Logo
image

উৎকট গৰমত উচ্ছেদ, ঢলি পৰিল আৰক্ষী

আমাৰ অসম, ৩১ মে’:  উৎকট গৰমৰ মাজতে তিনিদিনৰ অন্তত শোণিতপুৰৰ বৰছলাত আৰম্ভ হোৱা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ উচ্ছেদ অভিযান কালি সামৰণি পৰে৷ উচ্ছেদৰ মাজতে উৎকট গৰমত দ্বীজেন বৰা নামৰ আৰক্ষী উপ-পৰিদৰ্শকজনৰ মৃত্যু হয়৷ তেওঁ আজি মুছলিম চৰত উচ্ছেদ চলি থকাৰ সময়ত নিজ দায়িত্ব  পালন কৰি আছিল আৰু দিনৰ প্ৰায় ১.৩০ বজাত উৎকট গৰমত তেওঁ সংজ্ঞাহীন হৈ পৰে৷ মায়ং থানাৰ উপপৰিদৰ্শক বৰাক ততাতৈয়াকৈ নাৱেৰে শিঙৰীলৈ অনাৰ পিছত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷ আজিৰ এই ঘটনাই উচ্ছেদত জড়িত থকা সকলো বিষয়া, কৰ্মচাৰীৰ মাজত শোকৰ ছাঁ পেলাইছে৷ উল্লেখ্য যে, আজি পুৱা প্ৰায় আঠ বজাত বৰছলাৰ মুছলিম চৰ, চাদ্দুটিলা চৰ, শিঙৰী চৰ, চিতলমাৰী চৰত উচ্ছেদ চলে৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় সংযোজনৰ মুঠ ২১হেজাৰ বিঘা মাটি বেদখল মুক্ত কৰাৰ বাবে এই অভিযান তিনিদিন পূৰ্বে শোণিতপুৰত আৰম্ভ কৰা হৈছিল৷ উল্লেখ্য যে, শোণিতপুৰৰ মুঠ নটা চৰৰ ১১ হেজাৰ ভূমিৰ পৰা প্ৰায় আঠশটা বাসগৃহৰ লগতে প্ৰায় পাঁচ হেজাৰ বেদখলকাৰীক উচ্ছেদ কৰা হয়৷ আজি দিনৰ তিনিবজাত শোণিতপুৰৰ উচ্ছেদ অভিযানৰ সামৰণি পৰে৷ ৬০খন বৃহৎ নাৱৰ সহায়ত প্ৰায় চাৰিহেজাৰ নিৰাপত্তাৰক্ষী, ট্ৰেক্টৰ আদিৰে ব্ৰহ্মপুত্ৰৰ মাজৰ এই চৰচাপৰি এলেকাত উপস্থিত হোৱা উচ্ছেদকাৰী দলৰ আগমনৰ পূৰ্বেই বহুসংখ্যক বেদখলকাৰীয়ে নিজা ঘৰদুৱাৰ ভাঙি বয়বস্তু সহ আঁতৰি যায়৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে বুঢ়া চাপৰি, লাউখোৱা আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাজত বন্যপ্ৰাণী কৰিডৰ মোকলোৱাৰ বাবে চলা এই উচ্ছেদ অভিযানৰ তৃতীয় দিনটোলৈকে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই৷ ইফালে দৰং জিলাৰ হামুচৰ আৰু পঞ্চুচৰৰ কেইবাটাও স্থানত উচ্ছেদ অভিযান চলায় প্ৰশাসনে৷ ইয়াকে লৈ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে৷

উৎকট গৰমঃ দৰঙত শ্ৰেণী কোঠাত মূৰ্চা গ’ল ছাত্ৰী

‘আমাৰ অসম’ৰ পশ্চিম দৰঙৰ প্ৰতিবেদকঃ দৰঙৰ পশ্চিমাঞ্চলত উৎকট গৰমৰ বাবে বিদ্যালয়ৰ শ্ৰেণী কোঠাত মূৰ্চা গৈছে কেবাজনো শিক্ষাৰ্থী৷ বিষ্ণুপৰস্থ বাপুজী বালিকা উচ্ছ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই অঘটন৷ গৰমৰ বাবে ৰিম্পী বেগম নামৰ নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকী প্ৰাতঃসভাৰ পিছতে মূৰ ঘূৰাই পৰি মূৰ্চা যায়৷ বহু সময়লৈ ছাত্ৰী গৰাকীয়ে মাত বোল নকৰাত বিদ্যালয়ৰ কতৃৰ্পক্ষই অভিভাৱকৰ সহায়ত বেজেৰা সামূহিক স্বাস্থ্য কেন্দ্ৰত ভত্তিৰ্ কৰায়৷ অৱশ্যে চিকিৎসা প্ৰদানৰ পিছত আৰোগ্য লাভ কৰে ছাত্ৰী গৰাকীয়ে৷ তদুপৰি বিশ পচিশ মিনিটৰ অন্তৰালত বিদ্যালয়খনৰ আন তিনিগৰাকী ছাত্ৰী শ্বাস-প্ৰশ্বাসত কষ্ট পোৱা আৰু মূৰ্চা যোৱাৰ ঘটনা ঘটে৷ এই লৈ বিদ্যালয়ৰ ছাত্ৰীসকলৰ মাজত ভীতিগ্ৰস্ততাই বিৰাজ কৰে৷ মূলতঃ উৎকট গৰমৰবাবে স্বাস্থ্য জনিত এই সমস্যাৰ উদ্ভৱ হোৱাত এক প্ৰকাৰৰ হাহাকাৰ লাগে বিদ্যালয়ত৷