দুগ্ধ ব্যৱসায়ত যুদ্ধ
কৃষিপ্ৰধান দেশ হিচাপে ভাৰতত পশুধনৰ গুৰুত্ব অত্যন্ত বেছি আৰু অতীজৰে পৰা কৃষিকাৰ্যত বলদ¸ আৰু ম’হৰ ব্যৱহাৰৰ উপৰি গাখীৰৰ বাবেও গ্ৰাম্য সমাজত যথেষ্টসংখ্যক গাই পোহা হয়, আৰু ইয়াক এক লাভজনক ব্যৱসায়ৰূপে গণ্য কৰা হয়৷ বৰ্তমান বিশ্বত [২০২১-২২] ২২২.১ মিলিয়ন টন গাখীৰ উৎপাদনেৰে আমাৰ দেশ প্ৰথম স্থানত আছে৷ দেশৰ ভূমিহীন কৃষক তথা গ্ৰাম্য মহিলা সমাজৰ উপাৰ্জনত ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ চৰকাৰী তথ্য অনুসৰি আমাৰ দেশত বৰ্তমানৰ ৪১ শতাংশ গাখীৰৰ বজাৰে ২০২৬ চনত ৫৪ শতাংশৰ সীমা স্পৰ্শ কৰিব৷ এই ব্যৱসায়ৰ এক গুৰুত্বপূৰ্ণ অংশ হৈছে গাখীৰেৰে প্ৰস্তুত বিভিন্ন সামগ্ৰী, যাৰ চাহিদা বিশেষকৈ নগৰ অঞ্চলত ক্ৰমবৰ্ধমান হাৰত আৰু ব্যৱসায় অতি লাভজনক৷ এনে কাৰণতে দেশৰ বিভিন্ন ৰাজ্যৰ দুগ্ধ ব্যৱসায় গোটো নিজৰ নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে যা-যোগাৰ আৰম্ভ কৰিছে আৰু কিছু ক্ষেত্ৰত অস্বাস্থ্যকৰ প্ৰতিযোগিতা হোৱাও পৰিলক্ষিত হৈছে৷
দুগ্ধ ব্যৱসায়ত যুদ্ধ আৰম্ভণি হয় কৰ্ণাটকৰ নিৰ্বাচনৰ বতৰত৷ গুজৰাটৰ লাভজনক বিখ্যাত ব্ৰেণ্ড ‘আমূল’ৰ দ্বাৰা ইতিমধ্যে কৰ্ণাটকত ব্যৱসায় আৰম্ভ হৈছে আৰু ইয়াকে লৈ স্থানীয় প্ৰশাসনে ইয়াৰ ফলত ৰাজ্যখনৰ নিজা ‘নন্দিনী ব্ৰেণ্ড’ ক্ষতিগ্ৰস্ত হ’ব বুলি আপত্তি দৰ্শাই প্ৰতিবাদ কৰিছে৷ গুজৰাটৰ বিজেপি প্ৰশাসনৰ মতে, ইয়াৰ দ্বাৰা ‘নন্দিনী’ ক্ষতিগ্ৰস্ত হোৱাৰ প্ৰশ্নই নুঠে৷ এপ্ৰিলৰ প্ৰথম সপ্তাহত আমূলৰ গাখীৰ আৰু প্ৰস্তুত সামগ্ৰী বেংগালুৰুত বিক্ৰী কৰিবলৈ লোৱা হয় আৰু তাৰ পৰৱৰ্তী সময়ত মহানগৰখনৰ ব্যৱসায়িক প্ৰতিষ্ঠানে ইয়াৰ বিৰোধিতা কৰে৷ কৰ্ণাটকৰ ‘নন্দিনী’ ব্ৰেণ্ড আৰু আন বৃত্তিগত তথা সমবায় গাখীৰ ব্যৱসায়ীসকলে চৰকাৰৰ পৰা বিশেষ সাহায্য লাভ কৰে, যাৰ বাবে ‘নন্দিনী’ ব্ৰেণ্ডৰ সামগ্ৰীৰ মূল্য তুলনামূলকভাৱে কম৷ কৰ্ণাটকৰ গ্ৰামীণ সমাজৰ এক বুজনসংখ্যক লোক সমবায় ভিত্তিত এই ব্যৱসায়ৰ লগত জড়িত৷ গতিকে স্বাভাৱিকতে বৃহৎ ব্ৰেণ্ডৰ আমূলৰ লগত হোৱা প্ৰতিযোগিতাত তেওঁলোক ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা অধিক৷
