Logo
image

প্লাষ্টিক বৰ্জ্যৰে নিৰ্মাণ হ’ব নীলা ৰাজপথ

আমাৰ অসম, ৩০ মে’:  ক’লা পিচ ৰাস্তাৰ পৰিৱৰ্তে নীলা ৰঙৰ পথ দেখি অনেকেই অবাক হৈছে৷ এনে ধৰণৰ ৰঙৰ পথ ডুবাই অথবা মধ্যপ্ৰাচ্যৰ দুই-এখন চহৰত দেখা যায়৷  পিছে ভাৰতত এনে পথ বিৰল৷ সেই বিৰল কামকেই কৰি দেখুৱাইছে পশ্চিম বংগৰ পূৰ্ব বৰ্ধমান জিলাৰ ৰাইনা ব্লকত৷ পেলনীয়া প্লাষ্টিকেৰে এই পথ তৈয়াৰ কৰা হৈছে৷ পথটোৰ দৈৰ্ঘ্য ৩২০ মিটাৰ৷ পথ নিৰ্মাণত ব্যয় হৈছে প্ৰায় ২৩ লাখ টকা৷ সৰ্বসাধাৰণ পিচ দিয়াৰ পথৰ খৰচতকৈ পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ কৰা এনে পথৰ খৰচ যথেষ্ট কম হৈছে৷ অলপতে পশ্চিম বংগৰ এই পথ উদ্বোধন কৰিলে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী প্ৰদীপ মজুমদাৰে৷ পথ নিৰ্মাণ কৰা অভিযন্তাসকলে জনোৱা অনুসৰি বিটুমিনৰ সৈতে পেলনীয়া, অব্যৱহূত প্লাষ্টিক মিহলাই এই পথ তৈয়াৰ কৰা হৈছে৷ ইয়াৰ ফলত এই পথ কম গৰম হ’ব আৰু পানী জমা হোৱাৰ প্ৰৱণতা কম হ’ব৷ এজন অভিযন্তাই জনোৱা অনুসৰি ডুবাইত অধিক তাপমাত্ৰাৰ বাবে বহু পথত নীলা ৰঙৰ প্ৰলেপ দিয়া হয়৷ সেই প্ৰলেপো অব্যৱহূত প্লাষ্টিকৰ পৰাই দিয়া হয়৷ ইয়াৰ ফলত তেনেধৰণৰ পথে তাপমাত্ৰা কম নিৰ্গত কৰে৷ ডুবাইৰ সেই ব্যৱস্থা দেখিয়েই পশ্চিম বংগৰ পূৰ্ব বৰ্ধমান জিলাত এই নতুন প্ৰযুক্তিৰে পেলনীয়া প্লাষ্টিকৰ দ্বাৰা পথ নিৰ্মাণ কৰা হৈছে৷ অভিযন্তাসকলৰ মতে, ভাৰতত এনেদৰে ইয়াৰ পূৰ্বে ইমান দৈৰ্ঘ্যৰ পথ পেলনীয়া প্লাষ্টিকৰ দ্বাৰা নিৰ্মাণ কৰা হোৱা নাই৷ উল্লেখ্য, এতিয়াৰ পৰা কেইবামাহো পূৰ্বে উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশত সমগ্ৰ দেশত পুনৰ ব্যৱহাৰৰ অযোগ্য প্লাষ্টিক নিষিদ্ধ কৰা হৈছিল৷ প্ৰথম কেইদিনমান প্ৰশাসনৰ কঠোৰ নিষেধাজ্ঞাৰ বাবে তেনে প্লাষ্টিকৰ ব্যৱহাৰ প্ৰায় নোহোৱা হৈছিল৷ কিন্তু দিন যোৱাৰ লগে লগে পুনৰ তেনে প্লাষ্টিকৰ ব্যৱহাৰ আৰম্ভ হয় আৰু ফেক্টৰীসমূহতো সেই প্লাষ্টিক পুৰ্ণোদ্যমে উৎপাদন হৈ আছে৷ ইয়াৰ ফলত সমগ্ৰ দেশত পুনৰ ব্যৱহাৰৰ অযোগ্য প্লাষ্টিক পূৰ্বৰ দৰেই চলি আছে৷ এনে এক সময়ত পশ্চিম বংগৰ পূৰ্ব বৰ্ধমান জিলাৰ তেনেই পিছপৰা এটা অঞ্চলত পেলনীয়া প্লাষ্টিকেৰে পথ নিৰ্মাণ কৰি বিৰল দৃষ্টান্ত স্থাপন কৰিছে৷