Logo
image

অৱসৰ কালত কিয় এনকাউণ্টাৰ কৰিবলৈ আহ্বান জনালে দুলাল বৰাই?

ডিজিটেল সংবাদ, নগাঁওঃ  'চৰকাৰে বৃদ্ধ কালত পেঞ্চন দিব নোৱাৰে যদি এনকাউণ্টাৰ কৰক।' এখন বেনাৰত এনেদৰে লিখি নগাঁৱত প্ৰতিবাদ কৰিছে এজন কৰ্মচাৰীয়ে। এজন চৰকাৰী কৰ্মচাৰীয়ে নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত এইদৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। কৰ্মচাৰীজনৰ নাম দুলাল বৰা। বৰা গড়কাপ্তানি বিভাগৰ কৰ্মচাৰী। বৰাই অভিযোগ কৰা মতে, ৩৫ বছৰে চাকৰি কৰিও গড়কাপ্তানি বিভাগৰ উচ্চ পদস্থ বিষয়াক সন্তুষ্ট কৰিব নোৱাৰাৰ বাবেই দুলাল বৰাৰ চাকৰি নিয়মীয়াকৰণ নহ'ল, যাৰ বাবে আজি চাকৰিৰ অন্তিমটো দিনত পেঞ্চনৰ পৰা বঞ্চিত হৈ এনেদৰে তেওঁক এনকাউণ্টাৰ কৰিবলৈ নগাঁৱৰ আৰক্ষী অধীক্ষকক আহ্বান জনালে ৷ 

এহাতে দেশৰ সংবিধান আৰু আনখন হাতত জাতীয় পতাকালৈ বৰাই নগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰি জনোৱা এই আহ্বানকলৈ পুৱাই নগাঁও আৰক্ষীৰ মাজত হুৱাদুৱা লাগে ৷ আৰক্ষীয়ে কৰ্মচাৰীজনক আটক কৰি নগাঁও সদৰ আৰক্ষী থানালৈ লৈ যায় যদিও পিছত মুকলি কৰি দিয়ে ৷ দুলাল বৰাই নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত এনেদৰে নিজকে এনকাউণ্টাৰ কৰিবলৈ আহ্বান জনায় বেনাৰ হাতত লৈ প্ৰতিবাদ সাব্যস্ত কৰে। বেনাৰখনত লিখা আছিল- 'চৰকাৰে বৃদ্ধ কালত পেঞ্চন দিব নোৱাৰে যদি এনকাউণ্টাৰ কৰক।'