Logo
image

ভেন্দি খাওক, আছে অনেক পুষ্টিকৰ গুণ

পাচলিৰ ভিতৰত থলুৱাভাৱে উৎপাদন হোৱাভেন্দিৰো আছে পুষ্টিকৰ গুণ৷ ভেন্দিত প্ৰচুৰ পৰিমাণে প্ৰটিন , কাৰ্বহাইড্ৰেট , আইৰণ , কেলছিয়াম , পটাছিয়াম , মেগনেছিয়াম , ফাইবাৰ , ফচফৰাছ , জিংক , ভিটামিন-এ , বি , চি , ডি ,ই , কে আদি উপাদান পোৱা যায়৷ আহকচোন ভেন্দি কি কি কাৰণে খাব লাগে তাৰে সম্ভেদ লওঁ–

⬛এণ্টি অক্সিডেণ্ট গুণ থকা ভেন্দিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷ পাচনতন্ত্ৰ সঠিক ভাৱে ৰাখে ৷ হজম ক্ষমতা বঢ়ায়৷ কোষ্ঠকাঠিন্যতাৰ সমস্যা দূৰ কৰে৷

⬛পুষ্টিবিদ সকলৰ মতে ডায়েবেটিছ ৰোগীয়ে নিয়মিয়াকৈ ভেন্দি কাটি পানীত ৰাতিটো তিয়াই ৰাখিপুৱা খালি পেটত সেই পানী সেৱন কৰিলে চুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণলৈ আহে৷

⬛নিয়মিয়াকৈ ভেন্দি খালে এনিমিয়া সমস্যা ৰোধ হয় বুলি খাদ্য বিশেষজ্ঞসকলে মতপোষণ কৰিছে৷

⬛ভেন্দিয়ে অপকাৰী কলেষ্টৰল কম কৰে৷ হৃদযন্ত্ৰ সুৰক্ষিত কৰি ৰাখে৷ ভেন্দিত থকা এণ্টি-অক্সিডেণ্টে কলোন কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰে৷  ভিটামিন-কে থকাৰ বাবে তেজ গোট মৰা ক্ৰিয়া নিয়ন্ত্ৰণ কৰে৷ হাড় আৰু দাঁতৰ গঠন মজবুত কৰে৷

⬛ভেন্দিয়ে ছালৰ উজ্জ্বলতা বঢ়ায় ৷ কিডনি সুৰক্ষিত কৰাত সহায় কৰে৷

গৰ্ভৱতী মহিলাৰ বাবে ভেন্দি মহৌষধ৷ ভেন্দি, ভেন্দি পাত উতলাই ঠাণ্ডা কৰা পানী খালে প্ৰস্ৰাৱৰ সংক্ৰমণত উপকাৰ পোৱা যায়৷

⬛দৃষ্টি শক্তি সঠিক ভাৱে ৰখাত ভেন্দিয়ে বিশেষভাৱে সহায় কৰে৷ ভেন্দিয়ে শৰীৰ শীতল কৰে ৷ পেটৰ গেছ দূৰ কৰে৷ শৰীৰত শক্তিবৰ্ধক টনিক হিচাপে কাম কৰে৷

⬛ভেন্দি পাতৰ ৰস ঘাঁ-ফোহাত প্ৰলেপ দিলে সুফল পোৱা যায়৷

 ছালৰ সমস্যা , খজুৱতি আদিত ভেন্দিৰ গুটি পিচি গাখীৰৰ লগত মিহলাই প্ৰয়োগ কলিলে উপকৃত হয়৷

⬛ভেন্দিয়ে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে বাবে ডায়েবেটিছ ৰোগীৰ কাৰণে নিৰাপদ পাচলি৷ 

ভেন্দি পুষ্টিকৰ গুণেৰে ভৰপূৰ তথা বহু উপকাৰী যদিও  ভেন্দি থাইৰয়ড ৰোগীৰ বাবে অপকাৰী৷