Logo
image

অসমৰ পৰা যাবলগীয়া ৫খন ৰে’লৰ যাত্ৰা বাতিল

‘আমাৰ অসম’, ৪ জুনঃ দক্ষিণ পূব ৰে’লৱেৰ অন্তৰ্গত ওড়িশাৰ খড়গপুৰ আৰু ভদ্ৰক খণ্ডৰ মাজত শুকুৰবাৰে নিশা কৰমণ্ডল এক্সপ্ৰেছ লাইনচ্যুত হৈ তিনি শতাধিক যাত্ৰী নিহত হোৱা আৰু কেবা শতাধিক যাত্ৰী আহত হৈ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷ ইফালে শোকাবহ ৰে’ল দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত দক্ষিণ ভাৰতলৈ যাবলগীয়া ৰে’লৰ চলাচলত বিৰূপ প্ৰভাব পৰিছে৷ ফলত সেই খণ্ডটোৰে যাবলগীয়া   অৰ্ধ শতাধিক ৰে’লৰ চলাচল বাতিল কৰিবলগীয়া হৈছে৷ য’ত অসমৰ পৰা দক্ষিণ ভাৰতলৈ চলাচল কৰা পাঁচখনকৈ দূৰণিবটীয়া ৰে’ল আছে৷ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে’ই জানিবলৈ দিয়া মতে অসমৰ পৰা বাতিল হোৱা ৰে’ল পাঁচখন হ’ল ক্ৰমে–শনিবাৰে যাত্ৰা কৰিবলগীয়া ২২৫১২ কামাখ্যা-লোকমান্য তিলক টাৰ্মিনেল কৰ্মভূমি এক্সপ্ৰেছ, ২২৫০৪ ডিব্ৰুগড়-কন্যাকুমাৰী বিবেক এক্সপ্ৰেছ আৰু ০৬০৭৪ ৰঙাপাৰা নৰ্থ ইৰোড জংচনৰ মাজত চলাচল কৰা বিশেষ ৰে’ল৷ ইফালে অহা ৬ জুনত যাত্ৰা কৰিবলগীয়া ১২৫১০ গুৱাহাটী এছ এম ভি টি বেংগালুৰু এক্সপ্ৰেছ আৰু ৭ জুনত যাত্ৰা কৰিবলগীয়া ১২৫৫২ কামাখ্যা-এছ এম ভি টি বেংগালুৰু এক্সপ্ৰেছৰ চলাচল বাতিল কৰা হৈছে৷ অৱশ্যে সেই ৰে’লপথচোৱাৰে কেতিয়ালৈ ৰে’ল চলাচল কৰিব তাক ৰে’লৱে কতৃৰ্পক্ষই এই পৰ্যন্ত সদৰি কৰা নাই৷ ইফালে শনিবাৰে অসমৰ পৰা দক্ষিণ ভাৰতলৈ যাবলগীয়া তিনিখনকৈ ৰে’লৰ যাত্ৰা হঠাতে বাতিল কৰিবলগীয়া হোৱাত তিনি সহস্ৰাধিক যাত্ৰীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়৷ কিয়নো তিনিখন ৰে’লতে যাত্ৰা কৰিবলগীয়া যাত্ৰীসকলৰ বেছিভাগেই আহি ৰে’ল ষ্টেছনত উপস্থিত হৈ ৰে’ল বাতিল হোৱাৰ বিষয়ে অৱগত হয়৷