Logo
image

পানী নাই, বিদ্যুৎ নাই! উৎকট গৰমত মহানগৰ যেন নৰক

‘আমাৰ অসম’, ৪ জুনঃ  উৎকট গৰমৰ মাজতে নৰক যন্ত্ৰণাত ভুগিছে মহানগৰবাসীয়ে৷ প্ৰচণ্ড ৰ’দে শৰীৰ দহি নিয়াৰ সময়তে বিদ্যুৎ আৰু খোৱাপানীৰ নাটনিয়ে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে মহানগৰীত৷ গুৱাহাটীৰ জাইকা প্ৰকল্পত জল বিস্ফোৰণৰ পাছতেই প্ৰশাসন তথা চৰকাৰে মহানগৰীত পানী যোগান সাময়িকভাৱে বন্ধ কৰি দিছে৷ খোৱাপানী প্ৰকল্পৰ পানী যোগান বন্ধ কৰি দিয়াত ৰাইজে ব্যক্তিগত ব্যৱসায়ী তথা টেংকাৰৰ পৰা পানী ক্ৰয় কৰিবলগীয়া হৈছে৷ শেহতীয়াকৈ জলব’ৰ্ডে গুৱাহাটীৰ বিভিন্ন অঞ্চলত নিয়মীয়াকৈ পানী যোগানৰ ব্যৱস্থা      কৰাত ব্যক্তিগত গাড়ীয়ে পানী যোগান ধৰা ব্যৱসায় প্ৰায় বন্ধ হৈ পৰিছিল৷ জাইকাৰ জলবিস্ফোৰণৰ পাছত খোৱাপানী যোগান প্ৰকল্প অনিৰ্দিষ্ট কালৰ বাবে বন্ধ হৈ পৰিছে যদিও সেই অঞ্চলসমূহত এতিয়া ব্যক্তিগতভাৱে খোৱাপানী যোগান ধৰা গাড়ী তথা ব্যৱসায়ী পাবলৈ নোহোৱা অৱস্থাৰ সৃষ্টি হৈছে৷ চৰকাৰী পানী যোগান সাময়িকভাৱে বন্ধ কৰি দিয়াত সমগ্ৰ মহানগৰীতে পানী টেংকাৰৰ চাহিদা ব্যাপক হাৰত বৃদ্ধি পোৱা দেখা গৈছে৷ ইয়াৰে সুবিধা লৈ একাংশ অসাধু ব্যৱসায়ীয়ে পানীৰ দাম বৃদ্ধি কৰা পৰিলক্ষিত হৈছে৷ তাৎপৰ্যপূৰ্ণভাৱে খোৱা পানীৰ এই নাটনিৰ মাজতে এইবাৰ বেচৰকাৰী পানী টেংকাৰ তথা ভেনসমূহৰ বিৰুদ্ধে অভিযান চলাইছে পৰিবহণ বিভাগ তথা প্ৰশাসনে৷ নথি-পত্ৰ নথকা পানী পৰিবাহী বাহনসমূহক জৰিমনা বিহাৰ লগতে জব্দও কৰিছে৷ ইফালে, অনুমতিবিহীনভাৱে ব’ৰিং স্থাপন কৰি পানীৰ ব্যৱসায় কৰা প্ৰতিষ্ঠানৰ বিৰুদ্ধেও অভিযান চলাইছে জি এম চিয়ে৷ অৱশ্যে ইয়াৰ মাজতে যিসমূহ প্ৰতিষ্ঠানে বিভাগীয় অনুমতি লৈ পানীৰ ব’ৰিং স্থাপন কৰিছে, সিহঁতেও বিদ্যুতৰ লুকাভাকুৰ বাবে ভূ-গৰ্ভৰ পৰা পানী উত্তোলন কৰিবলৈ সক্ষম হোৱা নাই৷ ফলত গুৱাহাটী মহানগৰবাসীয়ে ভয়ংকৰ খোৱা পানী সংকটত ভুগিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ প্ৰখৰ ৰ’দৰ মাজত খোৱাপানীৰ এই সমস্যাই জলা-কলা খুওৱাত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে গুৱাহাটীবাসীয়ে৷ ইফালে, পৰিবহণ বিভাগে ব্যক্তিগতভাৱে পানী যোগান ধৰা বাহনক জৰিমনা বিহাত শনিবাৰে হাতীগাঁৱত ৰাজপথত পানীৰ বাহনসমূহ শাৰী-শাৰীকৈ ৰখাই প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক ব্যৱসায়ী তথা চালকে৷ আগতীয়াকৈ কোনো জাননী নিদিয়াকৈ পৰিবহণ বিভাগক এনে অভিযানৰ পৰা বিৰত থাকিবলৈও দাবী জনায় প্ৰতিবাদকাৰীসকলে৷ প্ৰতিবাদকাৰীসকলৰ অভিযোগ জৰিমনাৰ নামত পৰিবহণ বিভাগে ২৫-৭০ হাজাৰ টকা পৰ্যন্ত সংগ্ৰহ কৰিছে৷ ইফালে, গুৱাহাটীত ব্যক্তিগত পানী যোগান বন্ধ কৰা বুলি চৰ্চা লাভ কৰাত শনিবাৰে জিএমচিৰ মেয়ৰ মৃগেন শৰণীয়াই ব্যক্তিগত পানীযোগান ব্যৱস্থা বন্ধ নহয় বুলি জানিবলৈ দিছে৷ ৰাইজৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি পৰিবহণ বিভাগৰ অভিযান এতিয়াৰে পৰা শিথিল হ’ব বুলিও জানিবলৈ দিছে মেয়ৰে৷ আনহাতে, ৫ জুনৰ পৰা জলব’ৰ্ডে গুৱাহাটীত খোৱাপানী যোগান পুনৰ আৰম্ভ কৰাৰো আশা ব্যক্ত কৰিছে৷

