Logo
image

গ্ৰেপ্তাৰ নকৰাকৈ লক্‌আপত ৰাখিব নোৱাৰিব শিশু-মহিলাক

‘আমাৰ অসম’, ৩ জুনঃ  অসম আৰক্ষীৰ নিকৃষ্ট কাণ্ডই পুনৰবাৰ চকু কপালত তুলিছে গুৱাহাটী উচ্ছ ন্যায়ালয়ক৷ জিম্মাত থকা    অভিযুক্তক নিশা আন্ধাৰত এনকাউণ্টাৰ কৰি বীৰত্ব প্ৰদৰ্শন কৰা স্মাৰ্ট অসম আৰক্ষীয়ে মই মতালিয়ে শিশু-মহিলাকো থানাৰ লকআপত দিনৰ পাছত দিন বন্দী কৰি থোৱাৰ পৰম্পৰা আৰম্ভ কৰিছে৷ এঘণ্টা-দুৰ্ঘণ্টা নহয়, গ্ৰেপ্তাৰ নকৰাকৈ শিশু-মহিলাসহ ৫ জন লোকক ৬টা দিন লকআপত বন্দী কৰি ৰখা ভয়ংকৰ কাৰ্য সংঘটিত কৰিছে অসম আৰক্ষীয়ে৷ ধুবুৰীৰ বিলাসীপাৰাত অসম আৰক্ষীয়ে মানৱ অধিকাৰ উলংঘনৰ এই নীতি বিৰুদ্ধ কাৰ্য সংঘটিত কৰাক লৈ ক্ষুব্ধ হৈ পৰিছে খোদ উচ্ছ ন্যায়ালয়৷ এই অবিবেচক কাৰ্যৰ বাবে ধুবুৰীৰ আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনক ধমক দিয়া দেখা গ’ল৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতাই৷ লগতে গ্ৰেপ্তাৰ নকৰাকৈ শিশু-মহিলাক লকআপত ৰাখিব নোৱাৰিব বুলি স্পষ্ট কৰি দিছে ন্যায়ালয়ে৷ উল্লেখ্য, ২৪ মে’ৰ নিশা ধুবুৰীৰ বিলাসীপাৰাত এটা গুলীচালনাৰ ঘটনাত বছেৰ আলী নামৰ এজন লোকৰ মৃত্যু হৈছিল৷ এই গুলীচালনাৰ আঁৰত বিলাসীপাৰাৰ চাহজাহান আলী নামৰ আন এজন লোক জড়িত থকা বুলি অভিযোগ উঠিছিল৷ এই সন্দেহতে ২৫ মে’ৰ কাহিলিপুৱা ৪ বজাত এটি দুবছৰীয়া শিশুৰ লগতে মাতৃসহ মুঠ ৫জন লোকক ঘৰৰ শোৱাপাটীৰ পৰা উঠাই লৈ গৈছিল বিলাসীপাৰাৰ আৰক্ষীয়ে৷ এই ৫জনৰ ভিতৰত ৬ বছৰীয়া আন এটি শিশুৰ লগতে ১০ বছৰীয়া এটি কিশোৰো আছিল৷ ২৫ মে’ৰ সন্ধিয়া ৭.৩০ বজাত গুলীচালনাৰ ঘটনাটোক লৈ ধুবুৰী আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰে৷ উক্ত গোচৰৰ এজাহাৰত অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰা বুলি উল্লেখ কৰিছিল৷ নিয়ম অনুসৰি কোনো ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ২৪ ঘণ্টাৰ ভিতৰত আদালতত হাজিৰ কৰোৱাব লাগে৷ কিন্তু বিলাসীপাৰা আৰক্ষীয়ে ১২০ ঘণ্টাৰ পাছতো আটক কৰা লোককেইজনক আদালতত হাজিৰ কৰা নাছিল৷ অৱশ্যে, ৬টা দিনৰ পাছত আটকাধীন ৫ ব্যক্তিৰ ৰছিয়া খাতুন আৰু চাহানুৰ আলমক গ্ৰেপ্তাৰ কৰে৷ ইয়াৰ পাছতেই ৩১ মে’ৰ সন্ধিয়া বিলাসীপাৰা আৰক্ষীয়ে শিশু দুটিসহ কিশোৰজনক ঘৰলৈ যাবলৈ দিয়ে৷ শিশু-কিশোৰ তিনিটাক ৬টা দিনে লকআপত বন্দী কৰি ৰখাৰ সন্দৰ্ভত এখন হেবিয়াছ কৰ্পাছ আবেদন দাখিল হোৱাত বৃহস্পতিবাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ে ধুবুৰীৰ আৰক্ষী অধীক্ষকক এদিনৰ ভিতৰত সোঁ-শৰীৰে আদালতত উপস্থিত থকাৰ নিৰ্দেশ দিয়ে৷ সেই অনুসৰি শুকুৰবাৰৰ শুনানিত এছপি অৰ্পণা নটৰাজন উচ্ছ ন্যায়ালয়ত হাজিৰ হয়৷ ইয়াৰ পাছতেই মুখ্য ন্যায়াধীশ সন্দীপ মেহতাৰ প্ৰশ্ন– গ্ৰেপ্তাৰ নকৰাকৈ শিশু-মহিলাক লকআপত বন্দী কৰি ৰখাৰ এই অধিকাৰ বিলাসীপাৰা আৰক্ষীয়ে ক’ত পালে? এনে অমানৱীয় ঘটনা কেনেকৈ হ’ব পাৰে? কিন্তু এই প্ৰশ্নৰ বিপৰীতে বিসংগতিপূৰ্ণ উত্তৰ দিয়াত এছপি অৰ্পণা নটৰাজনৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰে উচ্ছ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠজন৷ ৩১ মে’ৰ সন্ধিয়া শিশু দুটিসহ ১০ বছৰীয়া কিশোৰটিক এৰি দিলেও ৬টা দিন শিশুকেইটি ক’ত ৰাখিছিল আৰু আইন বহিৰ্ভূত কাম কেনেদৰে কৰে বুলি প্ৰশ্ন কৰি মুখ্য ন্যায়াধীশৰ ধমক– ‘আপুনি এগৰাকী মহিলা হৈয়ো এয়া কেনেদৰে কৰিব পাৰিলে?’ আৰক্ষীৰ ব্যৰ্থতা ঢাকিবলৈ শিশু মহিলাৰ বিৰুদ্ধে এই ব্যৱস্থা লৈছে নেকি বুলি প্ৰশ্ন কৰে মুখ্য ন্যায়াধীশে৷