Logo
image

ব্ৰিজভূষণৰ বিৰুদ্ধে যৌন সুবিধা বিচৰাৰ অভিযোগ মল্লযোদ্ধাৰ

‘আমাৰ অসম’, ৩ জুনঃ  ভাৰতীয় ৰেছলিং ফেডাৰেচনৰ বিতৰ্কিত সভাপতি ব্ৰীজভূষণ চাৰণ সিঙৰ বিৰুদ্ধে ক্ৰমাৎ দেশজুৰি প্ৰতিবাদ আৰম্ভ হ’লেও এতিয়াই তেওঁক সাংসদ পদৰ পৰা আঁতৰোৱাৰ কোনো পৰিকল্পনা নাই শাসনাধিষ্ঠিত বিজেপিৰ৷ স্বয়ং ব্ৰীজভূষণেও  ৰেছলিং ফেডাৰেচনৰ সভাপতিৰ পদ এৰিবলৈ নাৰাজ৷ সেই ক্ষেত্ৰত তেওঁৰ প্ৰতি শাসনাধিষ্ঠিত মোদী চৰকাৰৰ কোনো হেঁচা নাই৷ তদুপৰি ভাৰতীয় অলিম্পিক সংস্থায়ো তেওঁক  গাদী এৰিবলৈ হেঁচা প্ৰয়োগ কৰা নাই৷ নিজকে ব্ৰীজভূষণে ধোৱা তুলসীৰ পাত বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে৷ ঘাইকৈ তেওঁ নিজকে নিৰ্দোষী বুলি দাবী কৰি সেই দাবীৰ জোৰতে গাদী নেৰে বুলি মন্তব্য কৰিছে৷ স্বাভাৱিকতে সেই দিশত ব্ৰীজভূষণে পূৰ্ণ সমৰ্থন লাভ কৰিছে নৰেন্দ্ৰ মোদী চৰকাৰৰ পৰা৷ নৰেন্দ্ৰ মোদী চৰকাৰৰ গৃহমন্ত্ৰণালয়ৰ অৰ্থাৎ অমিত শ্বাহৰ অধীনষ্ঠ দিল্লী আৰক্ষীয়ে ব্ৰীজভূষণৰ বিৰুদ্ধে নিৰ্যাতিতা মল্লযোদ্ধাই দাখিল কৰা এজাহাৰত কোনো নিৰ্দিষ্ট অভিযোগ নাই বুলি মন্তব্য কৰিছে৷ দিল্লী আৰক্ষীৰ মতে নিৰ্দিষ্ট অভিযোগ নথকাৰ বাবেই তেওঁলোকে তদন্তত কোনো দোষৰ প্ৰমাণ বিচাৰি উলিয়াব পৰা নাই৷ অহা পোন্ধৰ দিনৰ ভিতৰত দিল্লী আৰক্ষীয়ে আদালতত তেওঁলোকৰ তদন্তৰ অভিযোগনামা দাখিল কৰিব৷ অভিযোগ অনুসৰি দিল্লী আৰক্ষীয়ে যৌন নিৰ্যাতনৰ প্ৰমাণ নোপোৱা বুলি কৈ ব্ৰীজভূষণক তদন্ততে ‘ক্লীনশ্বিট’ দিব বিচাৰিছে৷ তদুপৰি যিগৰাকী নাবালিকা যৌন নিৰ্যাতনৰ বলি হৈছিল তেওঁ বয়স কমাই নিজকে নাবালিকা প্ৰতিপন্ন কৰি ব্ৰীজভূষণৰ বিৰুদ্ধে ‘পক্‌ছো’ ধাৰা লগোৱাৰ ষড়যন্ত্ৰ কৰা বুলি দিল্লী আৰক্ষীৰ পক্ষৰ পৰাই প্ৰচাৰ কৰা হৈছে৷ সেই অভিযোগ খাৰিজ হোৱাৰ সম্ভাৱনা আছে৷ কিয়নো নাবালিকা মল্লযোদ্ধাগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা তেওঁ নিৰ্যাতনৰ সন্মুখীন হোৱা সময়ত সাবালিকা হোৱা বুলি সাক্ষ্য যোগাৰ কৰিছে দিল্লী আৰক্ষীয়ে৷ এনেদৰে দিল্লী আৰক্ষীৰ প্ৰত্যক্ষ সমৰ্থনত ব্ৰীজভূষণ ক্ৰমাৎ তদন্তৰ সময়তে প্ৰায় সকলো অভিযোগৰ পৰা মুক্ত হৈছে বুলি কংগ্ৰেছে অভিযোগ অনাত এই ভাষ্য দিল্লী আৰক্ষীয়ে আনুষ্ঠানিক নহয় বুলি মন্তব্য কৰিছে৷ কিন্তু দিল্লী আৰক্ষীয়ে যে তেওঁক বচাব খুজিছে সেয়া একপ্ৰকাৰ মুকলি হৈ পৰিছে৷ দিল্লী আৰক্ষীয়ে প্ৰমাণ নথকা বুলি কৰা মন্তব্য আৰু অনুসন্ধানৰ জৰিয়তে তেওঁ মল্লযোদ্ধাক নিৰ্যাতন কৰা বুলি কোনো প্ৰমাণ উলিয়াব নোৱাৰা বিষয়টোৱে ব্ৰীজভূষণক শক্তি প্ৰদান কৰিছে৷

