Logo
image

তেলতকৈ হজৰ পৰাহে বেছি উপাৰ্জন হয় ছৌদি আৰবৰ

‘আমাৰ অসম’, ১ জুনঃ ইতিমধ্যে আৰম্ভ হৈছে হজযাত্ৰা৷ তীৰ্থযাত্ৰীসকল চৌদি আৰৱৰ মক্কাত উপস্থিত হ’বলৈ আৰম্ভ কৰিছে৷ এইসকল হজযাত্ৰীৰ বাবে মধ্যপ্ৰাচ্যৰ এই দেশখনে ব্যাপক আয়োজন কৰিছে৷ চৌদি প্ৰশাসনৰ মতে চলিতবৰ্ষত ১০লাখৰো অধিক হজযাত্ৰী চৌদি আৰবলৈ যাব৷ ২০২০চনৰ পৰা ক’ভিড অতিমাৰীৰ ফলত হজযাত্ৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হৈছিল৷ সেয়ে এইবাৰ  চৌদি আৰৱৰ মক্কাত অভিলেখ সংখ্যক হজযাত্ৰীৰ সমাগম হ’ব বুলি আশা কৰা হৈছে৷ হজযাত্ৰীসকলক আদৰাৰ প্ৰস্তুতিৰ ক্ষেত্ৰত কোনো ধৰণৰ ক্ৰুটি ৰাখিব বিচৰা নাই চৌদি প্ৰশাসনে৷ হজযাত্ৰীসকলৰ বাবে মক্কা সংলগ্ন অঞ্চলত স্থাপন কৰা হৈছে বৃহৎ বৃহৎ শিবিৰ৷ ইয়াৰে মাজৰ বহুকেইটা শিবিৰ ৰাজকীয়ভাৱে সজাই তোলা হৈছে৷ তৈল্যচিত্ৰৰ পৰা আৰম্ভ কৰি বহু মূল্যবান সামগ্ৰীৰে সজাই তোলা হৈছে উক্ত শিবিৰ সমূহ৷ মীনা নামৰ সৰু এলেকা এটাত নিৰ্মাণ কৰা শিবিৰসমূহত আছে দামী ৰেষ্টোৰাঁ৷ প্ৰতিজন হজযাত্ৰীৰ বাবে ব্যৱস্থা কৰা হৈছে বিচনা, চাদৰ, কম্বলৰ৷ শিবিৰৰ সমূহত নিৰ্মান কৰা হৈছে অস্থায়ী শৌচাগাৰ, গা-ধোৱা ঘৰ৷ ইয়াত দিনে নিশাই গৰম আৰু ঠাণ্ডা পানীৰ ব্যৱস্থা কৰা হৈছে৷ শিবিৰসমূহত বিদ্যুৎ সৰবৰাহ নিয়মীয়া কৰি ৰাখিবলৈ অতিৰিক্ত বেটাৰীৰ ব্যৱস্থা কৰা হৈছে৷ ইণ্টাৰনেট ব্যৱহাৰৰ সুবিধাও পাব তীৰ্থযাত্ৰীসকলে৷ প্ৰথম পৰ্যায়ত মালয়েচিয়া আৰু বাংলাদেশৰ হজযাত্ৰীক মক্কাত প্ৰৱেশৰ অনুমতি দিয়া হৈছে৷ সোমবাৰৰ পৰা ভাৰতীয় হজযাত্ৰীসকলে মক্কাত প্ৰৱেশ কৰিব পাৰিব৷ উল্লেখ্য পবিত্ৰ হজযাত্ৰীৰ পৰা বিপুল পৰিমানৰ অৰ্থ উপাৰ্জন কৰে উক্ত দেশখনে৷ বিবিচিৰ দাবী– অপৰিশোধিত তেল বিক্ৰী কৰি চৌদি আৰৱে যি পৰিমাণে অৰ্থ উপাৰ্জন কৰে হজযাত্ৰাৰ পৰা ইয়াতকৈ অধিক অৰ্থ উপাৰ্জন কৰে দেশখনে৷