Logo
image

এইবোৰ উপায়েৰে মহৰ পৰা পৰিত্ৰাণ পাওক

মহে বিভিন্ন ৰোগ কঢ়িয়াই আনে৷ ডেংগু, মেলেৰিয়া, ছিকুণগুণীয়া আদিৰ দৰে ৰোগসমূহৰ বাহক মহ৷ সাম্প্ৰতিক সময়ত ডেংগুৰ প্ৰকোপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ মহৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে আমি  সাধাৰণতে বজাৰত সহজতেপোৱা বিভিন্ন ধৰণৰ ধূপ বা ৰাসায়নিক ব্যৱহাৰ কৰোঁ৷ কিন্তু কিছুমান সহজ উপায় আছে, যিবোৰ উপায়ৰ জৰিয়তে মহৰ পৰা পৰিত্ৰাণ পাব পৰা যায়৷ উল্লেখ কৰা হ’ল তেনে কেইটামান উপায়–
- ঘৰত পুৰণি আঁঠুৱা থাকিলে পেলাই নিদিব৷ এনে আঁঠুৱা আপুনি মহৰ পৰা পৰিত্ৰাণ পোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ বাবে পৰি থকা পুৰণি আঁঠুৱাখন আনি খিৰিকি আৰু ভেণ্টিলেটৰৰ জোখত কাটি লওঁক৷ এইবাৰ কাটি লোৱা আঁঠুৱাৰ টুকুৰাসমূহ সৰু সৰু গজালেৰে খিৰিকি আৰু ভেণ্টিলেটৰত লগাওঁক৷ এই উপায়েৰে ঘৰত মহৰ প্ৰৱেশ বন্ধ কৰিব পাৰি৷ 
-  নহৰুৰ উৎকট গোন্ধ মহে সহ্য কৰিব নোৱাৰে৷ ঘৰত মহৰ উপদ্ৰৱ বেছি হ’লে নহৰু কাটি ৰাখক৷ দেখিব নহৰুৰ গোন্ধত মহ পলাবলৈ আৰম্ভ কৰিছে৷ 
- পদিনা, লেভেণ্ডাৰ আৰু ইউকিলিপটাছ বা লেমনগ্ৰাছৰ পৰা তেল প্ৰস্তুত কৰিব পৰা যায়৷ একেদৰে নিমৰ পৰাও তেল প্ৰস্তুত হয়৷ এইবোৰ তেলৰ গোন্ধ মহে মুঠেই সহ্য কৰিব নোৱাৰে৷ মহৰ পৰা পৰিত্ৰাণ পাবলৈ এনেধৰণৰ তেল প্ৰস্তুত কৰি ল’ব পাৰে৷ 
- নিমৰ গোন্ধ মহৰ বাবে অতি অসহ্যকৰ৷ সন্ধিয়া ঘৰত ধূনা দিওঁতে  কেইখিলামান নিমপাত তাৰ সৈতে জ্বলাই দিয়ক৷ নিমপাতৰ গোন্ধ ধোঁৱাৰ সৈতে বিয়পি পৰাৰ লগে লগে দেখিব মহ আঁতৰিবলৈ ধৰিছে৷