দিল্লী আৰক্ষীয়ে নিৰ্যাতিতা মল্লযোদ্ধাই ৰুজু কৰা এজাহাৰত নিৰ্দিষ্ট অভিযোগ নথকা বুলি কোৱাটো যে মিথ্যাচাৰ সেয়া মুকলি হৈ পৰিছে৷ কিয়নো ব্ৰীজভূষণৰ বিৰুদ্ধে সাতগৰাকী মহিলা মল্লযোদ্ধাই দিল্লী আৰক্ষীৰ ওচৰত ৰুজু কৰা দুখন এজাহাৰ শুকুৰবাৰে ৰাজহুৱা হৈ পৰিছে৷ তাত দেখা গৈছে ৰেছলিং ফেডাৰেচনৰ সভাপতি ব্ৰীজভূষণৰ বিৰুদ্ধে নিৰ্যাতিতা মহিলা মল্লযোদ্ধাই সাতটা নিৰ্দিষ্ট অভিযোগ আনিছে৷ ছগৰাকী নিৰ্যাতিতাই একেলগে এখন আৰু আন এগৰাকী নিৰ্যাতিতাই এককভাৱে আন এখন এজাহাৰ ইতিপূৰ্বে ৰুজু কৰিছিল৷ ছগৰাকী নিৰ্যাতিতা প্ৰাপ্তবয়স্ক হোৱাৰ বাবে তেওঁলোকে একেলগে এখন আৰু আনগৰাকী নাবালিকা হোৱাৰ বাবে তেওঁ এককভাৱে দিল্লী আৰক্ষীৰ ওচৰত পৃথকে এজাহাৰ দাখিল কৰিছিল৷ সেই দুয়োখন এজাহাৰ শুকুৰবাৰে ৰাজহুৱা হৈ পৰিছে আৰু তাত দহটা নিৰ্দিষ্ট অভিযোগ লিখা আছে৷ যোৱা ২৮ এপ্ৰিলত দিল্লী আৰক্ষীৰ ওচৰত ৰুজু কৰা গোচৰৰ এজাহাৰত ব্ৰীজভূষণে মুঠতে সাতগৰাকী মহিলা [এগৰাকী নাবালিকা] মল্লযোদ্ধাক শৰীৰৰ বিভিন্ন অংগত স্পৰ্শ কৰাৰ অভিযোগ স্পষ্টভাৱে উত্থাপন কৰা হৈছে৷ প্ৰাপ্তবয়স্ক ছগৰাকী মল্লযোদ্ধাই এজাহাৰত উল্লেখ কৰা মতে ফেডাৰেচনৰ সভাপতি হোৱাৰ সূত্ৰে ব্ৰীজভূষণে যেতিয়াই তেতিয়াই তেওঁলোকৰ সাক্ষাৎ পায় আৰু ৰেস্তোৰাঁত খাবলৈ লৈ যায়৷ তেনে সময়ত ব্ৰীজভূষণে সেই মহিলা মল্লযোদ্ধাৰ বুকু আৰু পেটত স্পৰ্শ কৰে আৰু তেওঁলোকৰ উৰুত ভৰি উঠাই ৰাখে বুলি অভিযোগ কৰা হৈছে৷ তদুপৰি শ্বাস-প্ৰশ্বাস পৰীক্ষা কৰাৰ নামত প্ৰশিক্ষকৰ অনুপস্থিতিত ব্ৰীজভূষণে মহিলা মল্লযোদ্ধাৰ বুকুত স্পৰ্শ কৰাৰ লগতে কাপোৰৰ ভিতৰলৈ হাত ভৰাই দিয়ে বুলিও অভিযোগ কৰা হৈছে৷ বহু সময়ত  একেলগে ফটো তোলাৰ নামত মল্লযোদ্ধাৰ শৰীৰত তেওঁ আপত্তিজনকভাৱে স্পৰ্শ কৰে আৰু খামুচি ধৰে৷ প্ৰয়োজনীয় ঔষধ আৰু খাদ্য কিনি দিয়াৰ প্ৰলোভন দেখুৱাই তেওঁ সকলো অভিযোগকাৰীৰ বিৰুদ্ধে প্ৰায়ে অশ্লীলতা প্ৰদৰ্শন কৰে৷ তেওঁৰ এই আপত্তিজনক কামকাজত আপত্তি কৰিলেই সেই মহিলা মল্লযোদ্ধাক খেলিবলৈ সুযোগ নিদিয়াৰ ভয় দেখুৱায়৷ সামগ্ৰিকভাৱে তেওঁ খেলুৱৈসকলক জাতীয় দলত স্থান নিদিব বুলি ধমকি দিয়েই এনেধৰণৰ সুযোগ লৈ থাকে৷ এনেদৰে নিৰ্দিষ্ট দিন-বাৰ উল্লেখ কৰি ব্ৰীজভূষণে শ্লীলতা হানি কৰা নিৰ্দিষ্ট ঘটনাৰ বিষয়ে এজাহাৰত অভিযোগ উত্থাপন কৰা সত্ত্বেও দিল্লী আৰক্ষীয়ে কাৰ সাহসত বলীয়ান হৈ অভিযোগকাৰীৰ বিৰুদ্ধে নিৰ্দিষ্ট অভিযোগ নথকা বুলি কৈছে সেই লৈ দেশজুৰি প্ৰশ্ন উত্থাপন হৈছে৷ 

