Logo
image

নুমলীগড় শোধনাগাৰত অগ্নিকাণ্ড, বিস্ফোৰণ

আমাৰ অসম, ৩০ মে’:  গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰত [এন আৰ এল] কালি সন্ধিয়া প্ৰায় ৭.০০ বজাত হায়ড্ৰক্ৰেকাৰ ইউনিটত ভয়াৱহ বিস্ফোৰণৰ ফলত এক  অগ্নিকাণ্ড সংঘটিত হয়৷ শোধনাগাৰৰ বাৰ্ষিক শ্বাট ডাউন অন্ত হোৱাৰ সময়তে আজি সন্ধিয়া প্ৰকল্পটোৰ ৰিয়েক্টৰত উচ্ছ চাপৰ পৰিপ্ৰেক্ষিতত এই বিস্ফোৰণ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে৷ এই বিষ্ফোৰণৰ ফলত উদ্ভৱ হোৱা জুইৰ লেলিহান শিখাই মুহূৰ্তৰ ভিতৰতে প্ৰকল্পটো আগুৰি ধৰে৷ এই বিষ্ফোৰণৰ শব্দ  ১০-১২ কিল’মিটাৰ দূৰলৈকে শুনিবলৈ পোৱা যায়৷ বৃহৎ শব্দৰে বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত শোধনাগাৰটোৰ অভ্যন্তৰত কৰ্মৰত হাজাৰ হাজাৰ লোকৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হয়৷ প্ৰকল্পটোত কৰ্মৰত একাংশ শ্ৰমিক কোনোমতে প্ৰাণৰক্ষা পাবলৈ সক্ষম হয়৷ এই বাতৰি লিখাৰ পৰলৈকে প্ৰকল্পটোত কোনো লোকৰ হতাহত হোৱাৰ বাতৰি লাভ কৰা নাই৷ এন আৰ এলৰ মানৱ সম্পদ বিভাগৰ মুখ্য মহাপ্ৰবন্ধক ড॰ কাজল শইকীয়াই সংবাদ মাধ্যমক সকলো লোক নিৰাপদে আছে বুলি অৱগত কৰে৷ শোধনাগাৰৰ অগ্নি নিৰ্বাপণ বিভাগে তাৎপৰতাৰে জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়৷ এন আৰ এল কৰ্তৃপক্ষই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত প্ৰকল্পৰ বাকী সকলো ইউনিট তাৎক্ষণিকভাৱে বন্ধ কৰি দিয়ে৷ ইফালে এই বিষ্ফোৰণ আৰু অগ্নিকাণ্ডৰ ফলত আতংকিত হৈ নিকটৱৰ্তী ৰাজবাৰীৰ শ শ লোকে ঘৰ-বাৰী এৰি নিৰাপদ স্থানলৈ আঁতৰি যায়৷ জুই নিয়ন্ত্ৰিত হ’লেও শোধনাগাৰৰ লগতে নিকটৱৰ্তী অঞ্চলত তীব্ৰ আতংকই বিৰাজ কৰি আছে৷