শেহতীয়াকৈ তামিলনাডুত স্থানীয় গাখীৰ ব্যৱসায়ী আভীন গোটৰ লগতো আমূল ব্ৰেণ্ডৰ প্ৰতিযোগিতা আৰম্ভ হৈছে৷ ইতিমধ্যে মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ দ্বাৰা গৃহমন্ত্ৰী অমিত শ্বাহক আমূল ব্ৰেণ্ডৰ তামিলনাডুত ব্যৱসায় কৰাৰ পৰা বিৰত থাকিবলৈ আপত্তি দৰ্শোৱা হয়৷ তেওঁৰ মতে, গুজৰাটৰ এই বহু কোটি টকীয়া গাখীৰৰ ব্ৰেণ্ডৰ আগ্ৰাসনে তামিলনাডুৰ থলুৱা ব্যৱসায়ত নেতিবাচক প্ৰভাৱ পেলাব৷ ইতিমধ্যে আমূলৰ দ্বাৰা তামিলনাডুৰ প্ৰায় দহখন জিলাৰ আত্মনিৰ্ভৰশীল গোটৰ পৰা গাখীৰ সংগ্ৰহৰ কাম আৰম্ভ কৰিছে, যাৰ ফলত স্থানীয় দুগ্ধ ব্যৱসায়ী গোট ‘আভীন’ স্বাভাৱিকতে ক্ষতিগ্ৰস্ত হ’ব৷ এনে অস্বাস্থ্যকৰ প্ৰতিযোগিতাই স্বাভাৱিকতে দুৰ্বল অথচ স্থানীয় যোগানকাৰীসকলক ক্ষতিগ্ৰস্ত কৰিব৷
গাখীৰৰ ব্যৱসায়ত সাধাৰণতে লাভৰ সুযোগ তুলনামূলকভাৱে অধিক থাকে৷ বিশেষকৈ ইয়াৰ দ্বাৰা প্ৰস্তুত সামগ্ৰীৰ চাহিদা যথেষ্ট বাবে লোকচানৰ সম্ভাৱনা তেনেই সামান্য৷ সমবায় ব্যৱস্থাৰ দ্বাৰা গৰু পোহা আৰু গাখীৰ উৎপাদনৰ স্বাস্থ্যকৰ ব্যৱস্থা কৰি দিব পাৰিলে গাখীৰ যোগান ধৰোঁতা আৰু বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি বিক্ৰী কৰোঁতা উভয়ে লাভৱান হোৱাৰ সুযোগ থাকে৷ আমাৰ ৰাজ্যত এই দিশত গ্ৰাম্য সমাজত সজাগতা কম আৰু বিনিয়োগকাৰীৰো আগ্ৰহ তথা ধাৰণা সীমিত বাবে দুগ্ধ ব্যৱসায়ীয়ে বৰকৈ প্ৰসাৰ লাভ কৰা নাই যদিও কৃষিপ্ৰধান অঞ্চল আৰু অৰণ্যৰ দাঁতি-কাষৰীয়া অঞ্চলত গৰু-ম’হ পালন আৰু দুগ্ধ উৎপাদনৰ প্ৰচুৰ সুবিধা আছে৷ এইক্ষেত্ৰত চৰকাৰী সদিচ্ছা বৰ উৎসাহজনক নহয়৷ ইয়াৰ বিপৰীতে ৰাজ্যখনৰ একমাত্ৰ দুগ্ধ ব্যৱসায়ী প্ৰতিষ্ঠান ‘পূৰৱী’ ব্ৰেণ্ডে ২০২২ চনত ২০০ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সফল হয়৷ যোৱা বছৰৰ তুলনাত এই বৃদ্ধি ৫০ কোটিৰ অধিক৷ বৰ্তমান পূৰৱী গোষ্ঠীয়ে নিজৰ ব্যৱসায় উন্নীত কৰাৰ লগতে দুগ্ধপালকসকলক প্ৰশিক্ষণ আদিও দিয়াৰ ব্যৱস্থা কৰিছে৷ এয়া প্ৰশংসনীয় কাৰ্য৷ আমাৰ ৰাজ্যত আৰু ভালেমান দুগ্ধ ব্যৱসায় গঢ়ি উঠাৰ সম্ভাৱনা আছে৷ ৰাজ্যসমূহৰ প্ৰশাসনে নিজৰ কুটিল ৰাজনীতি পৰিহাৰ কৰি এনে ব্যৱসায়ত ইতিবাচক দৃষ্টিৰে সহায়-সহযোগিতা আগবঢ়োৱাৰ নীতি হাতত ল’লে, গ্ৰামীণ দৰিদ্ৰ লোক উপকৃত হ’ব৷






