Logo
image

হিমন্তবিশ্ব মন্ত্ৰীসভাৰ আচম্বিত ৰদ-বদলৰ আঁৰৰ কাহিনী

আমাৰ অসম, ৩১ মে’:   মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে আচম্বিতে তেওঁৰ মন্ত্ৰীসভাৰ দুই সদস্যৰ দপ্তৰৰ সালসলনি কৰিলে৷ দুই মন্ত্ৰীৰ দপ্তৰ সালসলনিক কেন্দ্ৰ কৰি এতিয়া বাজপেয়ী ভৱন আৰু দিছপুৰত ব্যাপক গুণা-গথা চলি আছে৷ আপাত দৃষ্টিত চাবলৈ গ’লে দুই মন্ত্ৰীৰ বিভাগৰ এই সামান্য সাল-সলনি এক নিয়ম মাফিক ঘটনা যদিও ইয়াৰ অন্তৰালত জটিল ৰাজনৈতিক সমীকৰণ লুকাই আছে৷ শেহতীয়াভাৱে হঠাৎ যেন এক গুৰুত্বপূৰ্ণ বিভাগলৈ পৰিণত হৈছে ৰাজ্যৰ খনি আৰু খনিজাত সামগ্ৰী বিভাগটো৷ কিছুদিন আগলৈ কোনেও উভতি নচোৱা, মুঠেই গুৰুত্ব নিদিয়া এই বিভাগটো  নিশাটোৰ ভিতৰত তেন্তে কিয় আদৰৰ হৈ পৰিল? উল্লেখ্য যে বিজেপি চৰকাৰে কয়লা আৰু বালিৰ দৰে যথেষ্ট চাহিদা থকা খনিজ সম্পদৰ অধিকাৰ এই বিভাগটোক অৰ্পন কৰে৷ পূৰ্বতে দিনৰ পিছত দিন ধৰি হামিয়াই-হিকটিয়াই সময় অতিবাহিত কৰা খনি আৰু খনিজাত সামগ্ৰী বিভাগটোৰ বিষয়া-কৰ্মচাৰীৰ এতিয়া ব্যস্তাৰ যেন অন্ত নাই৷ পাহাৰীয়া জিলা দুখনৰ উপৰিও ৰাজ্যৰ বহু ঠাইত থকা কয়লা খনি এতিয়া এই বিভাগটোৰ অধীনত৷ যাৰ বাবে বিভাগটোৰ গুৰুত্ব আজিৰ তাৰিখত সকলোৰে ওচৰত বেছি৷ কিন্তু মন্ত্ৰী নন্দিতা গালোৰ্ছাৰ দায়িত্বত থকা বিভাগটোত যেন বিচৰা ধৰণে কাম কৰিব পৰা নাছিল মন্ত্ৰীগৰাকী৷ সময় মতে কামসমূহ হৈ নুঠা বা নকৰাটো মন্ত্ৰী গালোৰ্ছাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সমূহৰ ভিতৰত অন্যতম৷ বিশেষকৈ ফাইলৰ কাম অতি মন্থৰ গতিত আগবাঢ়ে মন্ত্ৰী গালোৰ্ছাৰ এই বিভাগটোত৷ যাৰ বাবে নিশাটোৰ ভিতৰতে গালোৰ্ছাৰ হেৰুৱাবলগীয়া হয় হঠাৎ গুৰুত্ব পোৱা বিভাগটো৷ ৰাজহ উপাৰ্জনৰ যথেষ্ট সুযোগ আহি পৰা বিভাগটোৰ কাম-কাজক লৈ যে দিছপুৰৰ কোনেও সুখী নাছিল৷ যাৰ বাবে নন্দিতা গালোৰ্ছাৰ পৰা আনি বিভাগটোৰ দায়িত্ব মন্ত্ৰী যোগেন মহনক অতিৰিক্তভাৱে অৰ্পন কৰা হয়৷ খনি আৰু খনিজাত সামগ্ৰী বিভাগটোৰ পৰিৱৰ্তে গাৰ্লোছাক দিয়া হয় মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ ওচৰত থকা তুলনামূলকভাৱে কম গুৰুত্বপূৰ্ণ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ দায়িত্ব৷ লক্ষণীয়ভাৱে নন্দীতা গালোৰ্ছাৰ পৰা খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ এটা অংশও তেওঁৰ পৰা কৰ্তন কৰি মুখ্যমন্ত্ৰীয়ে নিজৰ অধীলৈ আনে৷ এই বিভাগটোৰ অধীনত পুথিভৰাল, সংগ্ৰহালয় আৰু পুৰাতত্ব সঞ্চালকালয় আদি আছে যদিও গালোৰ্চাৰ দায়িত্বৰ পৰা ইয়াৰ এটা অংশ কৰ্তন কৰা হয়৷ পুথিভৰাল, সংগ্ৰহালয় আৰু পুৰাতত্ব সঞ্চালকালয়ৰ বাহিৰে বিভাগটোৰ বাকী অংশৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ হাতত থাকিব৷ উল্লেখ্য খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰকল্প চলি আছে যদিও এই প্ৰকল্পৰ কাম আশানুৰূপভাৱে আগনবঢ়াৰ ফলত মুখ্যমন্ত্ৰীয়ে বিভাগটোৰ এটা অংশ নিজৰ অধীনলৈ আনে৷ কাৰ্যতঃ বিভাগটো এতিয়া মুখ্যমন্ত্ৰীসহ অন্য দুগৰাকী মন্ত্ৰীৰ অধীনত থাকিব৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে চলি থকা কাম-কাজ মন্ত্ৰী গালোৰ্চাই পূৰ্ণগতিত আগবঢ়াই নিব নোৱৰাৰ ফলত প্ৰকল্পৰ কাম বহু পিছপৰি গৈছে৷ এনেবোৰ কাৰণতে মুখ্যমন্ত্ৰীয়ে সোমবাৰে আকস্মাত দুই মন্ত্ৰীৰ বিভাগৰ সালসলনি ঘটায়৷ মুখ্যমন্ত্ৰীয়ে অসন্তুষ্ট হৈয়ে যেন গালোৰ্ছাৰ পৰা আতৰাই আনে দুটাকৈ বিভাগৰ দায়িত্ব৷