Logo
image

গুৱাহাটীত পুত্ৰ-বোৱাৰীৰ নিৰ্যাতনত অতিষ্ঠ হৈ বৃদ্ধৰ আত্মহত্যা

আমাৰ অসম, ৩১ মে’: গুৱাহাটী মহানগৰীত সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা৷ পুত্ৰ-বোৱাৰীৰ নিৰ্যাতন সহিব নোৱাৰি এজন বৃদ্ধই চিপলৈ আত্মহত্যা কৰে৷ এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হয় মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত মঠঘৰীয়াৰ বড়ো চ’কত৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, মহানগৰীৰ মটঘৰীয়াৰ বড়ো চ’কৰ ২০ নং ঘৰত বাগ্‌সাৰ মুছলপুৰৰ ৰামপুৰৰ বাসিন্দা পৰীক্ষিত শৰণীয়াই দীৰ্ঘদিন ধৰি পৰিয়ালহ বসবাস কৰি আছিল৷ পৰীক্ষিত শৰণীয়াৰ বৃদ্ধ পিতৃ গজেন্দ্ৰ শৰণীয়াই [৮৪] বিগত এবছৰ ধৰি পুত্ৰৰ ভাৰাঘৰত থাকিবলৈ লয়৷ বিভিন্ন কাৰণত পুত্ৰ পৰীক্ষিত শৰণীয়া আৰু বোৱাৰীয়ে বৃদ্ধ পিতৃগৰাকীক অকথ্য নিৰ্যাতন চলাই আহিছিল৷ পুত্ৰ আৰু বোৱাৰীৰ নিৰ্যাতনত অতিষ্ঠ হৈ আজি দুপৰীয়া বৃদ্ধ গজেন্দ্ৰ শৰণীয়াই ঘৰৰ ভিতৰত গামোছাৰে চিপ লৈ আত্মহত্যা কৰে৷ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে নুনমাটি থানাত খবৰ দিয়ে৷ আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে৷ ইপিনে, পুত্ৰ পৰীক্ষিত শৰণীয়া আৰু বোৱাৰীয়ে বৃদ্ধজনক নিৰ্যাতন চলোৱাৰ কথা অস্বীকাৰ কৰে৷ মাৰাত্মক ৰোগত আক্ৰান্ত হৈ বৃদ্ধাজনে আত্মহত্যা কৰা বুলি পুত্ৰ পৰীক্ষিত শৰণীয়াই দাবী কৰে৷