Logo
image

৪ বছৰীয়া হ’ব স্নাতক পাঠ্যক্ৰম স্নাতকোত্তৰ হ’ব এবছৰীয়া

‘আমাৰ অসম’, ৪ জুনঃ আজিৰে পৰা ৰাজ্যত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন হ’ল ৰাষ্ট্ৰীয় শিক্ষানীতি [এন ই পি] ২০২০৷ ডেৰ বছৰীয়া প্ৰস্তুতিৰ অন্তত শনিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা ভৱনত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০১ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ উল্লেখ্য যে এন ই পি অনুসৰি ২০২৩-২৪ শিক্ষা বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে৷ সেই অনুসৰি এতিয়াৰে পৰা ডিগ্ৰী পাঠ্যক্ৰম তিনি বছৰৰৰ পৰিৱৰ্তে চাৰি বছৰীয়া হ’ব৷ আনহাতে এবছৰীয়া হ’ব স্নাতকোত্তৰ মহলা৷ ৰাজ্যৰ প্ৰতিখন বিশ্ববিদ্যালয়ৰ চৌহদতে  উপলব্ধ হ’ব স্নাতক মহলা৷ ইয়াৰ বাবে বিধানসভাৰ পৰৱৰ্তী অধিৱেশনত প্ৰয়োজনীয় সংশোধনী বিধেয়ক অনা হ’ব৷ চলিত বছৰৰ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া শিক্ষাবৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ে নতুন শিক্ষানীতিৰ আধাৰত চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম আৰম্ভ কৰিব৷ ইয়াৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়–‘ৰাষ্ট্ৰীয় শিক্ষানীতি উদ্বোধন কৰাৰ বাবে আজিৰ দিনটো আমাৰ বাবে এক ঐতিহাসিক মুহূৰ্ত৷  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ পৰ্যায়ত ৰূপায়ণৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ অসমতো ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ ৰূপায়ণৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টাই সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে৷ ব্যক্তি বিকাশৰ যাত্ৰাত শিক্ষাৰ দুটা মুল লক্ষ্যৰ প্ৰতি ধাৱমান হব লাগে৷ এটা হল জ্ঞানৰ সাধনা আৰু আনটো চৰিত্ৰ গঠন৷ নৱ প্ৰজন্মৰ মাজত দেশপ্ৰেম, ন্যায়পৰণতা, শৃংখলা বোধৰ বাবে জ্ঞান লাভ কৰিব পাৰে লগতে নৱপ্ৰজন্মৰ মাজত গৱেষণা প্ৰতি সৃষ্টি কৰিব লাগিব৷ নৱপ্ৰজন্মৰ মাজত জিজ্ঞাসা, কৌতূহল আৰু বিশ্লেষণাত্মক দৃষ্টিভংগী প্ৰবল কৰি তুলিবলৈ গৱেষণাৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰিব লাগিব৷ আমাৰ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনিসমূহৰ উপযুক্ত ব্যৱহাৰৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলৰ বহুমুখী দক্ষতা বিকাশৰ ক্ষেত্ৰত আমি সকলোৱে গুৰুত্ব প্ৰদান কৰিব লাগিব৷ তদুপৰি শৈক্ষিক ব্যৱস্থাৰ বিকাশৰ ক্ষেত্ৰত উপাচাৰ্যসকলক এক উপযুক্ত উমৈহতীয়া শৈক্ষিক পৰিকাঠামো গ্ৰহণ কৰাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ৷ লগতে শিক্ষা ব্যৱস্থাক এক নতুন ৰূপত গঢ় দি পৰিৱৰ্তিত সময়ৰে খাপ খোৱাকৈ মানৱ সম্পদৰূপে গঢ় দিয়াৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ সময় আহি পৰিছে৷’ লগতে ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে, এই নতুন শিক্ষা নীতিয়ে শিক্ষাৰ্থীৰ বহুমুখী বিকাশ সাধনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে৷ এই নীতি অনুসৰি যিকোনো বিভাগৰ শিক্ষাৰ্থীয়ে যিকোনো বিষয় অধ্যয়ন কৰিব পাৰিব৷ কলা, বিজ্ঞান, বাণিজ্য তিনিওটা বিভাগ সকলো মহাবিদ্যালয়ত থাকিব৷ যিসমূহ কলেজত এই তিনিওটা বিভাগ নাই সেই সমূহ কলেজত ইয়াৰ ব্যৱস্থা কৰিব৷ ইয়াৰোপৰি তেওঁ কয়, নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ লক্ষ্য হৈছে নতুন ভাৰত গঢ়া৷ মুখ্যমন্ত্ৰীয়ে ভাষণত কলেজসমূহে মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি উল্লেখ কৰি কয়, নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি শিক্ষাৰ্থী এজনে কলেজত ডিগ্ৰীৰ তৃতীয় বছৰত শিক্ষা আধাতে এৰি যাব পাৰিব৷ পুনৰ তিনি বছৰ পিচত উভতি আহি বাকী এবছৰৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ সুযোগ লাভ কৰিব৷ ইফালে মহাবিদ্যালয়সমূহত গৱেষণামূলক বা আন বিষয়ৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ দিনৰ ২ বজাৰ পাছৰ সময়খিনি ব্যৱহাৰ কৰিব লাগিব বুলি কয়৷ লগতে তেওঁ ২ মাহৰ মূৰে মূৰে ৰাজ্যৰ বিশ্ববিদ্যালয়কেইখনৰ উপাচাৰ্যসকল একত্ৰিত হৈ শৈক্ষিক ক্ষেত্ৰৰ উন্নয়ৰ বাবে বিভিন্ন আলোচনাত মিলিত হোৱাৰ পৰামৰ্শ আগবঢ়ায়৷ ইফালে অদ্যাপি নাকৰ মূল্যায়ন নকৰা ৰাজ্যৰ ৯০ খন মহাবিদ্যালয়ক এইবছৰৰ ভিতৰত মূল্যায়ন সম্পূৰ্ণ কৰিবলৈ শেষ সকীয়নি দি মুখ্যমন্ত্ৰীয়ে কয় যে এই চৰকাৰখনৰ মানসিক দৃঢ়তা ইমানেই প্ৰৱল যে আপোনালোকে কেতিয়াও নাভাবিব যে চৰকাৰৰ দায়ৱদ্ধৰ আৰোপ কৰিব নোৱাৰিব৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৰৈ আদৰণি ভাষণেৰে আৰম্ভ হোৱা সভাত ভাষণ দি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই অনুষ্ঠানত কয়, নতুন শিক্ষা নীতিত মাল্টিপল এণ্ট্ৰি আৰু এগ্‌জিট ব্যৱস্থা থাকিব৷ লগতে তেওঁ এতিয়াৰে পৰা স্কুল লিভিং দশম শ্ৰেণীৰ পৰিৱৰ্তে দ্বাদশ শ্ৰেণীতহে হ’ব বুলি উল্লেখ কৰিছে৷ ৰাজ্যৰ শিক্ষা উপদেষ্টা ড॰ ননীগোপাল মহন্তই কয়, ২০২১ চনৰ পৰাই ৰাজ্যত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰয়োগৰ চেষ্টা চলাই থকা হৈছিল৷