Logo
image

পেটৰ বিষত আক্ৰান্ত হ’লে এইখিনি কৰক

পেটৰ বিষ বিভিন্ন কাৰণত হ’ব পাৰে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, এচিডিটি আদিৰ দৰে কাৰণত পেটৰ বিষত আক্ৰান্ত হ’লে ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰিও ইয়াৰ পৰা সকাহ পাব পাৰি৷ 

⬛মেথি গুটিঃ পেটৰ বিষত আক্ৰান্ত হ’লে মেথিগুটি অলপ ভাজি লৈ সেইখিনি গুড়ি কৰি কুহুমীয়া পানীৰ সৈতে খালে উপশম পাব পাৰি৷ কিন্তু মেথিগুটি বেছিকৈ ভাজিব নালাগে আৰু কুহুমীয়া পানীত মিলাই লৈ খাব লাগে৷

⬛পদিনাঃ পদিনা পাত চোবাই অথবা একাপ গৰম পানীত চাৰিৰ পৰা পাঁচটামান পাত দি অলপ সময় ৰাখি সেই পানী খালে পেটৰ বিষত উপশম পাব পাৰি৷

⬛এলোভেৰাৰ ৰসঃ এলোভেৰাৰ ৰস খালে গেছ, কোষ্ঠকাঠিন্য, ডায়েৰিয়া আদি কাৰণত হোৱা পেটৰ বিষত যথেষ্ট সকাহ দিয়ে৷ আধাকাপ এলোভেৰাৰ ৰসে পেটৰ জ্বলা-পোৰা, বিষ আদিত যথেষ্ট ভাল ফল দিয়ে৷ 

⬛নেমুৰ ৰসঃ পেটৰ যিকোনো ধৰণৰ অসুখত আক্ৰান্ত হ’লে ক’লা নিমখৰ সৈতে নেমুৰ ৰস আধাকাপমান খালেই উপশম পাব পাৰি৷ সাধাৰণতে অত্যধিক খোৱা, তেলেতীয়া বা মছলাজাতীয় খাদ্য, অপৰিষ্কাৰ পানী, ফাষ্টফুড আদি খোৱাৰ ফলতে পেটৰ বিষত আক্ৰান্ত হয়৷ তদুপৰি গেছ, ষ্টোন, হাৰ্নিয়া, এচিডিটি, মূত্ৰনলী আদিত হোৱা সংক্ৰমণৰ বাবেও পেটৰ বিষত আক্ৰান্ত হ’ব পাৰে৷ সেয়ে একেৰাহে কেইবাদিনো ধৰি পেটৰ বিষত আক্ৰান্ত হ’লে চিকিৎসকৰ তাৎক্ষণিক পৰামৰ্শ ল’ব লাগে৷