Logo
image

গুৱাহাটী পালেহি বন্দে ভাৰত

আমাৰ অসম, ৩০ মে’:  ভাৰতীয় ৰেলৱেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘‘আত্মনিৰ্ভৰ ভাৰত’’ কাৰ্যসূচীৰ অধীনত সম্পুৰ্ণ স্বদেশী প্ৰযুক্তিৰে নিৰ্মাণ কৰা ‘‘বন্দে ভাৰত’’ এক্সপ্ৰেছ অবশেষত গুৱাহাটী আহি পাইছে৷ মূলতঃ পৰ্যটকক আকৰ্ষিত কৰাৰ লক্ষ্যৰে ভাৰতীয় ৰেলৱেই দেশৰ প্ৰধান চহৰ সমূহক বন্দে ভাৰত এক্সপ্ৰেছ নামৰ বিশেষ অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা ৰেলখনৰে    গুৱাহাটীক সংযোগ কৰাৰ পাছত নিশ্চিতভাৱে পৰ্যটকক আকৰ্ষণ কৰাৰ লগতে এক ইতিবাচক প্ৰভাৱ পৰিব বুলি আশা কৰা হৈছে৷  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ উদ্যোগত অষ্টলক্ষ্মী হিচাপে অভিহিত কৰি অহা উত্তৰ পূবৰ অন্যতম বাণিজ্যিক চহৰ গুৱাহাটীৰ সৈতে চুবুৰীয়া পশ্চিমবংগৰ আন এখন বাণিজ্যিক চহৰ নিউ জলপাইগুৰীৰ সৈতে সোমবাৰৰ পৰা বন্দে ভাৰত এ’প্ৰেছৰে সংযোগ কৰা হয়৷  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ পৰা সোমবাৰে দুপৰীয়া চাৰে বাৰ বজাত ভাৰ্চুৱেলি ব্যৱস্থাৰে গুৱাহাটীক জলপাইগুড়ীৰ সৈতে সংযোগ কৰা অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে৷ ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে ৯১.০৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ নিউ বঙাইগাঁও - দুধনৈ - মেন্দিপধাৰ আৰু ৯১ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী – চাপৰমুখ নৱনিৰ্মিত বৈদ্য়ুতিকৰণ কৰা খণ্ডটো ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে৷ তেনেদৰে শেহতীয়াকৈ লামডিঙত নিৰ্মাণ কৰা এটা নতুন ডেমু/মেমু শ্বেড উদ্বোধন কৰে৷ আনহাতে গুৱাহাটী ৰেল ষ্টেচনত এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া; অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা,  কেন্দ্ৰীয় ৰে’ল, যোগাযোগ আৰু ইলেক্ট্ৰনিকছ ও তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ,  কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ ও আয়ুষ মন্ত্ৰালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় গৃহ আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া  দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী নিশীথ প্ৰামাণিক, অসম চৰকাৰৰ পৰিবহণ, মীন পালন আৰু আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ ক্ৰমে - কুইন ওজা,  কামাখ্যা প্ৰসাদ তাচা, পবিত্ৰ মাৰ্ঘেৰিটা, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য,  উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহা প্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ লগতে সদৰ কাৰ্যালয় আৰু ৰেলৱেৰ অন্যান্য মণ্ডলৰ জ্যেষ্ঠ বিষয়াবৰ্গও গুৱাহাটী ষ্টেচনত উপস্থিত থাকে৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় - উত্তৰ-পূৰ্ব্বাঞ্চলৰ যোগাযোগৰ দিশত আজি এটা গুৰুত্বপূৰ্ণ দিন৷  কিয়নো তিনিটা উন্নয়নমূলক কাম একেলগে সম্পূৰ্ণ হৈছে৷  গুৱাহাটী-নিউ জলপাইগুড়ী বন্দে ভাৰত ৰে’লে অসম আৰু পশ্চিম বংগৰ মাজত শতাব্দী প্ৰাচীন সম্পৰ্ক অধিক শক্তিশালী কৰিব৷ এই ৰেল সেৱাই ভ্ৰমণৰ সুগমতা বৃদ্ধি কৰিব আৰু শিক্ষাৰ্থীসকলক বৃহৎ লাভালাভ প্ৰদান কৰিব৷  পৰ্যটন আৰু ব্যৱসায়ৰ পৰিণামস্বৰূপে সৃষ্টি হোৱা কৰ্মসংস্থানৰ সুযোগ বৃদ্ধি কৰিব৷  এই বন্দে ভাৰতে মা কামাখ্যা মন্দিৰ, কাজিৰঙা, মানস ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যলৈ সংযোগ প্ৰদান কৰিব৷  এই ৰেলসেৱাই শ্বিলং, মেঘালয়ৰ চেৰাপুঞ্জি আৰু অৰুণাচল প্ৰদেশৰ টাৱাং আৰু পাছিঘাটড ভ্ৰমণ আৰু পৰ্যটন বৃদ্ধি কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে সদৰি কৰে৷ উল্লেখযোগ্য যে মঙলবাৰৰ বাহিৰে সপ্তাহত ছয়দিন গুৱাহাটী-নিউ জলপাইগুড়ী বন্দে ভাৰত এক্সপ্ৰেছ ৰেলখনৰ সেৱা উভয় দিশৰ পৰাই পৰিচালিত হ’ব৷ বন্দে ভাৰত এক্সপ্ৰেছ ৩১ মে’ৰ পৰা নিউ জলপাইগুড়ীৰ পৰা পুৱা ৬.১০ বজাত যাত্ৰা আৰম্ভ কৰি দুপৰীয়া ১১.৪০ বজাত আহি গুৱাহাটী ৰেল ষ্টেচন পাব৷ তেনেদৰে গুৱাহাটী ৰেল ষ্টেচনৰ পৰা বিয়লি ৪.৩০ যাত্ৰা আৰম্ভ কৰি নিশা ১০ বজাত বজাত গৈ নিউ জলপাইগুড়ী ৰে’ল ষ্টেচনত  উপস্থিত হব৷ উভয় দিশৰ যাত্ৰাৰ সময়ত ৰেলখনত কামাখ্যা, নিউ বঙাইগাঁও, কোকৰাঝাৰ, নিউ আলিপূৰদুৱাৰ আৰু নিউ কোচবিহাৰ ষ্টেচনত ষ্টপেজ থাকিব৷ ৰে’লখনে গুৱাহাটী আৰু উত্তৰ-পূৰ্ব্বাঞ্চলৰ প্ৰৱেশদ্বাৰ নিউ জলপাইগুড়ীৰ মাজত ভ্ৰমণৰ সময় যথেষ্ট হ্ৰাস কৰিব৷ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণব, কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী নিখিথ প্ৰামাণিক,  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাযো চমু ভাষণত গুৱাহাটীক বন্দে ভাৰত এক্সপ্ৰেছৰে সংযোগ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে৷