মহানগৰবাসীৰ বাবে পৰ্যাপ্ত খোৱাপানী যোগান ধৰকঃ চি পি আই [এম]

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তাঃ চিপিআই[এম]ৰ কামৰূপ মহানগৰ জিলা কমিটীয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰি কয়–— যে শাসকীয় বিজেপি মিত্ৰজোঁট চৰকাৰে পুনৰবাৰ বিদ্যুৎ মাছুল বৃদ্ধি কৰি জনতাৰ ওপৰত মাধমাৰ সোধাইছে৷ এপিডিচিএলে বিভিন্ন শ্ৰেণীৰ গ্ৰাহকৰ ওপৰত ইন্ধনৰ মূল্য বৃদ্ধিৰ দোহাই দি প্ৰতি ইউনিটত ৩০ পইচাৰ পৰা ৭০ পইচা পৰ্যন্ত অতিৰিক্ত বিদ্যুৎ মাছুল সংগ্ৰহ কৰিছে৷ বিদ্যুৎ গ্ৰাহকৰ ক্ষোভ আৰু অসন্তুষ্টিৰ মাজতে পহিলা জুনৰ পৰা বিদ্যুতৰ ফিক্সড চাৰ্জো বৃদ্ধি কৰিছে৷ এপিডিচিএলে জাৰি কৰা নিৰ্দেশনা অনুসৰি জীৱন ধাৰাৰ গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত ৩০ পইচাকৈ আৰু অন্যান্য উপভোক্তাৰ বাবে প্ৰতি ইউনিটত ৭০ পইচাকৈ বৃদ্ধি কৰা হৈছে৷ জাননী অনুসৰি ১২০ ইউনিট ব্যৱহাৰ কৰা গ্ৰাহকে প্ৰতি ইউনিটত ৫.২৫ টকাকৈ, ১১১-২০০ ইউনিট ব্যৱহাৰ কৰাসকলে ৭.৩০ টকাকৈ আৰু ৫.৩০ কিলোৱাট ব্যৱহাৰ কৰা গ্ৰাহকে দিব লাগিব ৮.৬০ টকাকৈ৷ ইয়াৰোপৰি বাণিজ্যিক গ্ৰাহকে দিব লাগিব ৭.৬০ টকাকৈ৷ ইতিমধ্যে নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলত জুৰুলা হোৱা ৰাইজৰ ওপৰত চৰকাৰে আকৌ বোজা জাপি দিলে৷ বিভাগীয় মন্ত্ৰীজনে উন্নয়ন হ’বলৈ হ’লে আমি মাছুল বৃদ্ধি কৰিবলৈ বাধ্য বুলি তুলুঙা যুক্তি আগবঢ়াইছে৷ স্মাৰ্ট মিটাৰ সংযোগৰ পাছত অত্যাধিক বিদ্যুতৰ বিল অহাত ৰাজ্যজুৰি জনতাই বিক্ষোভ কৰাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল যে এপিডিচিএলে সকলো গ্ৰাহকৰে অভিযোগ মীমাংসা কৰিব৷ কিন্তু অভিযোগ মীমাংসা কৰাৰ সলনি পুনৰ মাছুল বৃদ্ধিহে কৰা হ’ল৷ চিপিআইৰ দলৰ কামৰূপ মহানগৰ জিলা কমিটীয়ে এই মাছুল বৃদ্ধি প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়৷ আনহাতে, ২৫ মে’ত খাৰঘুলিত হোৱা জল বিস্ফোৰণৰ পিছত পানী যোগান প্ৰকল্পৰ লগত সংলগ্ন অঞ্চলৰ ৰাইজে পানীৰ অভাৱত জীয়াতু ভুগিছে৷ পানীৰ অভাৱৰ কাৰণে প্ৰতিদিনে ৰাইজৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে৷ এই অঞ্চলসমূহত যেতিয়ালৈকে পানী প্ৰকল্পটো সম্পূৰ্ণ হৈ নুঠে তেতিয়ালৈকে অঞ্চলভিত্তিত চৰকাৰ বা সংশ্লিষ্ট বিভাগে টেংকাৰেৰে পানী যোগান ধৰাৰ বাবে দাবী কৰে৷ ইয়াৰ লগে লগে ২০০৯ চনতেই আৰম্ভ হোৱা পানী যোগান প্ৰকল্পসমূহৰ কাম শীঘ্ৰে সম্পন্ন কৰি গুৱাহাটী মহানগৰবাসীক বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ চিপিআই[এম]এ দাবী জনায়৷ আনহাতে বিভিন্ন বয়-বস্তুৰ দাম ভয়াৱহভাৱে বৃদ্ধি কৰি নাগৰিকক লুণ্ঠন কৰাৰ এটা সুযোগ গঢ়ি দিয়াৰ পিছতো পুনৰ পৌৰ কৰ বৃদ্ধি কৰি চৰকাৰে জনসাধাৰণক কোঙা কৰি দিয়াৰ ব্যৱস্থা কৰিছে৷ চি পি আই [এম]ৰ কামৰূপ জিলা কমিটীয়ে এইধৰণে জনসাধাৰণক লুণ্ঠন কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰাৰ দাবী উত্থাপন কৰে৷