Logo
image

খাৰঘুলিৰ পাছত মালিগাঁৱত জল বিস্ফোৰণ

ডিজিটেল সংবাদ, গুৱাহাটীঃ  খাৰঘুলিত জাইকা প্ৰকল্পৰ অধীনত গেমন ইণ্ডিয়াই স্থাপন পানীৰ পাইপত মাত্ৰ চাৰিদিন মান আগতে জল বিস্ফোৰণৰ ঘটনা সংঘটিত হৈ এগৰাকী মহিলা নিহত আৰু দহজনৰো অধিক লোক আহত হৈ চিকিৎসাধীন হ'ব লগা হোৱা ঘটনাৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে সোমবাৰে বিয়লি  মালিগাঁও চাৰিআলিৰ পিয়লি ফুকন চ'কৰ পাণ্ডু সংযোগী পথৰ জালুকবাৰী থানাৰ সন্মুখত পুনৰ গেমন ইণ্ডিয়াই এক দশক পূৰ্বে বহুওৱা পানীৰ পাইপ ফুটি হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। ফলত প্ৰায় এঘণ্টা ধৰি পাণ্ডু সংযোগী পথৰ যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰাৰ লগতে  তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। জানিব পৰা মতে জালুকবাৰী থানাৰ সন্মুখত পাণ্ডু সংযোগী পথত চলি থকা নিৰ্মীয়মান উৰণীয়া সেতুৰ তলত অইন দিনৰ দৰে সোমবাৰেও  দোকান-পোহাৰ, যান-বাহন চলাচলকে ধৰি পথচাৰীসকলে যাতায়ত কৰি আছিল। বিয়লি প্ৰায় ৩ মান বজাত হঠাৎ থানাৰ সন্মুখত পাইপ ফুটি প্ৰায় ২০ মিটাৰমান ওপৰলৈ পানীৰ ফোৱাৰা সৃষ্টি হয়। লগে লগে পাণ্ডু সংযোগী পথটো  জলমগ্ন হৈ পৰে  আৰু এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। 

অৱশ্যে প্ৰায় আধা ঘণ্টামান পাছত গুৱাহাটীৰ পানী যোগানৰ দায়িত্বত থকা জাইকাৰ কৰ্মচাৰীয়ে পানী যোগানৰ সংযোগ বিছিন্ন কৰি দিয়াৰ পাছতহে পৰিস্থিতি কিছু স্বাভাৱিক হয় । উল্লেখ্য যে গুৱাহাটী মহানগৰীত সঘনাই এনেদৰে পাইপ ফুটি জল বিস্ফোৰণ হৈ থকা কাৰ্যত চিন্তিত হৈ পৰিছে সাধাৰণ জনতা। অতি সোনকালে গুৱাহাটী মহানগৰীত থকা পানীৰ পাইপসমূহ ৰাজ্য চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক পৰীক্ষা কৰি চাবলৈ আহ্বান জনাইছে। ইফালে পূৰ্বৰ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী আৰু পূব গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই  খাৰঘুলিৰ জল বিস্ফোৰণৰ দুৰ্ঘটনাৰ পাছত সমগ্ৰ পানী যোগানৰ পাইপত এটা কাৰিকৰী জৰীপ আৰম্ভ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। কিন্তু এই পৰ্যন্ত চৰকাৰে  বিষয়টোত গুৰুত্ব আৰোপ নকৰাত আগন্তুক দিনত পুনৰ জল বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ আশংকাত ৰাইজ আতংকিত হৈ আছে। আনকি গেমন ইণ্ডিয়াই পানীৰ পাইপ বহুওৱা কাৰ্যত দুৰ্নীতি সংঘটিত হোৱা বুলিও ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ।