Logo
image

জোনমণি ৰাভাৰ মৃত্যুৰ ন্যায়িক তদন্তৰ দাবী ৰিপুন বৰাৰ

ডিজিটেল সংবাদ, নগাঁওঃ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই মঙলবাৰে দলৰ নগাঁও জিলা কাৰ্যালয় উদ্বোধন কৰে। তেওঁ নগাঁৱত সাংবাদিকৰ আগত কেতবোৰ বিস্ফোৰক মন্তব্য কৰে। তেওঁ কয় যে এছ আই জোনমণি ৰাভা ৰহস্যজনকভাৱে দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা ঘটনাৰ লগত জড়িত প্ৰকৃত দোষী সাৰি যোৱা আৰু অসমৰ ৰাইজক জোনমণিৰ মৃত্যুৰ প্ৰসংগ পাহৰাই দিয়াৰ উদ্দেশ্যেৰে মুখ্যমন্ত্ৰীয়ে তদন্তৰ ভাৰ চি বি আইক দিয়াৰ কথা ঘোষণা কৰিছে। লগতে তেওঁ কয় যে এটা গোচৰৰ প্ৰতিবেদন দাখিল কৰিবলৈ চি বি আইৰ পাঁচ বছৰৰ পৰা ২০ বছৰ পৰ্যন্ত সময় প্ৰয়োজন হয়। এনে ৱক্ষেত্ৰত জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত লেহেমীয়া কৰাৰ উদ্দেশ্যৰে গোচৰটো চি বি আইক অৰ্পণ কৰা হৈছে। জোনমণি ৰাভাৰ মৃত্যুত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ আৰক্ষী বিষয়াৰ নাম সাঙোৰ খোৱা বুলিও ৰিপুন বৰাই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। উল্লেখ্য যে ৰিপুন বৰাই জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী জনায়। নগাঁৱত উপস্থিত হৈ তৃণমূল কংগ্ৰেছৰ জিলা কাৰ্যালয় উদ্বোধন কৰি দলীয় নেতা কৰ্মীৰে মত-বিনিময় কৰে ৰিপুন বৰাই।