Logo
image

বিজেপিৰ বাবে পৰিয়াল সৰ্বপ্ৰথম

অলিম্পিক পদক বিজয়ী মহিলা মল্লযুঁজাৰুৱে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি সাংসদ ব্ৰীজভূষণ চাৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ আনিছে৷ এগৰাকী নাবালিকা মল্লযুঁজাৰুৱেও তেওঁৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে৷ এই অভিযোগ গুৰুতৰ৷ কিন্তু ভাৰতৰ উচ্ছতম ন্যায়ালয়ে নিৰ্দেশ নিদিয়ালৈ ব্ৰীজভূষণৰ বিৰুদ্ধে এজাহাৰেই দাখিল হোৱা নাছিল৷ তেওঁ মল্লযুঁজ ফেডাৰেচনৰ সভাপতি আৰু সাংসদ হৈ আছে৷ 

ব্ৰীজভূষণৰ বিৰুদ্ধে ইতিমধ্যে ৩৮টা গোচৰ আছে৷ তেওঁ ৬বাৰ সাংসদৰূপে নিৰ্বাচিত হৈছে৷ ২০০৮ চনৰ সংসদৰ আস্থাৰ ভোটত দলৰ বিৰুদ্ধে গৈ ভোট দিয়াৰ বাবে বিজেপিয়ে তেওঁক বহিষ্কাৰ কৰিছিল৷ পাছত তেওঁ পুনৰ বিজেপিলৈ আহে৷ ২০০৪ চনত তেওঁৰ ডাঙৰ পুতেক শক্তিচাৰণ সিঙে ২৩ বছৰ বয়সত নিজকে গুলীয়াই আত্মহত্যা কৰিছিল আৰু দেউতাকৰ স্বাৰ্থপৰতাক দোষ দিছিল৷ ব্ৰীজভূষণ সিঙক ভাৰতীয় ৰাজনীতিত, বিশেষকৈ উত্তৰ ভাৰতৰ গো-বলয়ৰ ৰাজনীতিত এক বিশেষধৰণৰ চৰিত্ৰৰ লোকৰ দপ্‌দপনিৰ প্ৰতীকৰূপে দাঙি ধৰিব পাৰি৷ ব্ৰীজভূষণ সিং সমাজবাদী দলৰো সদস্য আছিল৷ বৰ্তমান তেওঁ উত্তৰ প্ৰদেশৰ কেশৰগঞ্জ লোকসভা সমষ্টিৰ সাংসদ৷

ব্ৰীজভূষণৰ বিৰুদ্ধে উত্থাপিত গুৰুতৰ অভিযোগৰ পাছতো তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই৷ ব্ৰীজভূষণৰ ঘটনাটোৱে আৰু আন কিছু ঘটনাই বিজেপি আৰু সংঘ পৰিয়ালৰ এটা বিশেষ লক্ষণলৈ আঙুলিয়াই দিয়ে৷ বিজেপি-সংঘ পৰিয়ালে নিজৰ পৰিয়ালটোক আটাইতকৈ আগত স্থান দিয়ে৷ পৰিয়ালসমূহে, বিশেষকৈ ক্ষমতাশালী পৰিয়ালসমূহে নিজৰ কোনো সদস্য, বিশেষকৈ ল’ৰা-ছোৱালী অবাটে গ’লেও তেওঁলোকক সুৰক্ষা দিবলৈ সকলো চেষ্টা চলায়৷ নিজৰ মানুহ মানে নিজৰ মানুহ, পৰিয়াল মানে পৰিয়াল৷ ইয়াত ভাল-বেয়া, ন্যায়-অন্যায়ৰ কথা নাথাকে৷ নিজৰ মানুহ, পৰিয়ালৰ মানুহ বিপদত পৰিলে তেওঁৰ কাষত, তেওঁৰ সমৰ্থনত থিয় হ’ব লাগে৷ এয়া মাক-বাপেকৰ, পৰিয়াল-পৰিজনৰ দায়িত্ব৷ এনে চিন্তা আমি সমাজত আমাৰ চাৰিওফালে সঘনাই দেখিবলৈ পাওঁ৷ পৰিয়াল এটাই যদি ভাবে যে যি কাৰণেই নহওক কিয়, ইয়াৰ কোনোবা সদস্য বিপদত পৰিলে পৰিয়াল এটাই তেওঁৰ ওচৰত থিয় হ’ব লাগে, আৰু সেইটো সেই পৰিয়ালটোৰ নীতি বা আদৰ্শ, তেনেহ’লে তেনে চিন্তা শুদ্ধ নে ভুল সি আনৰ বাবে আলোচনাৰ বিষয় হৈ থাকে৷

