Logo
image

মাটিৰ চৰকাৰী মূল্য ২০০গুণ পৰ্যন্ত বৃদ্ধি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ জুনঃ গুৱাহাটী মহানগৰীত দুশ শতাংশ পৰ্যন্ত বৃদ্ধি হ’ল ভূমিৰ চৰকাৰী মূল্য৷ কেৱল গুৱাহাটী মহানগৰীতে নহয় ৰাজ্যৰ আন প্ৰান্ততো এশ শতাংশ পৰ্যন্ত মাটিৰ মূল্য বৃদ্ধি কৰিছে ৰাজহ বিভাগে৷ ভূমিৰ চৰকাৰী মূল্য বৃদ্ধিৰ ফলত চৰকাৰী পঞ্জীয়ন মাচুল তথা ফ্লেটৰ বৰ্গফুটৰ চৰকাৰী মূল্যও বৃদ্ধি পাব৷ গুৱাহাটী মহানগৰীত বৰ্তমান ভূমি পঞ্জীয়ন মাচুল ৯ শতাংশ স্থিৰ হৈ আছে৷ স্বাভাৱিকতে ভূমিৰ মূল্য ২০০ শতাংশ বৃদ্ধিৰ ফলত পঞ্জীয়ন  মাচুলো পূৰ্বৰ তুলনাত আকাশলংঘী হৈ পৰিব৷ জনতাক বিপৰ্যস্ত কৰি শূন্য ৰাজভঁৰাল টনকিয়াল কৰাৰ এয়া চৰকাৰী চক্ৰান্ত বুলি অভিযোগ উঠিছে৷ গুৱাহাটীৰ পাচটা ৰাজহ চক্ৰৰ কাৰ্যালয় ক্ৰমে গুৱাহাটী, দিছপুৰ, সোণাপুৰ, চন্দ্ৰপুৰ আৰু আজাৰাত মাটিৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি কৰিলে ৰাজহ বিভাগে৷ এই ভূমিৰ নতুন মূল্যৰ তালিকা ৰাজহ বিভাগে যোৱা ১০ মে’ত কামৰূপ মহানগৰ জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰিছে৷ সেই অনুসৰি ঔদ্যোগিক অঞ্চল, ব্যৱসায়িক অঞ্চল, আবাসিক অঞ্চল, ৰাষ্ট্ৰীয় ঘাইপথৰ এশ মিটাৰ ভিতৰত মুখ্য পথৰ এশ মিটাৰ ভিতৰত, লোকনিৰ্মাণ বিভাগৰ পথৰ সমীপ আদি কেইবাটাও শ্ৰেণীত গুৱাহাটীৰ মাটিৰ মূল্য নতুনকৈ নিৰ্ধাৰণ কৰা হৈছে৷ ঔদ্যোগিক স্থানত ১.৫০ কোটি, মুখ্য পথৰ সমীপত ৪.৮০ কোটি, লোকনিৰ্মাণ বিভাগৰ পথৰ সমীপত ৫ কোটিলৈকে প্ৰতি বিঘা ভূমিৰ মূল্য নিৰ্ধাৰণ কৰিছে ৰাজহ বিভাগে৷ দিছপুৰত ঔদ্যোগিক স্থানত ২.৫০ কোটি, মুখ্য পথৰ এশ মিটাৰ ভিতৰত ৭.৮০ কোটি, মুখ্য পথৰ এশ মিটাৰ বাহিৰত ৭.৭০ কোটি, লোকনিৰ্মাণ বিভাগৰ এশ মিটাৰ ভিতৰত ৭.৬০ কোটি, লোকনিৰ্মাণ বিভাগৰ এশ মিটাৰৰ বাহিৰত ৭.৫০ কোটি টকা পৰ্যন্ত প্ৰতি বিঘা মাটিৰ মূল্য নতুনকৈ ধাৰ্য কৰা হৈছে৷ ইফালে, কাহিলিপাৰাত প্ৰতি বিঘা ভূমি ব্যৱসায়িক স্থানত ৰ কোটি, মুখ্য পথৰ এশ মিটাৰ ভিতৰত ২.৮০ কোটি, মুখ্য পথৰ এশ মিটাৰ বাহিৰত ২.৭০ কোটি, লোকনিৰ্মাণ বিভাগৰ এশ মিটাৰৰ ভিতৰত ২.৬০ কোটি, লোক নিৰ্মাণ বিভাগৰ এশ মিটাৰৰ বাহিৰত ২.৫০ কোটি টকা মূল্য নিৰ্ধাৰণ কৰিছে ৰাজহ বিভাগে৷ তদুপৰি বশিষ্ঠত ভূমিৰ মূল্য নিৰ্ধাৰণ কৰিছে ৰাজহ বিভাগে৷ তদুপৰি বশিষ্ঠত ভূমিৰ মূল্য প্ৰতি বিঘাত ৪.২০ কোটি, মঠঘৰীয়াত ৬.৩০ কোটি, নুনমাটিত ২.৭৭ কোটি, হেঙেৰাবাৰীত ৫.৭০ কোটি, গীতানগৰত ৪.৩৫ কোটি, হাতীগাঁৱত ২.৮০ কোটি, জ্যোতিকুছিত ৩.৩০ কোটি, খাৰঘুলিত ২.৭০ কোটি, বোন্দাত ২.৭০ কোটি, ফটাশিলত ৪.৮০ কোটি, বৰ্ষাপাৰাত ৪.৮০ কোটি, সৰুমটৰীয়াত ৮.৭০ কোটি, ৰুক্মিণীগাঁৱত ৭.২০ কোটি, দ্বাৰকানগৰত ৬.৩০ কোটি, বৰমটৰীয়াত ৪.৯৫ কোটি, খানাপাৰাত ৫ কোটি, সাতগাঁৱত ৩.৯০ কোটি, কলিতাকুছিত ২.৭০ কোটি, বাঘৰবড়িত ৩.৩০ কোটি, ওদালবাক্ৰাত ৪.২০ কোটি, ধলদমাত ৩.৩০ কোটি, জনশিমলুত ১.৬৫ কোটি টকা পৰ্যন্ত প্ৰতি বিঘা ভূমিৰ মূল্য ৰাজহ বিভাগে নতুনকৈ নিৰ্ধাৰণ কৰিছে৷ লক্ষণীয় যে এই মূল্য ২০২৫ চনলৈকেহে নিৰ্ধাৰণ কৰা হৈছে৷ ২০২৫ ৰ পিছত পুনৰ বৃদ্ধি পাব ভূমিৰ চৰকাৰী মূল্য৷