Logo
image

বাংলাদেশৰ পৰা অহা হিন্দু বাঙালীক আঁকোৱালি লোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

‘আমাৰ অসম’, ১ জুনঃ নাগৰিকত্ব সংশোধনী আইনৰ বিধি প্ৰণয়ন হ’বলৈ এতিয়াও বাকী আছে যদিও বিজেপি দল আৰু চৰকাৰ যেন ইতিমধ্যে ৰঙা দলিছা পাৰি দিছে বাংলাদেশৰ হিন্দু বাঙালীসকলক৷ সমুখত লোকসভাৰ নিৰ্বাচন৷ ২০১৯ চনৰ লোকসভাৰ নিৰ্বাচনতো বাংলাদেশত নিৰ্যাতনৰ সন্মুখীন হোৱা হিন্দু বাঙালীসকলক ভাৰতলৈ মুকলিভাৱে আদৰণি জনাই নাগৰিকত্ব প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল বিজেপি দলে৷ ইয়াৰ বাবে প্ৰয়োজন আছিলে প্ৰচলিত আইনৰ সংশোধনৰ৷ কিন্তু বিজেপি দল আৰু চৰকাৰে এই সংশোধনৰ সিদ্ধান্ত গ্ৰহণৰ পাছতে সমগ্ৰ দেশতে  বিশেষকৈ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ইয়াৰ বিৰুদ্ধে ৰাক্তাক্ত প্ৰতিবাদ হয়৷ চৰকাৰেও সকলো ধৰণৰ প্ৰতিবাদক আওকান কৰি এই সংশোধনী আইনখন গৃহীত কৰে৷ দুয়ো সদনতে সংখ্যাৰ বলত বিজেপি দলে সংশোধনী আইন সংগৃহীত কৰে৷ কিন্তু শেহতীয়াভাৱে বিজেপি দল আৰু চৰকাৰ যেন ৰাজনৈতিকভাৱে পুনৰ সক্ৰিয় হৈ পৰিছে হিন্দু বাংলাদেশীক ভাৰতৰ নাগৰিকত্ব প্ৰদানৰ বিষয়টোক লৈ৷ মঙলবাৰে চিলাপথাৰৰ ভৈৰৱপুৰৰ নেতাজী সমন্বয় কেন্দ্ৰত সদৌ অসম বাঙালী যুৱ ফেডাৰেশ্বনৰ পঞ্চদশ দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত হয়৷ এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দ্ব্যৰ্থহীনভাৱে বঙালী হিন্দুসকলক আদৰি ল’বলৈ অসমৰ প্ৰতিজন লোককে মুকলি আহ৩ান জনায়৷ মুখ্যমন্ত্ৰীৰ এই আহ৩ান যেন নাগৰিকত্ব আইন সংশোধন বিধেয়কৰে পৰিণতি৷ মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত কয়– ‘মই ব্যক্তিগতভাৱে বিশ্বাস কৰো যে স্বাধীন ভাৰতত বাংলাদেশৰ পৰা অহা বাঙালী হিন্দুসকলক কোনেও অন্যায় কৰিব নালাগে৷ বঙালী হিন্দুসকলক আমি আদৰি ল’ব লাগে৷ ভাষাক বাদ দি অসমীয়া আৰু বঙালীৰ মাজত কোনো পাৰ্থক্যই নাই কাৰণ আমাৰ দুয়োটা ভাষাৰ মাতৃ সংস্কৃত ভাষা৷ আমাৰ পূজা-পাৰ্বন-সংস্কৃতিৰ মাজত কোনো পাৰ্থক্য নাই৷ বাঙালীসকল এটা গৌৰবী অসমীয়া জাতিৰ অংশীদাৰ৷ বাঙালী আৰু অসমীয়াৰ মাজত পাৰ্থক্য বিচৰা সকলকো মই ভাল নাপাওঁ৷’ মুখ্যমন্ত্ৰীয়ে নিজৰ সুদীৰ্ঘ ভাষণত অসমীয়া আৰু বাঙালী সমাজৰ মাজৰ ভাষা-সংস্কৃতিৰ ক্ষেত্ৰত পৰস্পৰৰ সহযোগিতাৰ ধাৰাবাহিক উদাহৰণ দাঙি ধৰে৷ বিজেপি দল আৰু চৰকাৰে লোকসভাৰ আগন্তুক নিৰ্বাচনত হিন্দু বঙালীৰ সহানুভূতি