Logo
image

হিমন্তবিশ্ব মন্ত্ৰীসভাত সামান্য ৰদ-বদল

আমাৰ অসম, ৩০ মে’: মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মন্ত্ৰীসভাৰ দুই কেবিনেট মন্ত্ৰী নন্দিতা গাৰ্লোছা আৰু যোগেন মহনৰ দপ্তৰৰ সামান্য সালসলনি ঘটোৱাৰ বাবে ৰাজভবনলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ বৰ্তমান ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগৰ দায়িত্বত থকা যোগেন মহনক অতিৰিক্তভাৱে খনি আৰু খনিজাত  সামগ্ৰী বিভাগৰ দায়িত্ব অৰ্পন কৰা হৈছে৷ ঠিক তেনেদৰে শক্তি, সমবায়, খনি আৰু খনিজাত সামগ্ৰী, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি [পুথিভৰাল আৰু সংগ্ৰহালয়] বিভাগৰ দায়িত্বত থকা নন্দিতা গাৰ্লোছাক শক্তি আৰু সমবায় বিভাগৰ উপৰিও অতিৰিক্তভাৱে ক্ৰীড়া আৰু যুৱ কল্যান বিভাগ, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি [কেৱল পুৰাতত্ব সঞ্চালকালয়] বিভাগৰ দায়িত্ব অৰ্পন কৰাৰ সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ উল্লেখ্য যে খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি [পুথিভৰাল সংগ্ৰহালয় আৰু পুৰাতত্ব সঞ্চালকালয়ৰ বাহিৰে] বিভাগৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ ওচৰত থাকিব৷