‘বন্দে ভাৰত’ক ৰঙিয়াত আদৰণি

‘আমাৰ অসম’ৰ ৰঙিয়াৰ বিশেষ প্ৰতিবেদকঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী শুভ উদ্বোধন কৰা দ্ৰুতগামী যাত্ৰীবাহী ৰে’ল বন্দে ভাৰত সোমবাৰে ১২ বজাত ৰঙিয়াত উপস্থিত হয়৷ ৰে’লখন আজি কেন্দ্ৰীয় ৰাজ্যিক ৰে’লমন্ত্ৰী ৰাওচাহেৱ দাদাৰাওৱে দিনৰ ১১ বজাত গুৱাহাটী ৰে’ল ষ্টেচনত ফ্লেগ অফ কৰি শুভ উদ্বোধন কৰাৰ পাছতে ৰঙিয়াত আহি উপস্থিত হয়৷ দ্ৰুতগামী ৰে’লখন ৰঙিয়া জংচনত উপস্থিত হোৱাৰ লগে লগে ৰঙিয়া ষ্টেচনত ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ ৰয়ৰ লগতে ৰঙিয়া ৰে’লৱে মাণ্ডলিক সংমণ্ডলজনে আদৰণি জনায়৷ ৰে’লখনত উঠি গুৱাহাটীৰ পৰা অহা যাত্ৰীসকলক উষ্ম আদৰণি জনায়৷ দ্ৰুতগামী ৰে’লখন শুভাৰম্ভ কৰা সন্দৰ্ভত বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতিজনে কয় যে ভাৰতক এখন আগশাৰীৰ ৰাষ্ট্ৰ হিচাপে পৰিচিত কৰাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চেষ্টা অব্যহত ৰাখিছে হ্ল সেই মতে প্ৰায়ক্ষেত্ৰতে উন্নয়ন আৰম্ভ হৈছে৷ উদাহৰণস্বৰূপে কালি দিল্লীত আটকধুনীয়া সাংসদ ভৱনটো উদ্বোধন কৰিলে বুলি উল্লেখ কৰি বিধায়ক কলিতাই কয় যে আজি পুনৰ সমগ্ৰ উত্তৰ-পূবৰ ৰে’ল যাত্ৰীৰ সুবিধাৰ বাবে দ্ৰুততম যাত্ৰীবাহী ৰে’ল বন্দে ভাৰত শুভ উদ্বোধন কৰিলে৷

নিউ বঙাইগাঁৱত বন্দে ভাৰত এক্সপ্ৰেছক আদৰণি

‘আমাৰ অসম’ৰ বঙাইগাঁৱৰ প্ৰতিনিধিঃ দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পতাকা জোকাৰি ভাৰ্চুৱেলী আজি শুভাৰম্ভ কৰে ২২২২৭/২২২২৮ নং নিউ জলপাইগুৰি-গুৱাহাটী বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লখন৷ যাত্ৰীৰ বাবে অত্যাধুনিক সুবিধাযুক্ত দেশৰ ১৮ নং এই বন্দে ভাৰত ৰে’লখন আজি দিনৰ ১২ বজাত গুৱাহাটীৰ পৰা ফ্লেগ অফযোগে এই যাত্ৰাৰ শুভাৰম্ভ কৰা হয়৷  বিভিন্ন ষ্টেচনৰ মাজেৰে পাৰ হৈ যোৱা ৰে’লখনে বিয়লি ৩.৩০ বজাত নিউ বঙাইগাঁও ষ্টেচনত উপস্থিত হয়৷ ৰে’লখন নিউ বঙাইগাঁও ৰে’লৱে জংচন পোৱাৰ লগে লগে বিপুলভাৱে আদৰণি জনোৱা হয়৷ ৰে’লখনক আদৰিবলৈ নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত এক বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয়৷ এই অনুষ্ঠানত ৰে’ল বিভাগৰ এৰিয়া মেনেজাৰ সঞ্জীৱ দাস,  অতিৰিক্ত উপ-আয়ুক্ত মোগেন নৰহ, বঙাইগাঁও পৌৰসভাৰ সভাপতি সুবোধ চন্দ্ৰ দাস, বঙাইগাঁও উন্নয়ন প্ৰাধিকৰণ কতৃৰ্পক্ষৰ অধ্যক্ষ গোপেশ্বৰ তালুকদাৰ, বিজেপিৰ জিলা সভানেত্ৰী হিমানী অধিকাৰী, আই অ’ চি এলৰ কাৰ্যবাহী সঞ্চালক এম কে বৰুৱা, ৰে’লৱে ব’ৰ্ড কনজিউমাৰ এডভাইজাৰী সদস্য মহেশ কুমাৰ আগৰৱালাসহ আৰু কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে সাংবাদিকসকলো উপস্থিত থাকে৷