Logo
image

নগাঁও, গুৱাহাটীসহ ৰাজ্যৰ ৭খন জিলা দুৰ্ঘটনাপ্ৰৱণ

আমাৰ অসম, ৩১ মে’:  গুৱাহাটীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭ ছাত্ৰৰ শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ খবৰৰ মাজতে এইবাৰ পথ দুৰ্ঘটনাৰ আন এটা উদ্বেগজনক তথ্য পোহৰলৈ আহিছে৷ ৰাজ্যৰ ৭খন  জিলা পথ দুৰ্ঘটনাৰ হটস্পটত পৰিণত হৈছে৷ বিগত এটা বৰ্ষত এই জ্জখন জিলাত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা৷ এটা সমীক্ষাত এই উদ্বেগজনক তথ্য প্ৰকাশ পোৱাত চিন্তাৰ কাৰণ হৈ পৰিছে৷ তথ্যগতভাৱে চলোৱা সমীক্ষাটোত প্ৰকাশ পোৱা অনুসৰি অধিক দুৰ্ঘটনাপ্ৰৱণ জিলাকেইখনৰ শীৰ্ষত আছে নগাঁও জিলা৷ নগাঁৱৰ পাছতেই দ্বিতীয় স্থানত আছে কামৰূপ মহানগৰ৷ ইয়াৰ পাছতেই ক্ৰমে স্থান লাভ কৰিছে বৰপেটা, শোণিতপুৰ, কামৰূপ, ধেমাজি আৰু নলবাৰী জিলাই৷ তথ্য অনুসৰি নগাঁও জিলাত ২০২২ বৰ্ষত মুঠ ১৮১টা প্ৰাণনাশী দুৰ্ঘটনা সংঘটিত হৈছে৷ উক্ত বৰ্ষটোত জিলাখনত সংঘটিত ২৬২টা গুৰুতৰ দুৰ্ঘটনাৰ ভিতৰত ১৯৫জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩৫৩জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে৷ একেদৰে ২০২২ বৰ্ষত কামৰূপ মহানগৰ জিলাতো ১৫৫টা প্ৰাণনাশী দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে মুঠ ২৭২টা গুৰুতৰ দুৰ্ঘটনা সংঘটিত হৈছে৷ জিলাখনত দুৰ্ঘটনাত মৃত্যু হৈছে ১৬০জন লোক আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ৩৪৮জন লোক৷ একেদৰে উক্ত বৰ্ষটোত বৰপেটা জিলাতো ১২৫টা প্ৰাণনাশী দুৰ্ঘটনা সংঘটিত হৈছে৷ এই দুৰ্ঘটনাত ১৩২জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ২১জন৷ ১২৪টা প্ৰাণনাশী দুৰ্ঘটনাই তালিকাৰ চতুৰ্থ স্থানত আছে শোণিতপুৰ জিলা৷  জিলাখনত ২০২২ বৰ্ষত সংঘটিত দুৰ্ঘটনাত মুঠ ১২৯জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৫জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছিল৷ ইয়াৰোপৰি কামৰূপ জিলাত ১২১টা প্ৰাণনাশী দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ২০১টা গুৰুতৰ দুৰ্ঘটনা সংঘটিত হয়৷ এই দুৰ্ঘটনাত ১২১জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২৩৬জন গুৰুতৰভাৱে আহত হয়৷ ধেমাজি জিলাতো ৯৭টা প্ৰাণনাশী দুৰ্ঘটনা সংঘটিত সংঘটিত হয়৷ উক্ত দুৰ্ঘটনাতো ১০৬জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৬৩জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷ দুৰ্ঘটনাপ্ৰৱণ জিলাৰ অন্তিম স্থানত থকা নলবাৰী জিলাতো ২০২২ বৰ্ষত ১০৩টা প্ৰাণনাশী দুৰ্ঘটনা সংঘটিত হয়৷ এই দুৰ্ঘটনাত ১১১জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২২৬জন গুৰুতৰভাৱে জখম হয়৷ লক্ষণীয়ভাৱে পথ দুৰ্ঘটনাৰ এই তথ্য প্ৰকাশ পোৱাৰ পাছতেই আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰি সংশ্লিষ্ট আৰক্ষীক প্ৰয়োজনীয় নীতি-নিৰ্দেশনা জাৰি কৰিছে৷ জি পি সিঙে জিলাসমূহৰ পৰা পৰিবেদন বিচৰাৰ লগতে নিজেই জিলাকেইখনত উপস্থিত চৰজমিন অনুসন্ধান কৰিব বুলি সদৰী কৰিছে৷ হটস্পট হিচাপে চিনাক্ত কৰা জিলাকেইখনৰ দুৰ্ঘটনাপ্ৰৱণ এলেকাসমূহো চিহ্নিত কৰিছে প্ৰশাসনে৷ এনে স্থানত ১০৮ এম্বুলেন্স সেৱাক সষ্টম কৰি ৰখাৰ লগতে দুৰ্ঘটনাপ্ৰৱণ এলেকাত যান-বাহনৰ চালকক নিয়মীয়াকৈ ব্ৰেথ এনালাইজাৰে পৰীক্ষা কৰাৰ বাবেও নিৰ্দেশনা দিছে কৰ্তপক্ষই৷