Logo
image

টীয়কৰ হাঁহচৰা চাৰিআলিৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনাঃ ট্ৰাকে মহতিয়াই নিলে চাইকেল আৰোহীক

- টীয়কৰ হাঁহচৰা চাৰিআলিৰ সমীপত  বৃহস্পতিবাৰে সন্ধিয়া এক  ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। 

-  ৩৭ নং ৰাষ্ট্ৰীয় পথ পাৰ হোৱাৰ সময়তে শিৱসাগৰ অভিমুখে গৈ থকা AS-23CC 1883 নম্বৰ গেছ চিলিণ্ডাৰ কঢ়িয়াই নিয়া এখন ট্ৰাকে মহতিয়াই নিয়ে এজন চাইকেল আৰোহীক। 

- চাইকেল আৰোহী জন হাহঁচৰাৰ শেনচোৱাৰ নিৱাসী প্ৰফুল্ল চাংমাই বুলি জানিব পৰা গৈছে।

- গুৰুতৰভাৱে আহত চাংমাইক স্থানীয় ৰাইজৰ তৎপৰতাত টীয়ক এফ আৰ ইউ(FRU) ত ভৰ্তি কৰোৱা হয়৷

- পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ট্ৰাকখন জব্দ কৰে৷