Logo
image

জোনমণিৰ মৃত্যুৰ দৰেই তদন্ত প্ৰক্ৰিয়াও ঘোৰ ৰহস্যৰ মাজত

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২ জুনঃ নগাঁৱৰ আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু হোৱাৰ ঘটনাৰ এপষেক অতিক্ৰম কৰিলে৷ কিন্তু এতিয়া যেন জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তও ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে৷ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ ভাৰ ৰাইজৰ দাবীত চি বি আইলৈ হস্তান্তৰ কৰাৰ কথা কৈ পৰিয়ালৰ ক্ষোভৰ উপশম ঘটোৱাৰ চেষ্টা চলালে যদিও আজিলৈকে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে তদন্তৰ বাবে কোনো সেউজ সংকেত নিদিলে৷ ইফালে বৰ্তমান এছ আই জোনমণিৰ মৃত্যুৰ তদন্তকো এৰা ধৰাকৈ অসম আৰক্ষীৰ চি আই ডিয়ে চলাই নিলেও সেয়াও যেন আশাব্যঞ্জক নহয়৷ কিয়নো জোনমণিৰ পৰিয়ালে সন্দেহৰ আঙুলি তোলা কোনো এজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা নল’লে চি আই ডিয়ে৷ যাৰ বাবে জোনমণিৰ দুৰ্ভগীয়া বৃদ্ধা মাতৃয়ে সঠিক তদন্ত বিচাৰি পুনৰবাৰ চৰকাৰক দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে৷ অৱশ্যে জোনমণিৰ মৃত্যুৰ তদন্তক লৈ ঠায়ে ঠায়ে পুনৰ প্ৰতিবাদ হ’বলৈ আৰম্ভ হোৱাত বৃহস্পতিবাৰে চি আই ডিৰ এটা দলে নগাঁও ডিটিঅ’ কাৰ্যালয়ত উপস্থিত হৈ দায়িত্ববাহী এম ভি আইক সোধা-পোছা কৰে৷ চি আই ডিয়ে দুৰ্ঘটনাটোত পতিত হোৱা দুয়োখন গাড়ীৰ তথ্য-পাতি পৰীক্ষা কৰাৰ উপৰি বিশেষজ্ঞ হিচাপে এম ভি আইৰ পৰা চলন্ত অৱস্থাত দুয়োখন গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈছিল নে, নে ৰখাই থোৱা অৱস্থাত জোনমণি ৰাভাৰ বাহনখনত কেণ্টেনাৰ ট্ৰাকখনে খুন্দা মাৰিছিল সেই বিষয়টো সন্দভতো মতামত গ্ৰহণ কৰে৷ চি আই ডিয়ে লেহেমীয়া গতিৰে তদন্ত আগবঢ়ালেও জোনমণি ৰাভাৰ দুৰ্ঘটনাটোৰ নিজকে সাক্ষী বুলি দাবী কৰা বোকাখাতৰ প্ৰণৱ দাসক আৰক্ষীয়ে মানসিকভাৱে অসুস্থ বুলি পতিয়ন নিয়াৰ চেষ্টা চলোৱা বুলিও অভিযোগ উঠিছে৷ স্বাভাৱিকতেই এতিয়া প্ৰশ্ন উঠিছে চি আই ডিয়ে কেৱল অভিযোগনামা দাখিল কৰিয়েই গোচৰটোৰ তদন্ত গাপ দিব নেকি!

