Logo
image

হাইক’ৰ্ট আমিনগাঁৱলৈ স্থানান্তৰ, উঠিল প্ৰশ্ন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ জুনঃ মাত্ৰ ১০ বছৰ পূৰ্বে প্ৰায় ৬৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা গুৱাহাটী উচ্ছ ন্যায়ালয় ভৱন আমিনগাঁৱলৈ স্থানান্তৰৰ সিদ্ধান্ত লৈছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে৷ এই সন্দৰ্ভত ২৩ মে’ত জনতা ভৱনত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত এখন উচ্ছস্তৰীয় বৈঠকো অনুষ্ঠিত হয়৷ এই বৈঠকতে জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত আমিনগাঁৱৰ ৰংমহলত গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ নতুন চৌহদ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ইয়াৰ বাবে চৰকাৰে ইতিমধ্যে ১০০ বিঘা ভূমি বিচাৰি উলিয়াইছে৷ এই ১০০ বিঘা ভূমিত চৰকাৰে অত্যাধুনিক ‘জুডিচিয়েল চিটি’ নিৰ্মাণ কৰিব৷ এই চৌহদটোত গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ উপৰিও কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ সকলো আদালত আৰু অন্যান্য বিষয়া-কৰ্মচাৰী ন্যায়াধীশ সকলৰ বাসভৱনো থাকিব৷ বৈঠকতে কামৰূপ জিলাৰ উপায়ুক্তক ভূমি আৱণ্টনৰ প্ৰক্ৰিয়া শেষ কৰিবলৈও এমাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে৷ ইয়াৰ সমান্তৰালভাৱে লোকনিৰ্মাণ বিভাগক বিস্তৃত প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হয়৷ জুডিচিয়েল চিটিৰ বাবে চৰকাৰে আৱণ্টন দিবলৈ বিচৰা ১০০ বিঘা মাটিৰ ক্ষেত্ৰভিত্তক অধ্যয়ন কৰি ইয়াক চূড়ান্ত কৰিবলৈ উচ্ছ ন্যায়ালয়ৰ এজন ন্যায়াধীশৰ নেতৃত্বত এখন কমিটীও এই বৈঠকতে গঠন কৰি দিয়া হয়৷ লক্ষণীয়ভাৱে চৰকাৰৰ এই সিদ্ধান্তক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া আৰু ক্ষোভৰ৷ লাখ লাখ কোটি টকাৰ ঋণত পোত যোৱা চৰকাৰখনে এনেদৰে আমিনগাঁৱক ‘জুডিচিয়েল চিটি’ নিৰ্মাণ কৰিবলৈ ওলোৱা কাৰ্যত ক্ষোভিত হৈ পৰিছে বিভিন্ন দল সংগঠন৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে বৃহস্পতিবাৰে এক সংবাদ মেল যোগে চৰকাৰৰ এই সিদ্ধান্তক টোঘলকী আখ্যা দি ইয়াক তীব্ৰ সমালোচনা কৰি কয়–চৰকাৰৰ উক্ত সিদ্ধান্ত টোঘলকী, জনহীতৰ পৰিপন্থী, মিতব্যয়িতা বিৰোধী আৰু দিছপুৰৰ ক্ষমতাৰ শীৰ্ষত আৰোহন কৰি থকা লোকৰ ব্যক্তিগত লাভালাভৰ উদ্দেশ্যে গৃহীত পদক্ষেপ৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ বৰ্তমান ভৱনটো