আদায়ৰ ট্ৰাম্প কাৰ্ড হিচাপে যেন হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বিষয়টো পুনৰ ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰাৰ কৌশল গ্ৰহণ কৰিছে৷ অথচ সুদীৰ্ঘ সময় অতিক্ৰম কৰাৰ পিছতো আজি পৰ্যন্ত বিধি প্ৰণয়ন নহ’ল নাগৰিকত্ব সংশোধনী আইনৰ৷ কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে অতিৰিক্ত সময় লৈয়ে আছে৷ ডেজিগনেটেড কেম্পত আজিও আবদ্ধ হৈ আছে বহু হিন্দু বাঙালী লোক৷ চিলাপথাৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসমীয়া আৰু বাঙালী সমাজৰ সমন্বয়ৰ এক দীঘলীয়া ইতিহাস দাঙি ধৰে৷ নিজৰ যুক্তিৰ সমৰ্থনত মুখ্যমন্ত্ৰীয়ে বহু উদাহৰণো দাঙি ধৰে৷ স্বাভাৱিকতে মুখ্যমন্ত্ৰীৰ এই বক্তব্যই সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ কোৱা বাহুল্য যে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছৰ বাংলাদেশী হিন্দুক নাগৰিকত্ব প্ৰদান কৰিলে, অসমৰ মাটিত সমঅধিকাৰ প্ৰদান কৰিলে এয়া হ’ব অসম চুক্তিৰ দেখ দেখ উলংঘন৷ এয়া এটা ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতিৰ পৰিপন্থী কাৰ্য৷ অসম চুক্তি ৰূপায়ণেই অসম গণ পৰিষদৰ মূল প্ৰতিশ্ৰুতি৷ সম্প্ৰতি অগপ দল বিজেপি নেতৃত্বাধীন মৰ্চা চৰকাৰৰ অংশীদাৰ হৈ আছে৷ যদিহে বিজেপি চৰকাৰে বাংলাদেশী হিন্দুক সমমৰ্যাদা দিয়ে, তেন্তে এয়া হ’ব অসম চুক্তিৰ পৰিপন্থী আৰু অসম চুক্তিৰ স্বাৰ্থতে অগ্ৰহণযোগ্য কাৰ্য৷ বিভিন্ন মহলে এইবুলিও প্ৰশ্ন কৰিছে যে অসম চুক্তিক উলংঘা কৰি মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে মন্তব্য কৰাৰ পাছতো এতিয়ালৈকে আশ্চৰ্যজনক নীৰৱতা অৱলম্বন কৰিছে অসম গণ পৰিষদে৷ আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত এই সন্দৰ্ভত অসম গণ পৰিষদক স্থিতি স্পষ্ট কৰিবৰ বাবে বিভিন্ন মহলে দাবী জনাইছে৷ কিয়নো, মুখ্যমন্ত্ৰীৰ এই ভাষ্যই অসম গণ পৰিষদৰ মূল ভেটিত কুঠাৰাঘাত কৰিছে৷ তৎসত্ত্বেও যদি অগপ নেতৃত্ব এইক্ষেত্ৰত নীৰৱ আৰু নিষ্ক্ৰিয় হৈ ৰয় তেন্তে অদূৰ ভৱিষ্যতে এই প্ৰসংগই দলটোৰ মাজত বিদ্ৰোহৰ সৃষ্টি কৰাটো নিশ্চিত৷ ইফালে, মুখ্যমন্ত্ৰীৰ বক্তব্যই অসমৰ সামাজিক আৰু ৰাজনৈতিক পৰিৱেশত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে৷ এই প্ৰসংগক কেন্দ্ৰ কৰি যিকোনো মুহূৰ্ততে প্ৰতিবাদত উত্তাল হৈ পৰিব পাৰে অসম৷ সেয়ে হ’লে অনাগত সময়ছোৱাত ৰাজ্যজুৰি সৃষ্টি হ’ব আন এটা জটিল সমস্যা৷