বিজেপি আৰু সংঘ পৰিয়ালে ইয়াৰ সদস্যসকলক এই ধাৰণা দিয়ে যে এই পৰিয়ালটো তেওঁৰ স’তে আছে৷ টানে-বিপদে, সম্পদে-আপদে পৰিয়ালটোৱে তেওঁক নেৰে আৰু ইয়াৰ বিনিময়ত তেওঁ সম্পূৰ্ণ আত্মত্যাগৰ মনোভাবেৰে পৰিয়ালটোৰ স্বাৰ্থ সুৰক্ষিত ৰাখিবলৈ সষ্টম আৰু সক্ৰিয় হৈ থাকিব লাগে৷ বিজেপি যদি আজি দিল্লীত ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছে, তেনেহ’লে তাৰ আঁৰত এই পৰিয়ালটোৰ সদস্যখিনিৰ, বিশেষকৈ নেতৃস্থানীয় সদস্যখিনিৰ অৰিহণা আছে৷ 

বাজপেয়ী চৰকাৰখন সম্পূৰ্ণৰূপে সংঘ পৰিয়ালৰ চৰকাৰ বুলি নধৰিলে সংঘ পৰিয়ালে প্ৰকৃততে ক্ষমতা দখল কৰিছিল ২০১৪ চনত৷ আৰএছএছ গঠন হৈছিল ১৯২৫ চনত, গতিকে এই সংঘ পৰিয়ালে ক্ষমতাত অধিষ্ঠিত হ’বলৈ ৯০ বছৰ অপেক্ষা কৰিছিল৷ এই ৯০ বছৰ এই সংঘ পৰিয়াল নানা ঘাত-প্ৰতিঘাতৰ মাজেৰে ইয়াৰ সদস্যসকলৰ বাবেই বৰ্তি আছিল৷ গতিকে সংঘ পৰিয়ালে ইয়াৰ সদস্যসকলৰ মহত্ত্ব জানে৷ ক্ষমতাত নথকা সময়ত সংঘ পৰিয়ালে গণতন্ত্ৰ, আইনৰ শাসন, সংবিধান আদিক লৈ বিশেষ মূৰ ঘমাব লগা হোৱা নাছিল৷ আৰু সংঘ পৰিয়ালৰ মানুহৰ বাহিৰে আনে সংঘ পৰিয়ালক লৈ বিশেষ মূৰ ঘমোৱা নাছিল৷ সংঘ পৰিয়াল নিজৰ মানুহখিনি আৰু নিজৰ কাম-কাজক লৈ ব্যস্ত আছিল৷ 

বিজেপি-সংঘ পৰিয়ালে এতিয়া ক্ষমতা দখল কৰিছে আৰু ভাৰতৰ সংবিধান অনুসৰি শাসন কৰাৰ শপত গ্ৰহণ কৰিছে৷ কিন্তু ব্ৰীজভূষণৰ ঘটনাই স্পষ্ট কৰি দিছে যে বিজেপি-সংঘ পৰিয়ালে এতিয়াও সংবিধান, আইনৰ শাসনক সৰ্বোচ্ছ প্ৰাথমিকতা নিদিয়ে৷ তেওঁলোকৰ বাবে সৰ্বোচ্ছ আৰু সৰ্বপ্ৰথম হ’ল নিজৰ পৰিয়ালটো৷ ব্ৰীজভূষণ তেওঁলোকৰ পৰিয়ালৰ সদস্য আৰু তেওঁলোকে সকলো বিৰোধিতা নেওচি ব্ৰীজভূষণৰ কাষত থিয় হৈছে৷ বিজেপি-সংঘ পৰিয়ালে জানে যে সংবিধান, গণতন্ত্ৰ, আইনৰ শাসন আদি পোছাকী শব্দবোৰে নহয়, পৰিয়ালটোৰ সদস্যৰ কামেৰেহে তেওঁলোক ক্ষমতাত অধিষ্ঠিত হৈছে আৰু ভৱিষ্যতে ক্ষমতাত বৰ্তি থাকিবলৈ এই পৰিয়ালটো আটাইতকৈ অধিক জৰুৰী৷ বিজেপি-সংঘ পৰিয়ালৰ বাবে পৰিয়াল হ’ল সৰ্বোচ্ছ প্ৰাথমিকতা৷ এয়া ভাল নে বেয়া সেই প্ৰশ্ন পৰিয়ালৰ ভিতৰত উত্থাপনেই হোৱা নাই৷ সমস্ত পৰিয়াল ব্ৰীজভূষণৰ কাষত দৃঢ়তাৰে থিয় হৈ আছে৷