Logo
image

কেৰালাত থকা ভাতৃৰ নামত ড্ৰাইভিং টেষ্ট দিবলৈ আহি গ্ৰেপ্তাৰ ককায়েক

ডিজিটেল সংবাদ, নগাঁওঃ বিভিন্ন বিভাগত চলি থকা দালালৰ বিৰুদ্ধে চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে যদিও অন্ত পৰা নাই দালালৰাজ। অসম চৰকাৰৰ পৰিবহণৰ দৰে বহু বিভাগত একাংশ দালালে বৰ্তমানেও চলাই আহিছে দালালি। আপুনি যদি এখন চালকৰ অনুজ্ঞাপত্ৰ উলিয়াব বিচাৰিছে আপুনি য'তেই নাথাকক, ড্ৰাইভিং টেষ্টৰ সময়ত আন এজনক ঠিয় কৰাই দি আপোনাৰ নামত ড্ৰাইভিং লাইচেন্স উলিয়াই দিব দালালে। কেৱল আপুনি দালালক বিচৰা ধৰণেৰে টকা আদায় দিলেই হ'ল। নগাঁৱত এতিয়াও চলি আছে ড্ৰাইভিং লাইচেঞ্চৰ নামত দালালি।ছয় হাজাৰ টকাত সাক্ষাৎকাৰ নিদিয়াকৈ লাভ কৰিব পাৰি ড্ৰাইভিং লাইচেঞ্চ। উল্লেখ্য যে নগাঁৱত ভাতৃৰ হৈ ড্ৰাইভিং লাইচেঞ্চৰ বাবে পৰীক্ষা দিবলৈ আহি আটক হ'ল ককায়েক। আতাবুৰ ৰহমান নামৰ এজনৰ হৈ ড্ৰাইভিং লাইচেন্সৰ বাবে সাক্ষাৎকাৰ দিবলৈ অহা জিয়াবুৰ ৰহমান নামৰ এজনক পৰিবহণ বিভাগে আটক কৰি গতালে নগাঁও আৰক্ষীক। ভাতৃ আতাবুৰ ৰহমানৰ হৈ ড্ৰাইভিং টেষ্ট দিবলৈ আহিছিল জিয়াবুৰ। আতাবুৰ ৰহমান বৰ্তমান থাকে কেৰালাত। জিয়াবুৰ ৰহমানে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, ইক্ৰামূল হুছেইন নামৰ দালালজনক লাইচেঞ্চ উলিওৱাৰ নামত জিয়াবুৰে দিছিল ৬ হাজাৰ টকা। ইক্ৰামূলৰ প্ৰৰোচনাতে চালকৰ অনুজ্ঞাপত্ৰৰ বাবে জিয়াবুৰে ভাতৃৰ হৈ সাক্ষাৎকাৰ দিবলৈ আহিছিল৷।