Logo
image

গুৱাহাটীত যুৱতীক যৌন নিৰ্যাতন, অভিযুক্তক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীৰ দিছপুৰ থানাৰ অন্তৰ্গত গণেশগুৰিৰ এইচ এম ফুটৱেৰ নামৰ এখন দোকানত টেৰেছা লিগো নামৰ যুৱতীৰ শালীনতা হানিৰ অপচেষ্টা কৰি গ্ৰেপ্তাৰ হ'ল দোকানখনৰ ছেলছমেন। যুৱতীক যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ নাম ছাজিদুৰ ৰহমান। ছাজিদুৰ ৰহমানে নিশা প্ৰায় আঠ বজাত দোকানলৈ অহা গ্ৰাহক যুৱতীগৰাকীক পাঁচবাৰকৈ হেঁচা মাৰি ধৰি গুপ্তাংগ স্পৰ্শ কৰাৰ চেষ্টা কৰে। ভুক্তভোগী যুৱতীগৰাকীয়ে ৰহমানৰ কবলৰ পৰা বাচিবলৈ আপ্ৰাণ চেষ্টা চলাই কোনোমতে নিজকে সুৰক্ষিত ৰাখিবলৈ সক্ষম হয়। টেৰেছা লিগোৰ অভিযোগৰ ভিত্তিত ছাজিদূৰ ৰহমানক গ্ৰেপ্তাৰ কৰে দিছপুৰ আক্ষীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।