Logo
image

পুনৰ বিদ্যুতৰ ফিক্সড চাৰ্জ বাঢ়িল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ জুনঃ প্ৰীপেইড স্মাৰ্ট মিটাৰ সংযোগৰ পাছত পূৰ্বৰ তুলনাত অভাৱনীয় হাৰত বিদ্যুতৰ বিল অহাৰ সন্দৰ্ভত ৰাজ্যত বিদ্যুৎ গ্ৰাহকৰ ক্ষোভ-অসন্তুষ্টি অব্যাহত থকাৰ মাজতে অসম শক্তি বিতৰণ কোম্পানীয়ে (এপিডিচিএল) আজিৰে পৰা (পহিলা জুন) কাৰ্যকৰী হোৱাকৈ হঠাৎ বৃদ্ধি কৰিলে বিদ্যুতৰ ফুৱেল আৰু পাৱাৰ চাৰ্জ৷ ইয়াৰ ফলত ঘৰত লাইট, ফেন চলকেই বা নচলক গ্ৰাহকে প্ৰতি ইউনিটৰ বাবদ বিদ্যুতৰ বিলত অতিৰিক্ত মাচুল ভৰিব লাগিব৷ এনাৰ্জী চাৰ্জৰ অধীনৰ ফুৱেল এণ্ড পাৱাৰ পাৰছেজ প্ৰাইচ এডজাষ্টমেণ্ট চমুকৈ ‘এফপিপিপিএ’ বৃদ্ধিৰ ফলত গ্ৰাহকৰ বিদ্যুতৰ বিল প্ৰতি ইউনিটত ৮.৬০ টকা পৰ্যন্ত বৃদ্ধি পালে৷ এপিডিচিএলে জাননীৰ জৰিয়তে প্ৰকাশ কৰা অনুসৰি ৫ কিলোৱাট পৰ্যন্ত জীৱনধাৰা স্কীমৰ সাধাৰণ গ্ৰাহকৰ বিদ্যুতৰ গ্ৰাহকৰ ফুৱেল আৰু পাৱাৰ চাৰ্জ ৩০ পইচা বৃদ্ধি কৰা হৈছে৷ ইয়াৰ ফলত এই শ্ৰেণীৰ বিদ্যুতৰ গ্ৰাহকৰ প্ৰতি ইউনিটৰ বিদ্যুতৰ বিল হ’ব ৪.৩৫ টকা৷ ডমেষ্টিক-এ এলটি-২ শ্ৰেণীৰ ০.৫ কিলোৱাটৰ ১২০ ইউনিটলৈকে ৩০ পইচা মাচুল বৃদ্ধি কৰা হৈছে৷ এই শ্ৰেণীৰ ১২০ ইউনিটলৈকে খৰচ কৰা গ্ৰাহকে প্ৰতি ইউনিটত ৫.২৫ টকা, ১২১ ইউনিটৰ পৰা ২৪০ ইউনিটলৈকে প্ৰতি ইউনিট বিদ্যুতৰ দাম ৭.৩০ টকালৈ বৃদ্ধি পালে৷ আনহাতে, ডমেষ্টিক-বি এলটি-৩ শ্ৰেণীৰ গ্ৰাহকৰ ৫ কিলোৱাটৰ ওপৰৰ কেটেগৰীৰ ক্ষেত্ৰত মাচুল ৭০ পইচা বৃদ্ধি কৰা হৈছে৷ ইয়াৰ ফলত এই শ্ৰেণীৰ গ্ৰাহকৰ প্ৰতি ইউনিটৰ বিদ্যুৎ মাচুল হ’বগৈ ৮.১৫ টকা৷ একেদৰে এলটি-৪ বাণিজ্যিক শ্ৰেণীতো মাচুল প্ৰতি ইউনিটত ৭০ পইচা বৃদ্ধি কৰা হৈছে৷ ইয়াৰ ফলত এই শ্ৰেণীৰ বিদ্যুৎ মাচুল প্ৰতি ইউনিটত ৮.৬০ টকা বৃদ্ধি পাব৷ লক্ষণীয় যে বিদ্যুতৰ ফুৱেল, পাৱাৰ চাৰ্জ বৃদ্ধিৰ ফলত বাণিজ্যিক আৰু গুৱাহাটীৰ ফ্লেটৰ বাসিন্দাসকলে এক মোটা অংকৰ বিদ্যুৎ মাচুল চৰকাৰক আদায় দিব লাগিব৷ ক্ৰমে এটকা আৰু ৭৫ পইচা ৰাজসাহায্য লাভ কৰা জীৱনধাৰাৰ গ্ৰাহক আৰু এলটি-২ শ্ৰেণীৰ সাধাৰণ ঘৰুৱা গ্ৰাহকৰ ক্ষেত্ৰতো ‘এফপিপিএ’ ৩০ পইচা আৰোপ কৰা হৈছে৷ ইয়াৰ ফলত চৰকাৰী ৰাজসাহায্য অৰ্থহীন হৈ পৰিল৷ লক্ষণীয় যে বিদ্যুতৰ গ্ৰাহকৰ ক্ষেত্ৰত প্ৰতিটো শ্ৰেণীতে ফিক্সড চাৰ্জ আৰোপ হৈ আছে৷ ইয়াৰ পাছতো ৩০ পইচাৰ পৰা ৭০ পইচা ‘এফপিপিএ’ৰ নামত এপিডিচিএলে আৰোপ কৰিছে৷ যিহেতু বিদ্যুৎ খৰচ কৰক বা নকৰক গ্ৰাহকেই এই এনাৰ্জী চাৰ্জ বিলত দিবই লাগিব, ইয়াকো অন্য ধৰণৰ এক ফিক্সড চাৰ্জ বুলিয়েই ক’ব পাৰি৷ ইফালে, উৎকট গৰমত সঘন বিদ্যুৎ কৰ্তনে অতিষ্ঠ কৰিছে বিদ্যুতৰ গ্ৰাহকক৷ ৰাজ্যৰ আন প্ৰান্তৰ কথা বাদেই খোদ গুৱাহাটী, তেজপুৰৰ দৰে চহৰতে অব্যাহত আছে সঘন লোড শ্বেডিং৷