Logo
image

পথ সুৰক্ষা

সময়ৰ লগত খোজ মিলাই মানুহ যিমানেই যান-বাহনৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে, সিমানেই পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে৷ পুৱা ঘৰৰ পৰা ওলাই যোৱা লোকজন গধূলিলৈ ঘূৰি আহি পায় নে নাপায়, তাৰ কোনো ভৰসা নোহোৱা হৈছে৷ আজিৰ মানুহৰ বাবে ৰাজপথ যমদূতসদৃশ হৈ পৰিছে৷ ৰাজপথেৰে যোৱা লোকক কোন মুহূৰ্তত পথ দুৰ্ঘটনাই যমদূতৰ আলহী কৰে, তাৰ কোনো ঠিকনা নাই৷ বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদন মতে বিশ্বত সংঘটিত প্ৰতি ১১টা পথ দুৰ্ঘটনাৰ এটা সংঘটিত হয় ভাৰতত৷ ভাৰতত বছৰি প্ৰায় ৫ লাখ পথ দুৰ্ঘটনা সংঘটিত হয়, যিটো বিশ্বৰে পথ দুৰ্ঘটনাৰ শীৰ্ষত থকা দেশবোৰৰ অন্যতম৷ উল্লেখ্য, ভাৰততকৈ যদিও আমেৰিকা আৰু জাপানত অধিক পথ দুৰ্ঘটনা সংঘটিত হয়, কিন্তু সেইবোৰ ৰাষ্ট্ৰত পথ দুৰ্ঘটনাত নিহত আৰু আহত লোকৰ সংখ্যা ভাৰততকৈ বহু কম৷ প্ৰতিবছৰে ভাৰততে সৰ্বাধিক লোক পথ দুৰ্ঘটনাত নিহত হয় আৰু আহত লোকৰ সংখ্যাও বিশ্বৰ ভিতৰতে সৰ্বাধিক৷ ২০০৯ চনৰ পৰাই ভাৰতত পথ দুৰ্ঘটনাত বছৰি বিশ্বৰ ভিতৰতে সৰ্বাধিক লোকৰ মৃত্যু হৈ আহিছে৷ ২০১৯ চনত দুচকীয়া বাহনৰ চালক-আৰোহীৰ হেলমেট নথকা বাবে পথ দুৰ্ঘটনাত ৪৪,৬৬৬জন লোকৰ মৃত্যু হয়, সেইদৰে ছীটবেল্ট নলগোৱাৰ বাবে ২০,৮৮৫ জনৰ, ফোনত কথা পাতি গাড়ী চলোৱাৰ বাবে পথ দুৰ্ঘটনাত ৪,৯৪৫জনৰ, ভুল পথেৰে গাড়ী চলোৱাৰ বাবে ৯,২০১জনৰ আৰু ড্ৰাইভিং লাইচেঞ্চ নথকাকৈ যান-বাহন চলোৱা ৪৪,৩৫৮জন লোকৰ মৃত্যু হয়৷ পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ উদ্দেশ্যে চৰকাৰে পথ সুৰক্ষা সপ্তাহ পালন কৰি আহিছিল যদিও এইবেলি চৰকাৰে পথ সুৰক্ষা মাহ পালন কৰিছে৷ ‘পথ সুৰক্ষা জীৱন ৰক্ষা’ বাণীৰে ১৮ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ পালনৰ ব্যৱস্থা কৰা পথ সুৰক্ষা মাহৰ জৰিয়তে জনসাধাৰণক পথৰ নীতি-নিয়ম পালনৰ বাবে সজাগ কৰাৰ লক্ষ্য লৈছে চৰকাৰে৷ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতীন গাডকাৰিয়ে অলপতে প্ৰকাশ কৰা অনুসৰি ভাৰতত প্ৰতিদিনে ৪১৫জন লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হয়৷ তদুপৰি ইয়াৰ দুগুণ লোক দুৰ্ঘটনাত পতিত হৈ চিৰদিনৰ বাবে পংগু হয়৷ যদিহে এই হাৰত পথ দুৰ্ঘটনা সংঘটিত হৈয়েই থাকে, তেন্তে ২০৩০ চনলৈ হয়তো বছৰি ৬-৭ লাখতকৈও অধিক লোক পথ দুৰ্ঘটনাত নিহত হ’ব৷ সেয়ে কেন্দ্ৰীয় চৰকাৰে পথ দুৰ্ঘটনাৰ সংখ্যা ২০২৫ চনৰ ভিতৰত বৰ্তমানৰ দুৰ্ঘটনাৰ ৫০ শতাংশ হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ যিহেতু পথ দুৰ্ঘটনাত নিহত লোকৰ প্ৰায় ৭০ শতাংশ লোকৰ বয়স ১৮-৪৫ বছৰৰ ভিতৰত, এইসকল কৰ্মঠ লোকৰ মৃত্যুৱে দেশৰ অৰ্থনৈতিক দিশতো নেতিবাচক প্ৰভাৱ পেলায়৷ বহু পৰিয়ালৰ কৰ্মঠ লোকজনৰ মৃত্যুৰ লগে লগে পৰিয়ালটো দুৰ্বিষহ সমস্যাৰ সন্মুখীন হয়৷ তদুপৰি পথ দুৰ্ঘটনাত যিসকল আহত হয়, সেইসকলৰ চিকিৎসাৰ বাবেও একোটা পৰিয়াল সৰ্বহাৰা হ’বলগীয়া হয়৷ সেয়ে দেশৰ জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে এইবাৰ পথ সুৰক্ষা মাহ পালনৰ ব্যৱস্থা কৰিছে আৰু ২০৩০ চনৰ ভিতৰত পথ দুৰ্ঘটনাত যাতে কোনো লোকৰ মৃত্যু নহয়, তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছে৷ ইয়াৰ বাবে প্ৰতিজন লোকে পথৰ নীতি-নিয়ম মানি চলাটো জৰুৰী৷ সাধাৰণতে পথ দুৰ্ঘটনাত চালক-আৰোহীৰ উপৰি পথেৰে অহা-যোৱা কৰা পথচাৰী, চাইকেল আৰোহী আদিৰ অধিক মৃত্যু হোৱা দেখা যায়৷ যদিহে প্ৰতিজন লোকে পথ অতিক্ৰম কৰোঁতে পথৰ নিয়ম পালন কৰে আৰু যান-বাহনৰ চালকে হেলমেট, ছীটবেল্ট পৰিধান কৰাৰ উপৰি যান-বাহন চলাওঁতে ফোনত কথা নাপাতে, মাদক দ্ৰব্য সেৱন কৰি যান-বাহন নচলায়, তেন্তে পথ দুৰ্ঘটনা নিশ্চয় ৰোধ কৰিব পৰা যাব আৰু অমূল্য জীৱনো ৰক্ষা পৰিব৷