চৰকাৰৰ পৃষ্ঠপোষকতাতে আৰক্ষীৰ অপৰাধীকৰণঃ ডি ৱাই এফ আই

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পাছতেই অসম আৰক্ষীৰ এটাৰ পিছত আনটো বিস্ফোৰক কাহিনী পোহৰলৈ আহিছে৷ বিপ্লৱ কুমাৰ শৰ্মা ন্যায়িক আয়োগে দোষী সাব্যস্ত কৰা আৰু অসম পুলিচৰ অভিযোগনামাত নাম সন্নিবিষ্ট এচাম ঠগ প্ৰৱঞ্চনা আৰু জালিয়াতিৰে বাছনিভূক্ত বিষয়াৰেই যেন চলিছে অসম আৰক্ষী তথা ৰাজ্যৰ প্ৰশাসন৷– এই অভিযোগ ডি ৱাই এফ আইৰ৷ বৃহস্পতিবাৰে এখন সংবাদমেলত ছাত্ৰ সংগঠনটোৰ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাস আৰু যুটীয়া সম্পাদক নিৰংকুশ নাথে কয়– এজনৰ পাছত আন এজন লাট মণ্ডল বা তাৰ তলৰ খাপৰ চৰকাৰী কৰ্মচাৰীক দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰি বাঃ বাঃ লোৱা অসম পুলিচৰ ভিতৰচৰাৰ ভয়ংকৰ দুৰ্নীতি আৰু অপৰাধ জগতৰ সৈতে থকা মধুৰ সম্পৰ্কৰ ছবিখন জোনমণি ৰাভাৰ ঘটনাই যেন স্পষ্ট কৰিলে৷ লগতে পোহৰলৈ আহিছে নগাঁও আৰু উত্তৰ লখিমপুৰৰ নকল সোণ আৰু জাল নোট চক্ৰৰ সৈতে জিলা দুখনৰ আৰক্ষীৰ শীৰ্ষ মহল পৰ্যন্ত থকা গোপন বুজাবুজি৷ আন এক গুৰুত্বপূৰ্ণ কথা হ’ল জোনমণি ৰাভাৰ মাতৃয়ে এজাহাৰত উল্লেখ কৰা নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেক বৰ্খাস্ত অথবা গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে  চৰকাৰে অন্য এখন জিলাৰ অধীক্ষক পাতি পুৰস্কৃতহে কৰিলে৷ এই ঘটনাই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰখনে প্ৰকৃততে যে এচাম অভিযুক্ত আৰক্ষী তথা ৰাজপত্ৰিত বিষয়াক সুৰক্ষা দি আহিছে সেই অভিযোগৰ পুনৰ প্ৰমাণিত কৰিলে৷ কিয়নো ৰাজ্য কঁপোৱা অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰিৰ ক্ষেত্ৰত গঠন কৰা ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে প্ৰায় ৩৪জন ৰাজপত্ৰিত আৰু আৰক্ষী বিষয়াক ঠগ প্ৰবঞ্চনাৰে বাছনিভূক্ত হোৱা বুলি উল্লেখ কৰিছিল৷ ২০১৩ বৰ্ষৰ সেই সমগ্ৰ অসামৰিক সেৱা পৰীক্ষাটোৱেই চূড়ান্ত বেআইনীভাৱে অনুষ্ঠিত হোৱা বুলি প্ৰকাশ কৰিছিল৷ কিন্তু অসম চৰকাৰে বিগত বৰ্ষৰ ২ এপ্ৰিলত গ্ৰহণ কৰা এই প্ৰতিবেদন আজি পৰ্যন্ত কাৰ্যকৰী নকৰিলে৷ আনকি প্ৰতিবেদন ৰাজহুৱা কৰাৰ সৎ সাহস এইখন চৰকৰৰ নহ’ল৷ বৰং একাংশ ঠগ-প্ৰবঞ্চনাৰে বাছনিভূক্ত আৰক্ষী আৰু ৰাজপত্ৰিত বিষয়াক পদোন্নতিৰে পুৰস্কৃত কৰিলে৷ জোনমণি ৰাভাত ৰহস্যজনক মৃত্যুৰ পাছত একাংশ আৰক্ষী-মাফিয়াৰ নাম সাঙোৰ খাই পৰিছে৷ এই ঘটনাত নাম সাঙোৰ খাই পৰা নগাঁও আৰু লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ক্ৰমে ৰুণা নেওঁগ আৰু ৰূপজ্যোতি কলিতাও এই বিতৰ্কিত ২০১৩ বৰ্ষৰেই বাছনিভূক্ত বিষয়া অৰ্থাৎ ন্যায়িক আয়োগৰ ভাষাত কবলৈ গ’লে মজ্জাগতভাৱে অবৈধ কৰ্মকাণ্ডৰ ফচল৷ গতিকে এক বেআইনী নিযুক্তি প্ৰক্ৰিয়াৰ দ্বাৰা বাছনিভূক্ত বিষয়াৰ পৰা ৰাইজে এনেধৰণৰ কৰ্মকাণ্ডতকৈ বেলেগ আশা কৰিব নোৱাৰো৷ আনকি নগাঁৱৰ অধীক্ষক লীনা দলেও আয়োগৰ আন এজন কলংকিত অধ্যক্ষ তাৰাপ্ৰসাদ দাসৰ আমোলত বাছনিভূক্ত হৈছিল৷ কেৱল এয়াই নহয়, আনকি ২০১৯ চনতেই অসম আৰক্ষীয়ে ঠগ, প্ৰবঞ্চনা, ষড়যন্ত্ৰ আৰু দুৰ্নীতিৰে বাছনিভূক্ত হোৱা বুলি অভিযোগনামাত উল্লেখ কৰা ৰাকেশ পালৰ আমোলৰ ৩৫জন কৃষি উন্নয়ন বিষয়াই এতিয়া দপদপাই চাকৰি কৰি আছে৷ ইয়াৰে এজন শেহতীয়াকৈ আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত পৰিছে৷ গতিকে এইবোৰ ঘটনাৰ দ্বাৰা প্ৰমাণিত হৈছে যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ পৃষ্ঠপোষকতাতেই প্ৰশাসনিক ব্যৱস্থাটো একপ্ৰকাৰৰ অপৰাধীকৰণৰ দিশে গতি কৰিছে৷ এইক্ষেত্ৰত আৰক্ষীৰ অপৰাধীকৰণৰ ছবিখন আটাইতকৈ ভয়ংকৰ৷ যাৰ জ্বলন্ত উদাহৰণ শেহতীয়া এই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু আৰু পৰৱৰ্তীকালত উদঘাটন হোৱা আন বহু ভয়াবহ তথ্য৷ অসম চৰকাৰক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ লগতে এই ঘটনাৰ পাছত পোহৰলৈ অহা অসম আৰক্ষীৰ অপৰাধীকৰণৰ তথা কেলেংকাৰিৰ ভয়াবহ তথ্যসমূহৰ ন্যায়িক তদন্তৰ কৰক৷ মুখ্যমন্ত্ৰীয়ে লগতে অতি শীঘ্ৰেই ন্যায়াধীশ শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰি দোষী সাব্যস্ত কৰা বিষয়া আৰু অসম পুলিছে অভিযোগনামাত নাম উল্লেখ কৰা বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লওক৷