নিৰ্মাণ কৰা হৈছিল মাত্ৰ ১০ বছৰ পূৰ্বে৷ ৬৬ কোটি টকা ব্যয় কৰি নিৰ্মিত উক্ত ভৱনটো ২০১৩ চনৰ ১৭ আগষ্টৰ দিনা ভাৰতৰ তেতিয়াৰ মুখ্য ন্যায়াধীশ পি সথাশিভমে উদ্ভোধন কৰিছিল৷ অসমৰ সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা সেই সময়ৰ প্ৰভাৱশালী কেবিনেট মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল৷  ইয়াৰ পূৰ্বে উচ্ছ ন্যায়ালয়ৰ সকলো কাম-কাজ দীঘলীপুখুৰী, জজ খেলপথাৰ আৰু লতাশিল খেলপথাৰৰ মাজত অৱস্থিত পুৰণি উচ্ছ ন্যায়ালয় ভৱনতে হৈছিল৷ ব্ৰহ্মপুত্ৰৰ পাৰত নতুন ভৱনটি নিৰ্মাণ সম্পূৰ্ণ কৰি তালৈ সম্পূৰ্ণ আদালতখন স্থানান্তকৰণৰ কাম এতিয়ালৈকে সম্পূৰ্ণ হোৱাই নাই৷ অসম এখন আৰ্থিকভাৱে দুৰ্বল ৰাজ্য৷ বৰ্তমানে প্ৰায় ১ লাখ ৪০ হাজাৰ কোটি টকাৰ ঋণৰ বোজাত ককবকাই থকা ৰাজ্যখনত বিভিন্ন বিভাগৰ প্ৰায় ৫১ হাজাৰ চৰকাৰী কৰ্মাচাৰীক নিয়মীয়া দৰমহা আদায় দিব পৰা হোৱা নাই; থলুৱা ঠিকাদাৰসকলৰ প্ৰায় ৩০ হাজাৰ কোটি অনাদায় হৈ আছে; টকাৰ অভাৱত বহু বিভাগৰ বহু কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰিব পৰা হোৱা নাই; ধনৰ অভাৱত আন বহু কাম অসমাপ্ত হৈ পৰি আছে৷ অনে অৱস্থাত মাত্ৰ দহ বছৰ আগতে এটা অত্যাধুনিক ভৱন নিৰ্মাণ কৰি তালৈ উচ্ছ ন্যায়ালয় স্থান্তৰিত কৰাৰ পিছত এতিয়া পুনৰ আন ঠাইলৈ স্থানান্তৰিত কৰাৰ অৰ্থে বিশাল ধনৰাশি খৰচ কৰাটো অদূৰদৰ্শী আৰু টোঘলকী সিদ্ধান্ত হ’ব৷ গুৱাহাটী উচ্ছ ন্যায়ালয় আৰু সংলগ্ন অন্য আদালতসমূহক কেন্দ্ৰ কৰিয়ে গুৱাহাটীৰ উজানবজাৰ, লতাশিল, কাছাৰী আদি অঞ্চলৰ অৰ্থনীতিৰ চকৰি ঘুৰে৷ আদালত স্থানান্তৰিত হ’লে এই অঞ্চলৰ সহস্ৰাধিক ব্যৱসায়ী তথা অন্য ধৰণে সংস্থাপিত হৈ থকা লোকৰ সংস্থাপনৰ পথ নাইকিয়া হৈ পৰিব৷ সমগ্ৰ অঞ্চলটো ভীষণ আৰ্থিক ক্ষতিৰ সন্মুখীন হ’ব৷ উত্তৰ গুৱাহাটী-আমিনগাঁও অঞ্চলত থকা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিতৰ্কিত মাটিখিনিৰ মূল্য বৃদ্ধি কৰোৱা আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালে আমিনগাঁৱত স্থাপন কৰা কোটিটকীয়া ব্যক্তিগত বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী লাভৰ সুবিধা সৃষ্টিৰ স্বাৰ্থতে গুৱাহাটী ন্যায়ালয় চৌহত স্থানান্তৰকৰণ আৰু সেই ঠাইত আবাসিক চৌহদ নিৰ্মাণৰ এই সমগ্ৰ পৰিকল্পনা যুগুত কৰা বুলি সন্দেহ হৈছে৷ গতিকে অসম জাতীয় পৰিষদে উক্ত সিদ্ধান্ত তৎকালে বাতিল কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনালোঁ৷