০ কিলোমিটাৰ গভীৰতাত। তাৰ পাছত বিগত দুটা বৰ্ষত অসমত অনুভূত হোৱা প্ৰায় ৫০ টা  ভূমিকম্পৰ ৪০ শতাংশৰো অভিকেন্দ্ৰ আছিল শোণিতপুৰ জিলা। ইফালে কিছু দিনৰ বিৰতিৰ পাছত দেওবাৰে বিয়লিৰ পৰা সোমবাৰে পুৱালৈ মাত্ৰ ১৬ ঘণ্টাৰ ভিতৰত পাঁচটাকৈ ভূমিকম্পই জোকাৰি যোৱাৰ পাছত আগন্তুক দিনত অন্যতম ভূ-কম্পন অঞ্চল হিচাপে পৰিচিত অসমসহ উত্তৰ পূবত বৃহৎ বা উচ্চ প্রাবল্যৰ ভূমিকম্প আহিব পাৰে নেকি তাক লৈ ভূতত্ত্ব বিজ্ঞানীসকল চিন্তিত হৈ পৰিছে। কিয়নো পহিলা জানুৱাৰীৰ পৰা ২৮ মে পৰ্যন্ত বিগত প্ৰায় পাঁচটা মাহত প্ৰায় ১০ টা মান নিম্ন আৰু মধ্য প্রাবল্যৰ  ভূমিকম্পই জোকাৰি গৈছে অসমসহ উত্তৰ পূবৰ কেইবাখনো ৰাজ্য।