Logo
image

গৌতম শৰ্মা ‘আমাৰ অসম’ৰ কাৰ্যবাহী সম্পাদক নিযুক্ত

‘আমাৰ অসম’, ১ জুনঃ  ‘আমাৰ অসম’ৰ কাৰ্যবাহী সম্পাদকৰূপে নিযুক্তি দিয়া হৈছে জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাক৷ দীৰ্ঘদিন ধৰি ‘আমাৰ অসম’ৰ ‘ডেপুটী এডিটৰ’ৰূপে কাৰ্যনিৰ্বাহ কৰি থকা গৌতম শৰ্মা ১ জুন, বৃহস্পতিবাৰৰ পৰা হ’ব ‘আমাৰ অসম’ৰ নতুন কাৰ্যবাহী সম্পাদক৷ শোণিতপুৰ জিলাৰ সদৰ চহৰ তেজপুৰৰ নাতিদূৰৰ বিহগুৰিৰ পিঠাখোৱাৰ নিকটৱৰ্তী মৈলা গাঁৱৰ গৌতম শৰ্মাই ১৯৮৫ চনত তেজপুৰৰ পৰা প্ৰকাশিত   ‘মহাজাতি’ কাকতত সাংবাদিকতা আৰম্ভ কৰে৷ পৰৱৰ্তী সময়ত ‘মহাজাতি’ৰ উপৰি ‘সাদিনীয়া সংবাদ’, ‘অগ্নিগড়’, ‘আজিৰ বাতৰি’, ‘সাদিন’, ‘অগ্ৰদূত’ ‘অসমীয়া প্ৰতিদিন’, ‘প্ৰৱাহ’, ‘আগান’ আদি কাকত-বাৰ্তালোচনীৰ সৈতেও জড়িত হৈ পৰে গৌতম শৰ্মা৷ স্বপ্নদ্ৰষ্টা জি এল আগৰৱালাৰ মালিকানাধীন অগ্ৰণী প্ৰকাশন গোষ্ঠী জি এল পাব্লিকেশ্বন্‌ছৰ দ্বাৰা ১৯৯৭ চনৰ ২১ এপ্ৰিলৰ পৰা প্ৰকাশিত ‘আমাৰ অসম’ কাকতত জন্মলগ্নতে ষ্টাফ ৰিপ’ৰ্টাৰ আৰু উপ-সম্পাদকৰূপে যোগদান কৰা গৌতম শৰ্মাই চীফ ৰিপ’ৰ্টাৰ আৰু ডেপুটী এডিটৰকে ধৰি কাকতখনৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰি আহিছে৷ প্ৰতিষ্ঠা কালত ‘আমাৰ অসম’ৰ সম্পাদক আছিল প্ৰথিতযশা সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞি আৰু কাৰ্যবাহী সম্পাদক আছিল ‘আমাৰ অসম’ৰ বৰ্তমানৰ মুখ্য সম্পাদক, বিশিষ্ট সাংবাদিক, সাহিত্য অকাদেমি বঁটাপ্ৰাপক প্ৰসিদ্ধ গল্পকাৰ মনোজ কুমাৰ গোস্বামী৷ গৌতম শৰ্মাই কিছুদিনৰ বাবে ‘আজিৰ দৈনিক বাতৰি’ আৰু ‘দৈনিক পূৰ্বোদয়’ কাকততো কাম কৰিছিল৷ মৈলা গাঁও প্ৰাথমিক বিদ্যালয়, পিঠাখোৱা-টুমুকীৰ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা উচ্ছতৰ মাধ্যমিক বিদ্যালয়, তেজপুৰ মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা গৌতম শৰ্মা ইংৰাজী সাহিত্যৰ ছাত্ৰ৷ প্ৰয়াত শিক্ষক বিশ্বেশ্বৰ শৰ্মা আৰু প্ৰয়াত শিক্ষয়িত্ৰী ৰিণু দেৱীৰ জ্যেষ্ঠ পুত্ৰ গৌতম শৰ্মাই বিভিন্ন ঠাইত আয়োজিত সংগীত, সাহিত্য, বক্তৃতা আৰু তৰ্ক প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰাৰ উপৰি একাধিকবাৰ তেজপুৰ মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপৰি গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱৰ শ্ৰেষ্ঠ গায়ক, শ্ৰেষ্ঠ তাৰ্কিক, শ্ৰেষ্ঠ আবৃত্তিকাৰ, শ্ৰেষ্ঠ বক্তা, শ্ৰেষ্ঠ সাহিত্যিক আৰু শ্ৰেষ্ঠ সমাজকৰ্মীৰ সন্মান অৰ্জন কৰিছিল৷ সদৌ অসম ছাত্ৰ সন্থাৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰা গৌতম শৰ্মাই কেইবাবছৰো আছুৰ গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ সাধাৰণ সম্পাদক আৰু পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাৱাসৰ [অসম আৰ্হিৰ ৬নং ছাত্ৰাৱাস] বিভিন্ন দায়িত্ব বহন কৰিছিল৷ হাইস্কুলৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰা গৌতম শৰ্মাই তেজপুৰ মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদকৰ উপৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংগীত সম্পাদকৰ দায়িত্ব বহন কৰিছিল৷ অগ্ৰণী সাংস্কৃতিক-সামাজিক সংগঠন অগ্নিগড় যুৱ পৰিষদৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক গৌতম শৰ্মা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আধুনিক গীতৰ স্বীকৃতিপ্ৰাপ্ত কণ্ঠশিল্পী [বি-হাই গ্ৰেড] আৰু স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ৷ গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ৰ উপৰি বিভিন্ন আগশাৰীৰ সাংবাদিকতা প্ৰতিষ্ঠানত পাঠদান কৰা গৌতম শৰ্মাই ‘মৎস্যগন্ধা’, ‘কাদম্বৰী’, ‘ধনকুবেৰৰ ধন’, ‘ইমান মৰম কিয় লাগে’, ‘বন্ধন’, ‘মমতাজ’, ‘অন্তৰীণ’ আৰু ‘দাদা তুমি দুষ্ট বৰ’কে ধৰি কেইবাখনো অসমীয়া চিনেমাত গীত লিখাৰ উপৰি বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে গীত আৰু গীতি নৃত্য নাটিকা ৰচনা কৰিছে, গীত-সুৰ-সংগীতেৰে সজাইছে৷ গুৱাহাটী বিশ্ববিদ্যালয় যুৱ মহোৎসৱ আৰু সৰ্বভাৰতীয় আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত বিভিন্ন প্ৰতিযোগিতাত দুকুৰিৰো অধিক পদক অৰ্জন কৰা গৌতম শৰ্মাই ‘বুঢ়ীআইৰ সাধু’কে ধৰি কেইবাখনো ৰেডিঅ’ ধাৰাবাহিকৰ উপৰি দূৰদৰ্শন আৰু আন টেলিভিচন চেনেলৰ কেইবাখনো নাটক, তথ্যচিত্ৰ, টেলিফিল্মত গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালকৰ দায়িত্ব পালন কৰিছে৷ ‘ভুবন ভাৱৰীয়াৰ চং’ আৰু ‘জীৱন তটিনী’কে ধৰি কেইবাখনো ধাৰাবাহিকত গীত লিখাৰ লগতে সংগীত পৰিচালনা কৰিছে গৌতম শৰ্মাই৷ শতাধিক কেছেট, চিডি আৰু ভিডিঅ’ৰ গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক আৰু কণ্ঠশিল্পী গৌতম শৰ্মাৰ বহু তথ্যসমৃদ্ধ লেখা আৰু অনুসন্ধানমূলক প্ৰতিবেদন প্ৰকাশ পাইছে ‘আমাৰ অসম’কে প্ৰমুখ্য কৰি বিভিন্ন কাকত-আলোচনীত৷ অসমৰ বিভিন্ন ঠাইৰ লগতে দেশৰ আন আন ঠাইত সংগীত, বক্তৃতা আৰু তৰ্ক প্ৰতিযোগিতাৰ বিচাৰকৰ দায়িত্বও দীৰ্ঘদিনে পালন কৰি আহিছে গৌতম শৰ্মাই৷ উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ বঁটা, সদৌ অসম সাংবাদিক সন্থাৰ বঁটা, বিশ্ব সংবাদ কেন্দ্ৰৰ নাৰদ জয়ন্তী বঁটা আৰু শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ প্ৰণৱ সিংহ বঁটাকে ধৰি বিভিন্ন বঁটাও লাভ কৰিছে গৌতম শৰ্মাই৷ গৌতম শৰ্মাক ডেপুটী এডিটৰৰ পৰা কাৰ্যবাহী সম্পাদকলৈ পদোন্নতি দিয়াৰ কথা ৩১ মে’ত ঘোষণা কৰে ‘আমাৰ অসম’ৰ পৰিচালনা কতৃৰ্পক্ষই৷ গৌতম শৰ্মাক কাৰ্যবাহী সম্পাদকৰূপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰাৰ পাছত ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামী, জি এল পাব্লিকেশ্বন্‌ছৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সমীৰ আগৰৱালা, মুখ্য কাৰ্যবাহী বিষয়া সন্দীপ ৰাজখোৱা, মহাপ্ৰবন্ধক প্ৰণৱ কুমাৰ তালুকদাৰ, প্ৰকাশক পি লালৰ উপৰি ‘আমাৰ অসম’ পৰিয়ালৰ সদস্যসকলে গৌতম শৰ্মাক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে উষ্ম অভিনন্দন জনায়৷