Logo
image

মুমূৰ্ষু ভেন আৰোহীৰ বাবে সাহায্য সংগ্ৰহ সেই ইঞ্জিনিয়াৰিং ছাত্ৰৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ জুনঃ দেওবাৰে মাজনিশা জালুকবাৰীত সংঘটিত লোমহৰ্ষক দুৰ্ঘটনাত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭জনকৈ মেধাবী ছাত্ৰ থিতাতে নিহত হয়৷ এই দুৰ্ঘটনাটোত মহাবিদ্যালয়খনৰ অন্য তিনিজন ছাত্ৰও গুৰুতৰভাৱে আহত হয়৷ সেই নিশা ছাত্ৰকেইজনে ব্যৱহাৰ কৰা দুৰন্ত গতিৰ স্ক’ৰপিঅ’খনে প্ৰথমে ৰাজপথৰ ডিভাইডাৰত খুন্দা মাৰি উভৰি গৈ পথৰ বিপৰীত দিশৰ এখন ডি আই পিক আপ ভেনত খুন্দা মাৰে৷ ফলত পি আপ ভেনখনৰ চালকসহ তিনিজন লোক গুৰুতৰভাৱে আহত হয়৷ এই লোক তিনিজন আজিও গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছে৷ কোনো মতে পেটে ভাতে খাই থকা এই লোক তিনিজনৰ জীৱন বিনাদোষে দুৰ্বিষহ হৈ পৰে৷ প্ৰতিদিনে পুৱা এই ভানখনেৰে গুৱাহাটীলৈ কুকুৰা কঢ়িয়াই তেওঁলোকে জীৱিকা নিৰ্বাহ কৰিছিল৷ ভাড়া কৰি চলোৱা ভানখন দুৰ্ঘটনাটোৰ ফলত সম্পূৰ্ণ ৰূপে বিধবস্ত হৈ পৰে৷ ৰজাঘৰ-প্ৰজাঘৰ সকলোৰে পৰা অবহেলিত হৈ থকা এই লোক তিনিজনক অৱশেষত সহায় কৰিবলৈ আগবাঢ়ি আহে অসম ইঞ্জিনিয়াৰিং কলেজৰ একাংশ প্ৰাক্তন ছাত্ৰ৷ মহাবিদ্যালয়খনৰ ২০০৮ বৰ্ষৰ ছাত্ৰ দেবৰ্ষী বৰুৱাই ‘আমাৰ অসম’ক জনোৱা মতে বুধবাৰে দুপৰীয়া প্ৰায় ৰ বজাৰ পৰা তেওঁলোকে এই দুৰ্ভগীয়া লোক তিনিজনৰ বাবে অৰ্থ সংগ্ৰহৰ অভিযান আৰম্ভ কৰে৷ প্ৰথমে সামাজিক মাধ্যম ফেচবুক আৰু পিচত ৱাটছএপ যোগে আৰম্ভ হয় অৰ্থ সংগ্ৰহৰ এই অভিযান৷ প্ৰথমে ১.৫০ লাখ টকা সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল৷ কিন্তু আজি সন্ধিয়া ৫ বজালৈ অবিশ্বাস্যভাৱে সংগ্ৰহ হয় প্ৰায় ৩.৫৪ লাখ টকা৷ দেশে-বিদেশে থকা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ, বৰ্তমানৰ ছাত্ৰ, প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষাগুৰুৱে আগবাঢ়ি আহি সামৰ্থ অনুসৰি অনুদান আগবঢ়ায়৷ মাত্ৰ ২৮ ঘণ্টাত সংগ্ৰহ হোৱা পুঁজি বৃহস্পতিবাৰে নিশা আহত তিনিজন লোক ক্ৰমে ৰাজীব আলী, ইউচুফ আলী আৰু মোজাম্মিন আলীৰ পৰিয়ালবৰ্গক ১.১৮ লাখ টকাকৈ দিয়া হয় সাহায্য হিচাপে৷ সামাজিক দায়িত্ব হিচাপে এই তিনিজন লোকক সহায় কৰিবলৈ আগবাঢ়ি আহে অভিযান্ত্ৰিক মহাবিদ্যালয় পৰিয়ালে৷