আই পি এলত চি এছ কেৰ সফলতা
এইবাৰৰ আই পি এলৰ লীগ পৰ্যায়ৰ খেলৰ অন্তত যোৱাবাৰৰ চেম্পিয়ন গুজৰাট টাইটানছকে খিতাপৰ প্ৰবল দাবীদাৰ হিচাপে গণ্য কৰা হৈছিল৷ এনে ধাৰণাৰ যুক্তি আছিল হাৰ্দিক পাণ্ডিয়া নেতৃত্বাধীন দলটোৰ প্ৰদৰ্শন৷ লীগৰ ১৪খন খেলৰ দহখন খেলত জয়ী হৈ শীৰ্ষস্থানৰ দল হিচাপে প্লে-অফত উপনীত হৈছিল গুজৰাট৷ তাৰ বিপৰীতে পইণ্ট তালিকাৰ দ্বিতীয় স্থানত থাকি প্লে-অফলৈ উন্নীত হৈছিল মহেন্দ্ৰ সিং ধোনিৰ চেন্নাই ছুপাৰ কিংছ [চি এছ কে]৷ সকলোৱে ভাবি লৈছিল যে ধোনিয়ে অন্তিমবাৰৰ বাবে আই পি এলত ভাগ লৈছিল আৰু চেন্নাই ছুপাৰ কিংছৰ প্ৰতিজন সদস্যই বিচাৰিছিল জয়েৰে প্ৰিয় তাৰকাজনক বিদায় জনাবলৈ৷ প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটানছক পৰাস্ত কৰি চেন্নাই ছুপাৰ কিংছ ফাইনেলত উপনীত হোৱাৰ পাছত খিতাপৰ যুঁজত আকৌ এবাৰ দুয়োটা দল পৰস্পৰৰ সন্মুখীন হৈছিল৷ বৰষুণৰ বাবে ফাইনেলৰ প্ৰথম দিনটো পৰিত্যক্ত হোৱাৰ পাছত ৰিজাৰ্ভ ডে’ৰ দিনা ৰোমাঞ্চকৰ খেলত অন্তিম বলটোত জয়ী হৈ পঞ্চমবাৰৰ বাবে আই পি এলৰ চেম্পিয়নৰ সন্মান লাভ কৰিলে চেন্নাই ছুপাৰ কিংছে৷ এইদৰে মুম্বাই ইণ্ডিয়ানছৰ সৈতে যুগ্মভাৱে আই পি এলৰ সফলতম দল হিচাপে বিবেচিত হ’ল মহেন্দ্ৰ সিং ধোনিৰ দলটো৷ যোৱা বছৰ লীগ পৰ্যায়ৰ অন্তিমখন খেলত পৰাস্ত হৈ পইণ্ট তালিকাৰ নৱম স্থানত থাকি বিদায় লৈছিল চেন্নাই ছুপাৰ কিংছে৷ সেই সময়ত ধোনিয়ে কৈছিল যে এই ব্যৰ্থতা পাহৰি পৰৱৰ্তী ছীজনত দলটোৰ লক্ষ্য হ’ব অনুৰাগীৰ মুখত সন্তুষ্টিৰ হাঁহি বিৰিঙোৱা৷ ভাৰতীয় ক্ৰিকেটৰ অন্যতম সফল অধিনায়কজনে তাকেই কৰিলে৷ অধিনায়ক ধোনিৰ লগতে টীম মেনেজমেণ্টে বিশেষ পৰিকল্পনাৰে দলটো আগুৱাই নিছিল আৰু ক্ৰিকেটাৰসকলৰ পৰাও তেওঁলোকে পাইছিল যথোচিত সহযোগিতা৷ এইবাৰৰ আই পি এলৰ আটাইকেইখন ভেন্যুতে চেন্নাই ছুপাৰ কিংছক সমৰ্থন জনোৱাৰ বাবে যিধৰণে দৰ্শক উপস্থিত হৈছিল, সিয়েই প্ৰমাণ কৰে টুৰ্নামেণ্টখনৰ সবাতোকৈ জনপ্ৰিয় দলটো হৈছে চেন্নাই ছুপাৰ কিংছ আৰু ক্ৰিকেটানুৰাগীয়ে দলটোক এনেদৰে ভাল পোৱাৰ মূল কাৰণটোৱেই হৈছে ধোনি৷
