Logo
image

দুখন বিমানেৰে মক্কালৈ উঃ পূবৰ ৬ সহস্ৰাধিক হজযাত্ৰী

‘আমাৰ অসম’, ১ জুনঃ এইবেলি অসমকে ধৰি উত্তৰ পূবৰ ৰাজ্য কেইখনৰ পৰা পবিত্ৰ হজ সমাপনৰ বাবে ছৌদি আৰবৰ মক্কালৈ যাব ৬,৩০২জন হজযাত্ৰী৷ ইয়াৰে পুৰুষ হজযাত্ৰীৰ সংখ্যা হ’ল, ৪,২৮১জন আৰু মহিলা হজযাত্ৰীৰ সংখ্যা হ’ল ২,০২১ জন৷ ইয়াৰ ভিতৰত অসমৰ হজযাত্ৰীৰ সংখ্যা হ’ল ৬,১৮৯ জন৷ বুধবাৰে গুৱাহাটীৰ হাজী মুছাফিৰখানাত আয়োজিত এক সংবাদ মেলত ভাগ লৈ উত্তৰ পূব যুটীয়া হজ কমিটীৰ অধ্যক্ষ নেকিবুৰ জামানে চলিত ২০২৩ বৰ্ষত মক্কালৈ যাবলগীয়া হজযাত্ৰীৰ সংখ্যা আৰু অসম চৰকাৰে হজযাত্ৰীৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাপনা সন্দৰ্ভত তথ্য দাঙি ধৰে৷ সংবাদমেলত নেকিবুৰ জামানে কয় বিভিন্ন কাৰিকৰী কাৰণৰ বাবে পূৰ্বৰ দৰে এইবেলি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা মক্কালৈ পোনপটীয়া বিমান হজযাত্ৰী লৈ উৰা নামাৰিব৷ তাৰ সলনি দিল্লী আৰু মুম্বাইৰ আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা হজযাত্ৰীসকল মক্কালৈ যাব৷ ৪ জুনৰ পৰা দুখন বিমান বৰঝাৰৰ পৰা হজযাত্ৰীলৈ দিল্লী আৰু মুম্বাইলৈ উৰা মাৰিব৷ দিল্লীলৈ যাবলগীয়া বিমানখন দুপৰীয়া ১২.৫০ বজাত আৰু মুম্বাইলৈ যাবলগীয়া বিমানখন বিয়লি ৪.৫৫ বজাত যাত্ৰা কৰিব৷ তাত ভাৰতৰ আন ৰাজ্যৰ হজযাত্ৰীৰ সৈতে উত্তৰ পূবৰ হজযাত্ৰীসকল মক্কালৈ বিশেষ বিমানযোগে যাত্ৰা কৰিব৷ অৱশ্যে হজযাত্ৰীসকলৰ ভিছা, পাছপোৰ্ট পৰীক্ষণ, টকা সলনিকে ধৰি আন যাবতীয় চৰকাৰী কাম-কাজসমূহ পূৰ্বৰ দৰে বৰঝাৰ বিমান বন্দৰতে স্থাপন কৰা নিৰ্দিষ্ট কাউণ্টাৰত সম্পন্ন কৰা হ’ব৷ পূৰ্বৰ দৰে হজযাত্ৰীসকলৰ সহায়ৰ বাবে খাদিমূল আৰু চিকিৎসক লগত থাকিব৷ মক্কাত থকা সময়ছোৱাত হজযাত্ৰীসকলে অসমৰ স্বাভিমানৰ প্ৰতীক স্বৰূপ গামোছাখন ডিঙিত পৰিধান কৰাৰ লগতে তেওঁলোক থকা হোটেলৰ সন্মুখতো পতাকাৰ আৰ্হিত গামোচাখন উৰি থাকিব৷  আনহাতে তেওঁ নিজেও প্ৰথমটো হজযাত্ৰীৰ দলটোৰ সৈতে পৱিত্ৰ হজ সমাপনৰ বাবে মক্কালৈ যাব বুলি সদৰি কৰি বৰঝাৰ বিমান বন্দৰত হজযাত্ৰীৰ সুবিধাৰ বাবে আলহাজ আলতাফ হুছেইনক সভাপতি হিচাপে লৈ এখন হজ অভ্যৰ্থনা সমিতি গঠন কৰি দিয়া হৈছে বুলি ব্যক্ত কৰে৷ সংবাদমেলত হজ কমিটীৰ সদস্য, বিধায়ক ৰেকিবুদ্দিন আহমেদ, অধিবক্তা শ্বহিদুল ইছলাম উপস্থিত থাকে৷ উল্লেখ্য যে ৩ জুনত হাজী মুছাফিৰখানা হজযাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হ’ব৷