দিল্লীত প্ৰতিবাদী মল্ল যুঁজাৰুসকলক ন্যায় প্ৰদান কৰকঃ যুৱ-ছাত্ৰ পৰিষদ

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তাঃ সমগ্ৰ দেশ তোলপাৰ লগোৱা দেশৰ মল্ল যুঁজাৰুসকলৰ ন্যায় বিছাৰি কৰা দীৰ্ঘদিনীয়া ধাৰাবাহিক আন্দোলনৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷ শুকুৰবাৰে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক ৰাতুল বৰগোঁহাইয়ে কয়– ‘দেশৰ শাসনভাৰ নৰেন্দ্ৰ মোডী চৰকাৰে গ্ৰহণ কৰা দিনৰে পৰা দেশত অপৰাধ, হত্যা, ধৰ্ষণ, নাৰীজনিত অপৰাধ, ৰাজনৈতিক পৃষ্ঠপোষকতাত সংঘটিত অপৰাধৰ ঘটনা বৃদ্ধি পাইছে৷ শেহতীয়াভাৱে দেশৰ মহিলা মল্ল যুঁজাৰুসকলৰ সৈতে শাসনাধিষ্ট দলৰ এগৰাকী সাংসদে সংঘটিত কৰা যৌন নিৰ্যাতনৰ ঘটনাই ইয়াৰ অন্যতম উদাহৰণ৷ বহুব{¨ী প্ৰধান মন্ত্ৰীৰ ‘বেচি বাচাও বেটি পঢ়াও’ আদি শ্লোগানক কাৰ্যত নস্যাৎ কৰি শাসনাধিষ্ট বিজিপি দলৰ এগৰাকী সাংসদে অসংখ্য মহিলাৰ শ্লীলতা হানিৰ ঘটনা সংঘটিত কৰি এতিয়াও মুকলিকৈ ঘূৰি ফুৰিব পৰা বিষয়টোৱে দৰাচলতে নৰেন্দ্ৰ মোডী চৰকাৰখনে নিজ দলৰ কোনো ব্যক্তি যিমানেই ভয়ংকৰ অপৰাধী নহওঁক কিয় তেনে ব্যক্তিক ৰক্ষণাৱেক্ষণ দিয়া কথা স্পষ্টকৈ প্ৰকাশ কৰে৷ তাতোকৈ পৰিতাপৰ বিষয়টো হ’ল যে অপৰাধীক কৰায়ত্ত কৰাটো দূৰৈৰ কথা চৰকাৰখনে অপৰাধীক ৰক্ষণাৱেক্ষণ দি ওলোটাই ভুক্তভোগীসকলে ন্যায় বিচাৰি কৰা আন্দোলন চত্ৰভংগ দিবলৈ আন্দোলনকাৰীৰ ওপৰত জঁপিয়াই পৰি নিৰ্যাতন চলাইছে৷ এখন গণতান্ত্ৰিক দেশত ন্যায় বিচাৰি পৰিণামত নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া ঘটনাতকৈ দুৰ্ভাগ্যজনক ঘটনা হয়তো হ’ব নোৱাৰে৷ মোডী চৰকাৰৰ দিনত দেশত সংঘটিত এনে ঘটনাই কেৱল দেশতেই নহয় বিশ্ববাসীৰ সন্মুখত প্ৰকৃততে লজ্জানত কৰিছে৷ ইফালে ন্যায় বিচাৰি আন্দোলন কৰা দেশৰ মল্ল যুঁজাৰুসকলে নিজৰ সফলতা প্ৰাপ্তিৰ বিভিন্ন পদকসমূহ গংগাত উটুৱাই দি প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা উল্লেখ কৰিছে৷ মল্ল যুঁজাৰুসকলে এনে কঠোৰ পদক্ষেপ চিন্তা চৰ্চা কৰা বিষয়টোৱে প্ৰকৃততে মোডী চৰকাৰৰ অভিমান দৰ্পচূৰ্ণ কৰি গংগাত উটুৱাই দিয়াকে সূচাইছে৷ আচলতে মল্ল যুঁজাৰুসকলে নিজৰ পদক গংগাত উটুৱাই নিদি মোডী চৰকাৰৰ ধৰ্ষণকাৰী সাংসদক গংগাত উটুৱাই দিয়া উচিত৷’ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে কেন্দ্ৰৰ মোডী চৰকাৰখনে দেশৰ মহিলা মল্ল যুঁজাৰুসকলক ন্যায় প্ৰদানৰ বিপৰীতে নিৰ্যাতন কৰা কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিয়ে৷