এইবাৰৰ আই পি এলৰ শ্ৰেষ্ঠ অধিনায়কজন কোন বুলি প্ৰশ্ন কৰিলে বহুতেই গুজৰাট টাইটানছৰ হাৰ্দিক পাণ্ডিয়াৰ নাম ল’ব যদিও এটা কথা স্বীকাৰ কৰিবই লাগিব যে চেন্নাই ছুপাৰ কিংছে আই পি এলৰ খিতাপ জয়ৰ নেপথ্যত আছিল মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বৰ বিচক্ষণতা৷ কি পৰিস্থিতিত কেনেধৰণৰ সিদ্ধান্ত ল’ব লাগে, সেই বিষয়ত ধোনি সিদ্ধহস্ত৷ আন এটা কথা স্বীকাৰ কৰিব লাগিব যে ধোনিৰ উপস্থিতিয়ে দলটোৰ আন সদস্যক উৎসাহিত কৰে৷ চেন্নাই ছুপাৰ কিংছৰ সমৰ্থকৰ মনত থকা গভীৰ ভালপোৱাই ধোনিক দলটোৰ সৈতে জড়িত হৈ থাকিবলৈ উৎসাহিত কৰিছে৷ এইবাৰৰ আই পি এল আৰম্ভ হোৱাৰ সময়ৰ পৰা ধোনিৰ অৱসৰৰ বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছিল৷ সকলোৱে ভাবিছিল আই পি এলত অন্তিমবাৰ দেখা গৈছে ক্ৰিকেটাৰজনক৷ টুৰ্নামেণ্টখন চলি থকা সময়ত ভৱিষ্যৎ সন্দৰ্ভত একাধিকবাৰ ধাৰাভাষ্যকাৰৰ প্ৰশ্নৰ সন্মুখীন হৈছিল ধোনি৷ ফাইনেলত জয়ী হোৱাৰ পাছত ট্ৰফী গ্ৰহণ কৰাৰ প্ৰাক্ মুহূৰ্ততো ধাৰাভাষ্যকাৰ হৰ্ষ ভোগলেই ধোনিক প্ৰশ্ন কৰিছিল অৱসৰৰ বিষয়ে৷ উত্তৰত তেওঁ কৈছিল যে সম্ভৱতঃ অৱসৰৰ সিদ্ধান্ত লোৱাৰ এয়াই উপযুক্ত সময়৷ কিন্তু বিগত কেইমাহমান সমগ্ৰ দেশতে তেওঁ যি সমৰ্থন আৰু ভালপোৱা পাইছে, সেয়া সহজে পাহৰিব নোৱাৰি৷ সেইবাবে আই পি এলত আৰু এটা ছীজন খেলাৰ হেঁপাহ আছে৷ সেই বিষয়ে ভাবিবলৈ তেওঁৰ হাতত ৬-৭ মাহৰ সময় আছে৷ বিষয়টো নিৰ্ভৰ কৰিব তেওঁৰ শৰীৰৰ ওপৰত৷
এইবাৰৰ আই পি এলৰ এটা গুৰুত্বপূৰ্ণ দিশ আছিল বেটিং আৰু বলিঙত ভাৰতীয় ক্ৰিকেটাৰৰ উজ্জীৱিত প্ৰদৰ্শন৷ সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটাৰৰ শীৰ্ষৰ পাঁচজনৰ মাজত আছে তিনিজন ভাৰতীয়৷ তেনেদৰে সৰ্বাধিক উইকেট লাভ কৰা বলাৰৰ শীৰ্ষৰ পাঁচজনৰ চাৰিজনেই হৈছে ভাৰতীয়৷ নিঃসন্দেহে ভাৰতীয় ক্ৰিকেটাৰৰ বাবে এয়া উৎসাহৰ বিষয়৷ যশস্বী জয়ছোৱাল, ৰিংকু সিং, আকাশ মাধোৱাল, তুষাৰ দেশপাণ্ডে, তিলক বাৰ্মাৰ দৰে ক্ৰিকেটাৰে ক্ৰিকেট বিশেষজ্ঞৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ এয়াই হৈছে আই পি এলৰ সফলতা৷






