Logo
image

হজম বৃদ্ধি, ওজন কমাবলৈ নেমু কফি খাব পাৰে

মেদবহুলতা এতিয়া প্ৰায়ভাগ লোকৰ বাবে গুৰুতৰ সমস্যা হৈ পৰিছে৷ মেদবহুলতাৰ লগতে ওজন বৃদ্ধি বিভিন্ন ৰোগৰো কাৰণ হৈ উঠাৰ লগতে বহুতৰ বাবে ই হৈ পৰিছে এক মানসিক সমস্যা৷ বিভিন্ন ধৰণৰ ঔষধ, হেল্‌থ টিপছ আদিৰ সহায় লৈয়ো বহুতে ওজন হ্ৰাস কৰিব নোৱাৰে৷ এনেক্ষেত্ৰত নেমু-কফিৰ সহায় ল’ব পাৰে৷ উল্লেখ কৰা হ’ল ওজন বৃদ্ধি আৰু হজমৰ ক্ষেত্ৰত নেমু-কফিয়ে কৰা উপকাৰিতা–

⬛ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত নেমু কফিয়ে সহায় কৰে৷ কফিত নেমুৰ ৰস দি খালে শৰীৰৰ চৰ্বি বহু পৰিমাণে কমি যায়৷ 

⬛নেম-কফিয়ে মূৰৰ বিষ, ডায়েৰিয়াৰ পৰাও পৰিত্ৰাণ দিয়ে৷ 

⬛কফি আৰু নেমুত বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদান আছে৷ ওজন হ্ৰাসৰ ক্ষেত্ৰত কফি আৰু নেমু দুয়োটাই উপকাৰী৷

⬛কফি হ’ল সৰ্বাধিক ব্যৱহূত পানীয়ৰ ভিতৰত অন্যতম৷ কফিত থকা কেফেইনে হজম শক্তি বৃদ্ধি কৰে৷ তদুপৰি ই কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক উজ্জীৱিত কৰি মস্তিষ্ক শীতল কৰি ৰাখে৷

⬛ নেমুত  প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ থাকে৷ তদুপৰি নেমু হৈছে এণ্টি অক্সিডেণ্টৰ উৎস৷ ই শৰীৰক সতেজ কৰি ৰখাত সহায় কৰে৷ 

নেমু কফিয়ে হজমশক্তি বঢ়ায় 

⬛কফিত থকা কেফেইনে শৰীৰত ভাল প্ৰভাৱ পেলায়৷ মূৰৰ বিষত আক্ৰান্ত হ’লে একাপ নেমু কফি খালেই বিষৰ পৰা উপশম পাব পাৰি৷

⬛হজম শক্তি বৃদ্ধিত নেমু কফিয়ে সহায় কৰে৷

⬛নেমু কফি কিদৰে প্ৰস্তুত কৰিব?

নেমু কফি খাবলৈ হ’লে ব্লেক কফিত নেমুৰ ৰস সংযোগ কৰিব লাগে৷ গাখীৰ দিয়া কফিত নেমুৰ ৰস ভুলতো মিহলি নকৰিব৷ নেমুৰ ৰসৰ লগতে কফিত সামান্য পৰিমাণে নিমখো দিব পাৰে৷